--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে পুনৰ বিস্ফোৰণ ঘটালে। এইবাৰ আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থাটোৱে লক্ষ্য কৰি ল’লে টুইটাৰ প্ৰতিষ্ঠাপক জেক ডৰ্চি। ডৰ্চিৰ পেইমেণ্ট প্ৰতিষ্ঠান ‘ব্লক’ক জালিয়াতিৰ অভিযোগ উত্থাপন কৰে। বৃহস্পতিবাৰে ডৰ্চিৰ কোম্পানীটোৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি পুনৰ শিৰোনাম দখল কৰে আমেৰিকান কোম্পানীটোৱে।

কিছুদিন পূৰ্বে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ৰিগিঙৰ অভিযোগ উত্থাপন কৰি হুলস্থুল কৰিছিল। এই অভিযোগৰ লক্ষ্য হৈ পৰিছিল ভাৰতৰ অন্যতম বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ গোট। আমেৰিকান কোম্পানীটোৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে বিগত দশকত আদানী গ্ৰুপে নিজৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। এই প্ৰতিবেদন ওলোৱাৰ পিছত আদানী গোটটো শ্বেয়াৰ বজাৰত তললৈ নামি আহিছে। ইয়াৰ লগে লগে ভাৰতীয় ৰাজনীতিও ধুমুহাৰ সৃষ্টি হয়।

এইবাৰ আমেৰিকান কোম্পানীটোৱে টুইটাৰৰ প্ৰতিষ্ঠাপকৰ কোম্পানীটোক একেধৰণৰ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে। বুধবাৰে নিশা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে আন এটা অভিযোগ ৰাজহুৱা কৰিব। বৃহস্পতিবাৰেও ডৰ্চিৰ কোম্পানীটোৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ দাখিল কৰে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰিছে যে ডৰ্চিৰ কোম্পানীয়ে হেতালি খেলি ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰিছিল। ইয়াৰ উপৰিও ৪০ৰ পৰা ৭৫ শতাংশ একাউণ্ট ভুৱা বুলিও দাবী কৰা হৈছে, য’ত স্বয়ং ব্লকৰ প্ৰাক্তন কৰ্মচাৰী। অৰ্থাৎ হিণ্ডেনবাৰ্গে ডৰ্চিৰ এজেন্সীৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ সৈতে কথা পাতিছিল।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন ওলোৱাৰ পিছতে আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছিল। ডৰ্চিৰ সংগঠন ব্লকৰ ক্ষেত্ৰতো একেই কথাই হৈছে। নিউয়ৰ্কত বৃহস্পতিবাৰে পুৱা ৮:৫৩ বজালৈকে ব্লকৰ শ্বেয়াৰ ২০ শতাংশ হ্ৰাস পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস