--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পোনপ্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ সৰৱ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে গুজৰাটৰ ৰাজকোট জিলাত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে মোদীয়ে। প্ৰচাৰৰ প্ৰথম পৰ্বতে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

মোদীয়ে নৰ্মদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ বিৰুদ্ধেও সমালোচনাত মুখৰ হৈ পৰে। কয় যে যিসকল নৰ্মদা বান্ধ প্ৰকল্পৰ বিৰোধী, তেওঁলোকক যাতে কোনেও ভোট নিদিয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিছিল মেধা পাটকাৰে। সেই প্ৰসংগতে মোদীয়ে কংগ্ৰেছক সমালোচনা কৰে।

''কংগ্ৰেছৰ পদযাত্ৰাত এনে এগৰাকী মহিলা দেখা গৈছে, যি তিনি দশক ধৰি নৰ্মদা বান্ধ প্ৰকল্প বন্ধ ৰাখিছিল।’’- মোদীয়ে মেধা পাটকাৰৰ প্ৰসংগত কয়।

নৰ্মদা বান্ধ প্ৰকল্পক মোদীয়ে গুজৰাটৰ জীৱনৰেখা বুলি উল্লেখ কৰে। সেয়ে ভোটাৰক উদ্দেশ্যি মোদীয়ে কয় যে নৰ্মদা প্ৰকল্পৰ ফলতে গুজৰাটৰ কুচ্ছ আৰু কাথিয়াৱাদ অঞ্চলৰ মানুহে পানীৰ পিয়াহ গুচাব পাৰিছে।

উল্লেখ্য যে নৰ্মদা বান্ধ প্ৰকল্পৰ ফলত নদীখনৰ পাৰত বাস কৰা দলিত আৰু আদিবাসীসকল ব্যাপক ক্ষতিগ্ৰস্ত হৈছিল। মেধা পাটকাৰে জনাইছিল যে বান্ধ নিৰ্মাণৰ ফলত এক হাজাৰ দলিত আৰু আদিবাসী পৰিয়াল সৰ্বহাৰা হ’ব।

এতিয়া গুজৰাট নিৰ্বাচনৰ সময়তে পুনৰ এইদৰে নৰ্মদা বান্ধৰ প্ৰসংগ অহাটো লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু