--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিয়ালৰ সকলোৱে জানে যে তেওঁৰ মৃত্যু হৈছে। কাৰণ তেওঁৰ মৃতদেহ দাহ কৰা হৈছিল। কিন্তু সকলোকে আচৰিত কৰি ৯ বছৰৰ পাছত উভতি আহিল ‘মৃত’ ব্যক্তিজন! চীনৰ এখন চহৰত সংঘটিত হৈছে এই ঘটনা।

৯১ বছৰীয়া জুহো কাংগুলো নামৰ লোকজনক ইমান বছৰৰ মূৰত সশৰীৰেৰে দেখি পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। প্ৰকৃততে কি ঘটিল তেওঁলোকৰ লগত?

২০১৪ চনত জুহোৰ পৰিয়ালে গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱা বুলি চিনাক্ত কৰিছিল। গাড়ী দুখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত মৃতদেহটো চ্ছিন্ন ভিন্ন হৈ পৰিছিল। সেইবাবে মৃতদেহটো চিনি পোৱা নগৈছিল। কিন্তু আত্মীয়ই নিশ্চিত হৈছিল যে মৃতদেহটো জুহোৰেই। সেই সময়ত কোনো মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল। দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহটো ততাতৈয়াকৈ লৈ আহি দাহ কৰে।

কিন্তু এই ঘটনাৰ প্ৰায় এক দশক পিছত জুহো নিজৰ গাঁৱলৈ উভতি আহিল। নিজৰ ঘৰ চিনি নোপোৱাৰ বাবে তেওঁ ৰাস্তাৰ দাঁতিত থাকিবলৈ ধৰিলে। নতুন মানুহজনক দেখি গাঁৱৰ মানুহৰ সন্দেহ হ’ল। স্থানীয় আৰক্ষী থানাক খবৰ দিয়ে। পুলিচ আহি সোধা-পোছা কৰাত বুঢ়াজনে নিজৰ পৰিচয় দিলে। জুহোৰ নাতিয়ে লৰালৰিকৈ বুঢ়াৰ পৰিচয় লাভ কৰে। চিনি পালে।

ইমান দিনৰ মূৰত ঘৰলৈ উভতি আহি জুহো আৱেগিক হৈ পৰিল। এই কেইবছৰ তেওঁ ক’ত আছিল বুলি সোধাত তেওঁ স্পষ্টকৈ একো কোৱা নাই। অৱশ্যে পৰিয়ালটো সুখী হৈ পৰিছে। ঝুহোৰ নাতিৰ ভাষাত "ককাক যে ঘূৰাই পালো সেয়াই বহুত। ইমান দিনে তেওঁ ক’ত আছিল সেই কথা জানি লাভ নাই।''

অৱশ্যে সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে জুহো বুলি ৯ বছৰ আগতে কাক দাহ কৰিছিল!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস