--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনীতি ক্ৰম বিকাশমান হৈ থকা বুলি চলি থকা আলোচনাৰ মাজতে দিল্লীত আহি  উপস্থিত হৈছে মাৰ্কিন কোষাগাৰ সচিব জেনেট য়েলেন। দিল্লীত উপস্থিত হোৱাৰ পিছতে মাৰ্কিন কোষাগাৰ সচিবগৰাকীয়ে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয়।ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্বৰ ৯ম সংখ্যক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনে আজি নতুন দিল্লীত এক আলোচনাত মিলিত হয়। 

ইয়েলেন দিনজোৰা ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ নতুন দিল্লীত উপস্থিত হৈছে।   বিত্ত মন্ত্ৰালয়ে এক টুইটযোগে কয়, "কেন্দ্ৰীয় বিত্ত মন্ত্ৰী  এন সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব ড০ জেনেট য়েলেনে আজি নতুন দিল্লীত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰীত্ব ইএফপিৰ ৯ ম সংখ্যক  বৈঠকৰ পূৰ্বে বৈঠকত মিলিত হয়।" 

মন্ত্ৰালয়ে কয় যে ৯ ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকত দুয়োপক্ষই জলবায়ু, বিত্ত, বহুপাক্ষিক বিষয়, জি-২০ত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰিব। ভাৰতৰ অংশীদাৰিত্ব, কৰ, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, গোলকীয় অৰ্থনীতি আৰু সামগ্ৰীক অৰ্থনৈতিক দৃষ্টিভংগীৰ বিষয়েও এই বৈঠকত আলোচনা হ’ব। মন্ত্ৰালয়ে কয়, "৯ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকৰ সময়ত নিৰ্মলা সীতাৰমণ আৰু ড০ জেনেট য়েলেনেও শীৰ্ষ ব্যৱসায়িক নেতা আৰু বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায় আৰু অৰ্থনৈতিক সুযোগ সম্পৰ্কীয় এক বাৰ্তালাপত অংশগ্ৰহণ কৰিব।" ই

য়েলেনে এক টুইটযোগে কয় যে ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী কৰা,গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্পৰ্ক আৰু অংশীদাৰী মূল্যবোধৰ জৰিয়তে গভীৰ সম্পৰ্ক স্থাপন কৰাত আমেৰিকাই গুৰুত্ব দিছে। "আমেৰিকা-ভাৰত অৰ্থনৈতিক সম্পৰ্কৰ এক আধাৰশিলা হৈছে আমাৰ কোম্পানীবোৰে উভয় দেশতে  কৰা বিনিয়োগ। আজি মাইক্ৰছফ্ট ইণ্ডিয়া ডেভেলপমেণ্ট চেণ্টাৰত তেওঁলোক দুয়োৱে  কথা পাতে।এই বৈঠকে ভাৰত-মাৰ্কিন সম্পৰ্ক গভীৰ কৰিব বুলিও ইয়েলেনে আন এটা টুইটত কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু