--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ পালামুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ গোচৰ। এগৰাকী ১২ বছৰীয়া ছোৱালীৰ বিবাহকাৰ্য সম্পন্ন হৈ আছিল এগৰাকী ৪৫ বছৰীয়া পুৰুষৰ লগত। সেই সময়তে কোনোবাই এই বিষয়ে আৰক্ষীক অৱগত কৰিলে। এই তথ্য পোৱাৰ লগে লগে আৰক্ষী, চি ডব্লিউ চি আৰু চাইল্ডলাইনে যৌথভাৱে ব্যৱস্থা গ্ৰহণ কৰে। এই বিবাহকাৰ্য লগালগ স্থবিৰ কৰাই দিয়া হয়।

দৰাজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। একে সময়তে ছোৱালীজনীক ছোৱালীজনীৰ ঘৰলৈ পঠিয়াই দিয়া হৈছে। আচৰিত কথাটো হ’ল এই বিয়াত ছোৱালী পৰিয়ালৰ সম্পূৰ্ণ সন্মতি আছিল। আৰক্ষীয়েও তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

তথ্য অনুসৰি ৰেডমাৰ ঠাকুৰবাৰী মন্দিৰত ৪৫ বছৰীয়া এজন লোকৰ সৈতে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ বিয়া হৈ আছে বুলি কোনোবাই চাইল্ড হেল্পলাইন নম্বৰ ১০৯৮ত আৰক্ষীক জনাইছিল। তাৰপাছতে আৰক্ষী, চি ডব্লিউ চি আৰু চাইল্ডলাইনৰ মানুহ বিয়াৰ অনুষ্ঠান চলি থকা ঠাইত উপস্থিত হ’ল।

বিয়াত উপস্থিত থকা লোকসকলে আৰক্ষীক দেখা পাই ভয় খাই পেপুৱা লাগিছিল। প্ৰথমে আৰক্ষীয়ে দৰাক ধৰিলে। আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক এতিয়াও জেৰা অব্যাহত ৰাখিছে। বিষয়টোত অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ