--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত বজাৰত প্ৰচলন বন্ধ হ’ব ২,০০০ টকীয়া নোটৰ। এনে সময়তে বহুতৰে মনত প্ৰশ্ন জাগিছে বজাৰত পুনৰ ১,০০০ টকীয়া নোটৰ প্ৰচলন কৰা হ’ব নেকি? এই বিষয়ত সামাজিক মাধ্যমতো বিভিন্ন কথা বিয়পি পৰিছে। 

বজাৰৰ পৰা  ২,০০০ টকাৰ নোট নিষিদ্ধ হোৱাৰ পিছত দেশবাসীৰ হাতত উচ্চমূল্যৰ নোট বুলিবলৈ কেৱল ৫০০ টকীয়া নোট খনহে থাকিব। সেয়ে  বজাৰত  পুনৰ ১,০০০ টকাৰ নোট প্ৰচলন হ’ব পাৰে বুলি বহুতে ধাৰণা কৰিছে। এনে অনুমাণ আৰু ধাৰণাৰ মাজতে  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে যদিও ২,০০০ টকাৰ নোট প্ৰত্যাহাৰ কৰা হৈছে তথাপি নতুন ১,০০০ টকাৰ নোট প্ৰৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। এই বিষয়ত ৰিজাৰ্ভ বেংকৰ কোনো পৰিকল্পনাও নাই। 

উল্লেখ্য সাত বছৰ আগলৈকে   দেশত হাজাৰ টকাৰ নোট প্ৰচলিত হৈ আছিল। ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে ৫০০ আৰু ১,০০০ টকাৰ নোট বিমুদ্ৰাকৰণ কৰিছিল। তাৰ পিছতে  বজাৰলৈ নতুন ২,০০০  টকাৰ নোট আহিছিল। কিন্তু চৰকাৰে এইবাৰ বজাৰৰ পৰা ২,০০০ টকাৰ নোট  প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। 

এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"এনে পৰিস্থিতিত দেশত পুনৰ ১,০০০  টকাৰ নোট প্ৰৱৰ্তন কৰা হ'ব নে নাই সেই সন্দৰ্ভত বিভিন্ন মহলত আলোচনা হৈছে। অৱশ্যে  ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে আজি এই বিষয়ত স্থিতি স্পষ্ট কৰি দিয়াৰ পিছতে সকলো ধাৰণাৰ যেন অন্ত পৰিল। 

শক্তিকান্ত দাসে কয়, "এয়া সকলো অনুমানহে। ১,০০০ টকাৰ নোট পুনৰ প্ৰৱৰ্তন কৰাৰ এতিয়াও কোনো পৰিকল্পনা কৰা হোৱা  নাই। ২০১৬  চনত বিমুদ্ৰাকৰণৰ পিছত বজাৰত নোটৰ অধিক  যোগান ধৰাৰ বাবে ২,০০০ টকাৰ নোট প্ৰৱৰ্তন কৰা হৈছিল। বৰ্তমান, অন্যান্য নোটৰ যোগান যথেষ্ট। সেয়েহে ২০১৮-১৯ বৰ্ষত, ২,০০০  টকাৰ নোট ছপা কৰা বন্ধ কৰা হৈছিল।’’










FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ