--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সংস্থা পতঞ্জলীৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰাখণ্ড চৰকাৰে। উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু ইউনানি লাইচেন্চিং অথ’ৰিটিয়ে পতঞ্জলীৰ কেইবাটাও ঔষধৰ বিক্ৰী আৰু উৎপাদন নিষেধ কৰিছে।

 

জানিব পৰা মতে, দিব্যা ফাৰ্মেচিকত তৈয়াৰ কৰা পতঞ্জলীৰ পাঁচটাকৈ ঔষধ নিষিদ্ধ কৰা হৈছে। তদুপৰি সংস্থাটোক বিপিঘৃত, মধুঘৃত, থাইৰোঘৃত, লিপিডোম আৰু আইঘৃত গ’ল্ড টেবলেটৰ উৎপাদন বন্ধ কৰিবলৈ দাবী জনোৱা হৈছে।

 

এইসমূহ ঔষধ পতঞ্জলীে ৰক্চতাপ, ডায়েবেটিছ, গয়টাৰ, গ্লুকোমা, উচ্চ কোলেষ্টৰেল নিৰাময়ৰ বাবে ৰোগীক প্ৰদান কৰি আহিছে। সেই অনুসৰি ব্যাপক হাৰত ঔষধসমূহৰ বিজ্ঞাপনো প্ৰস্তুত চলি আহিছে।

 

 

কিন্তু এই ঔষধসমূহক কোনো পৰীক্ষা অবিহনেই প্ৰচলন কৰি অহা বুলি উত্তৰাখণ্ড চৰকাৰে অভিযোগ কৰিছে। ঔষধসমূহৰ বিজ্ঞাপনসমূহতো পৰ্যাপ্ত সত্যতা নাই বুলি দাবী কৰা হৈছে।

 

ইয়াৰ পূৰ্বেও কেৰেলাৰ এজন চিকিৎসকে পতঞ্জলীৰ বিৰুদ্ধে এই অভিযোগ কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে উত্তৰাখণ্ড চৰকাৰে এই পদক্ষেপ লৈছে।

 

কোৱা হৈছে যে ঔষধসমূহৰ বাবে নতুনকৈ উত্তৰাখণ্ড চৰকাৰৰ অনুমোদন ল’ব লাগিব। তাৰপাছতহে এইসমূহ উৎপাদন কৰিব পাৰিব। তদুপৰি বিজ্ঞাপনসমূহো শীঘ্ৰেই বন্ধ কৰিবলৈ কোৱা হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু