--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনীতি ক্ৰম বিকাশমান হৈ থকা বুলি চলি থকা আলোচনাৰ মাজতে দিল্লীত আহি  উপস্থিত হৈছে মাৰ্কিন কোষাগাৰ সচিব জেনেট য়েলেন। দিল্লীত উপস্থিত হোৱাৰ পিছতে মাৰ্কিন কোষাগাৰ সচিবগৰাকীয়ে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয়।ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্বৰ ৯ম সংখ্যক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনে আজি নতুন দিল্লীত এক আলোচনাত মিলিত হয়। 

ইয়েলেন দিনজোৰা ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ নতুন দিল্লীত উপস্থিত হৈছে।   বিত্ত মন্ত্ৰালয়ে এক টুইটযোগে কয়, "কেন্দ্ৰীয় বিত্ত মন্ত্ৰী  এন সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব ড০ জেনেট য়েলেনে আজি নতুন দিল্লীত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰীত্ব ইএফপিৰ ৯ ম সংখ্যক  বৈঠকৰ পূৰ্বে বৈঠকত মিলিত হয়।" 

মন্ত্ৰালয়ে কয় যে ৯ ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকত দুয়োপক্ষই জলবায়ু, বিত্ত, বহুপাক্ষিক বিষয়, জি-২০ত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰিব। ভাৰতৰ অংশীদাৰিত্ব, কৰ, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, গোলকীয় অৰ্থনীতি আৰু সামগ্ৰীক অৰ্থনৈতিক দৃষ্টিভংগীৰ বিষয়েও এই বৈঠকত আলোচনা হ’ব। মন্ত্ৰালয়ে কয়, "৯ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকৰ সময়ত নিৰ্মলা সীতাৰমণ আৰু ড০ জেনেট য়েলেনেও শীৰ্ষ ব্যৱসায়িক নেতা আৰু বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায় আৰু অৰ্থনৈতিক সুযোগ সম্পৰ্কীয় এক বাৰ্তালাপত অংশগ্ৰহণ কৰিব।" ই

য়েলেনে এক টুইটযোগে কয় যে ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী কৰা,গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্পৰ্ক আৰু অংশীদাৰী মূল্যবোধৰ জৰিয়তে গভীৰ সম্পৰ্ক স্থাপন কৰাত আমেৰিকাই গুৰুত্ব দিছে। "আমেৰিকা-ভাৰত অৰ্থনৈতিক সম্পৰ্কৰ এক আধাৰশিলা হৈছে আমাৰ কোম্পানীবোৰে উভয় দেশতে  কৰা বিনিয়োগ। আজি মাইক্ৰছফ্ট ইণ্ডিয়া ডেভেলপমেণ্ট চেণ্টাৰত তেওঁলোক দুয়োৱে  কথা পাতে।এই বৈঠকে ভাৰত-মাৰ্কিন সম্পৰ্ক গভীৰ কৰিব বুলিও ইয়েলেনে আন এটা টুইটত কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক