--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ পালামুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ গোচৰ। এগৰাকী ১২ বছৰীয়া ছোৱালীৰ বিবাহকাৰ্য সম্পন্ন হৈ আছিল এগৰাকী ৪৫ বছৰীয়া পুৰুষৰ লগত। সেই সময়তে কোনোবাই এই বিষয়ে আৰক্ষীক অৱগত কৰিলে। এই তথ্য পোৱাৰ লগে লগে আৰক্ষী, চি ডব্লিউ চি আৰু চাইল্ডলাইনে যৌথভাৱে ব্যৱস্থা গ্ৰহণ কৰে। এই বিবাহকাৰ্য লগালগ স্থবিৰ কৰাই দিয়া হয়।

দৰাজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। একে সময়তে ছোৱালীজনীক ছোৱালীজনীৰ ঘৰলৈ পঠিয়াই দিয়া হৈছে। আচৰিত কথাটো হ’ল এই বিয়াত ছোৱালী পৰিয়ালৰ সম্পূৰ্ণ সন্মতি আছিল। আৰক্ষীয়েও তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

তথ্য অনুসৰি ৰেডমাৰ ঠাকুৰবাৰী মন্দিৰত ৪৫ বছৰীয়া এজন লোকৰ সৈতে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ বিয়া হৈ আছে বুলি কোনোবাই চাইল্ড হেল্পলাইন নম্বৰ ১০৯৮ত আৰক্ষীক জনাইছিল। তাৰপাছতে আৰক্ষী, চি ডব্লিউ চি আৰু চাইল্ডলাইনৰ মানুহ বিয়াৰ অনুষ্ঠান চলি থকা ঠাইত উপস্থিত হ’ল।

বিয়াত উপস্থিত থকা লোকসকলে আৰক্ষীক দেখা পাই ভয় খাই পেপুৱা লাগিছিল। প্ৰথমে আৰক্ষীয়ে দৰাক ধৰিলে। আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক এতিয়াও জেৰা অব্যাহত ৰাখিছে। বিষয়টোত অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস