--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনে লাগে যেন শ্বোয়াইব মালিক আৰু বিতৰ্ক একেটা মূদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছে। ক্ৰিকেটাৰগৰাকীয়ে প্ৰায়ে কোনোবা নহয় কোনোবা কাৰণত নেতিবাচক বিষয়ত লাইমলাইট আকৰ্ষণ কৰি আছে। শেহতীয়াকৈ আইজাজ আছলাম আৰু নাদিয়া খানে আয়োজন কৰা ৰমজানৰ অনুষ্ঠানত পাকিস্তানী অভিনেত্ৰী নৱাল ছাইদে প্ৰকাশ কৰিছিল যে তেওঁ ইনষ্টাগ্ৰামত ক্ৰিকেটাৰজনৰ পৰা ফ্লাৰ্টী টেক্সট মেছেজ লাভ কৰি আহিছে।

নৱালে লগতে কয় যে তেওঁ কাৰো নাম ল’ব নোৱাৰে, কিন্তু এজন ক্ৰিকেটাৰে তেওঁক অবিৰতভাৱে মেছেজ কৰি আহিছে, এইটোক ঠিক যেন নালাগে। কয়- ''আমি ক্ৰিকেটাৰসকলক অতিশয় সন্মান কৰো, আৰু তেওঁলোকে সেই অনুসৰি আচৰণ কৰিব লাগিব।’’ 

শ্ব’টোৰ অতিথিসকলে তেওঁক কোনজন ক্ৰিকেটাৰৰ কথা কৈছে বুলি সুধিছিল যদিও নাদিয়াই পোনপটীয়াকৈ নৱালক শোৱেইব মালিক নেকি বুলি সোধালৈকে নৱালে নামটো প্ৰকাশ নকৰিলে। যদিও, নৱালে মৌখিকভাৱে মানি লোৱা নাছিল, তাই হাঁহি এটা মাৰি পৰোক্ষভাৱে প্ৰকাশ কৰিছিল যেন সঁচাকৈয়ে সেইজন ক্ৰিকেটাৰ।

নৱল ছাইদ এগৰাকী উদীয়মান পাকিস্তানী অভিনেত্ৰী যিয়ে ২০১৭ চনত য়াকিন কা ছাফাৰ ছবিত চুটি চৰিত্ৰত অভিনয় কৰি উদ্যোগটোত আত্মপ্ৰকাশ কৰিছিল। তেতিয়াৰ পৰাই এজাবান, ফৰিয়াদ, সীতাম, দিল ই বীৰান, দাঘ ই দিল, মাহ ই তামাম আদি নাটকত অভিনয় কৰি আহিছে। বৰ্তমান নৱালক দেখা গৈছে জান ই জাহান শ্ব’ত, য’ত তেওঁৰ ৰহস্যময় আৰু কুটিল অভিনয়ক দৰ্শকে ভাল পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ