--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি গাখীৰৰ মূল্যবৃদ্ধি চলি আছে।আকৌ এবাৰ মাদাৰ ডেইৰীয়ে গাখীৰৰ মূল্য বৃদ্ধি কৰিলে। আগশাৰীৰ গাখীৰ কোম্পানীটোৱে ফুল ক্ৰীম আৰু টোকেন গাখীৰৰ মূল্য বৃদ্ধি কৰিছে।

মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত ১ ৰে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। প্ৰতি লিটাৰত টোকেন গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰা হৈছে।

জানিব পৰা মতে কোম্পানীটোৱে দিল্লী-এনচিআৰৰ গ্ৰাহকসকলৰ বাবে গাখীৰৰ এই মূল্য বৃদ্ধি কৰিছে ।ইয়াৰ পূৰ্বেও অক্টোবৰ মাহত মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰিছিল। তাৰ পিছত এক লিটাৰ ফুল ক্ৰীম গাখীৰ প্ৰতি লিটাৰত ৬৩ টকা আছিল।

এতিয়া ফুল ক্ৰীম গাখীৰত এক টকা বৃদ্ধি কৰাৰ পিছত এক লিটাৰ গাখীৰৰ বাবে ৬৩ টকাৰ পৰিৱৰ্তে ৬৪ টকা দিব লাগিব। কোম্পানীটোৱে এই ক্ষেত্ৰত কৈছে যে নতুন মূল্য সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব।

এইখিনিতে প্ৰশ্নৰ উদ্ভৱ হৈছে মাদাৰ ডেইৰীৰ দৰেই আমুলেও দাম বৃদ্ধি কৰিব নেকি? দিৱালীৰ পূৰ্বে আমুলে লিটাৰত ২ টকাকৈ মূল্য বৃদ্ধি কৰিছিল।

এতিয়া গুজৰাট নিৰ্বাচনৰ পাছতে আমুলেও দাম বৃদ্ধি কৰিব নেকি সেই লৈ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?