--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পোনপ্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ সৰৱ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে গুজৰাটৰ ৰাজকোট জিলাত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে মোদীয়ে। প্ৰচাৰৰ প্ৰথম পৰ্বতে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

মোদীয়ে নৰ্মদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ বিৰুদ্ধেও সমালোচনাত মুখৰ হৈ পৰে। কয় যে যিসকল নৰ্মদা বান্ধ প্ৰকল্পৰ বিৰোধী, তেওঁলোকক যাতে কোনেও ভোট নিদিয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিছিল মেধা পাটকাৰে। সেই প্ৰসংগতে মোদীয়ে কংগ্ৰেছক সমালোচনা কৰে।

''কংগ্ৰেছৰ পদযাত্ৰাত এনে এগৰাকী মহিলা দেখা গৈছে, যি তিনি দশক ধৰি নৰ্মদা বান্ধ প্ৰকল্প বন্ধ ৰাখিছিল।’’- মোদীয়ে মেধা পাটকাৰৰ প্ৰসংগত কয়।

নৰ্মদা বান্ধ প্ৰকল্পক মোদীয়ে গুজৰাটৰ জীৱনৰেখা বুলি উল্লেখ কৰে। সেয়ে ভোটাৰক উদ্দেশ্যি মোদীয়ে কয় যে নৰ্মদা প্ৰকল্পৰ ফলতে গুজৰাটৰ কুচ্ছ আৰু কাথিয়াৱাদ অঞ্চলৰ মানুহে পানীৰ পিয়াহ গুচাব পাৰিছে।

উল্লেখ্য যে নৰ্মদা বান্ধ প্ৰকল্পৰ ফলত নদীখনৰ পাৰত বাস কৰা দলিত আৰু আদিবাসীসকল ব্যাপক ক্ষতিগ্ৰস্ত হৈছিল। মেধা পাটকাৰে জনাইছিল যে বান্ধ নিৰ্মাণৰ ফলত এক হাজাৰ দলিত আৰু আদিবাসী পৰিয়াল সৰ্বহাৰা হ’ব।

এতিয়া গুজৰাট নিৰ্বাচনৰ সময়তে পুনৰ এইদৰে নৰ্মদা বান্ধৰ প্ৰসংগ অহাটো লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক