--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে পুনৰ বিস্ফোৰণ ঘটালে। এইবাৰ আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থাটোৱে লক্ষ্য কৰি ল’লে টুইটাৰ প্ৰতিষ্ঠাপক জেক ডৰ্চি। ডৰ্চিৰ পেইমেণ্ট প্ৰতিষ্ঠান ‘ব্লক’ক জালিয়াতিৰ অভিযোগ উত্থাপন কৰে। বৃহস্পতিবাৰে ডৰ্চিৰ কোম্পানীটোৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি পুনৰ শিৰোনাম দখল কৰে আমেৰিকান কোম্পানীটোৱে।

কিছুদিন পূৰ্বে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ৰিগিঙৰ অভিযোগ উত্থাপন কৰি হুলস্থুল কৰিছিল। এই অভিযোগৰ লক্ষ্য হৈ পৰিছিল ভাৰতৰ অন্যতম বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ গোট। আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে বিগত দশকত আদানী গ্ৰুপে নিজৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। এই প্ৰতিবেদন ওলোৱাৰ পিছত আদানী গোটটো শ্বেয়াৰ বজাৰত তললৈ নামি আহিছে। ইয়াৰ লগে লগে ভাৰতীয় ৰাজনীতিও ধুমুহাৰ সৃষ্টি হয়।

এইবাৰ আমেৰিকান কোম্পানীটোৱে টুইটাৰৰ প্ৰতিষ্ঠাপকৰ কোম্পানীটোক একেধৰণৰ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে। বুধবাৰে নিশা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে আন এটা অভিযোগ ৰাজহুৱা কৰিব। বৃহস্পতিবাৰেও ডৰ্চিৰ কোম্পানীটোৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ দাখিল কৰে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰিছে যে ডৰ্চিৰ কোম্পানীয়ে হেতালি খেলি ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰিছিল। ইয়াৰ উপৰিও ৪০ৰ পৰা ৭৫ শতাংশ একাউণ্ট ভুৱা বুলিও দাবী কৰা হৈছে, য’ত স্বয়ং ব্লকৰ প্ৰাক্তন কৰ্মচাৰী। অৰ্থাৎ হিণ্ডেনবাৰ্গে ডৰ্চিৰ এজেন্সীৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ সৈতে কথা পাতিছিল।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন ওলোৱাৰ পিছতে আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছিল। ডৰ্চিৰ সংগঠন ব্লকৰ ক্ষেত্ৰতো একেই কথাই হৈছে। নিউয়ৰ্কত বৃহস্পতিবাৰে পুৱা ৮:৫৩ বজালৈকে ব্লকৰ শ্বেয়াৰ ২০ শতাংশ হ্ৰাস পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা