--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি গাখীৰৰ মূল্যবৃদ্ধি চলি আছে।আকৌ এবাৰ মাদাৰ ডেইৰীয়ে গাখীৰৰ মূল্য বৃদ্ধি কৰিলে। আগশাৰীৰ গাখীৰ কোম্পানীটোৱে ফুল ক্ৰীম আৰু টোকেন গাখীৰৰ মূল্য বৃদ্ধি কৰিছে।

মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত ১ ৰে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। প্ৰতি লিটাৰত টোকেন গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰা হৈছে।

জানিব পৰা মতে কোম্পানীটোৱে দিল্লী-এনচিআৰৰ গ্ৰাহকসকলৰ বাবে গাখীৰৰ এই মূল্য বৃদ্ধি কৰিছে ।ইয়াৰ পূৰ্বেও অক্টোবৰ মাহত মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰিছিল। তাৰ পিছত এক লিটাৰ ফুল ক্ৰীম গাখীৰ প্ৰতি লিটাৰত ৬৩ টকা আছিল।

এতিয়া ফুল ক্ৰীম গাখীৰত এক টকা বৃদ্ধি কৰাৰ পিছত এক লিটাৰ গাখীৰৰ বাবে ৬৩ টকাৰ পৰিৱৰ্তে ৬৪ টকা দিব লাগিব। কোম্পানীটোৱে এই ক্ষেত্ৰত কৈছে যে নতুন মূল্য সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব।

এইখিনিতে প্ৰশ্নৰ উদ্ভৱ হৈছে মাদাৰ ডেইৰীৰ দৰেই আমুলেও দাম বৃদ্ধি কৰিব নেকি? দিৱালীৰ পূৰ্বে আমুলে লিটাৰত ২ টকাকৈ মূল্য বৃদ্ধি কৰিছিল।

এতিয়া গুজৰাট নিৰ্বাচনৰ পাছতে আমুলেও দাম বৃদ্ধি কৰিব নেকি সেই লৈ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement