--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত বজাৰত প্ৰচলন বন্ধ হ’ব ২,০০০ টকীয়া নোটৰ। এনে সময়তে বহুতৰে মনত প্ৰশ্ন জাগিছে বজাৰত পুনৰ ১,০০০ টকীয়া নোটৰ প্ৰচলন কৰা হ’ব নেকি? এই বিষয়ত সামাজিক মাধ্যমতো বিভিন্ন কথা বিয়পি পৰিছে। 

বজাৰৰ পৰা  ২,০০০ টকাৰ নোট নিষিদ্ধ হোৱাৰ পিছত দেশবাসীৰ হাতত উচ্চমূল্যৰ নোট বুলিবলৈ কেৱল ৫০০ টকীয়া নোট খনহে থাকিব। সেয়ে  বজাৰত  পুনৰ ১,০০০ টকাৰ নোট প্ৰচলন হ’ব পাৰে বুলি বহুতে ধাৰণা কৰিছে। এনে অনুমাণ আৰু ধাৰণাৰ মাজতে  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে যদিও ২,০০০ টকাৰ নোট প্ৰত্যাহাৰ কৰা হৈছে তথাপি নতুন ১,০০০ টকাৰ নোট প্ৰৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। এই বিষয়ত ৰিজাৰ্ভ বেংকৰ কোনো পৰিকল্পনাও নাই। 

উল্লেখ্য সাত বছৰ আগলৈকে   দেশত হাজাৰ টকাৰ নোট প্ৰচলিত হৈ আছিল। ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে ৫০০ আৰু ১,০০০ টকাৰ নোট বিমুদ্ৰাকৰণ কৰিছিল। তাৰ পিছতে  বজাৰলৈ নতুন ২,০০০  টকাৰ নোট আহিছিল। কিন্তু চৰকাৰে এইবাৰ বজাৰৰ পৰা ২,০০০ টকাৰ নোট  প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। 

এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"এনে পৰিস্থিতিত দেশত পুনৰ ১,০০০  টকাৰ নোট প্ৰৱৰ্তন কৰা হ'ব নে নাই সেই সন্দৰ্ভত বিভিন্ন মহলত আলোচনা হৈছে। অৱশ্যে  ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে আজি এই বিষয়ত স্থিতি স্পষ্ট কৰি দিয়াৰ পিছতে সকলো ধাৰণাৰ যেন অন্ত পৰিল। 

শক্তিকান্ত দাসে কয়, "এয়া সকলো অনুমানহে। ১,০০০ টকাৰ নোট পুনৰ প্ৰৱৰ্তন কৰাৰ এতিয়াও কোনো পৰিকল্পনা কৰা হোৱা  নাই। ২০১৬  চনত বিমুদ্ৰাকৰণৰ পিছত বজাৰত নোটৰ অধিক  যোগান ধৰাৰ বাবে ২,০০০ টকাৰ নোট প্ৰৱৰ্তন কৰা হৈছিল। বৰ্তমান, অন্যান্য নোটৰ যোগান যথেষ্ট। সেয়েহে ২০১৮-১৯ বৰ্ষত, ২,০০০  টকাৰ নোট ছপা কৰা বন্ধ কৰা হৈছিল।’’










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ