--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিয়ালৰ সকলোৱে জানে যে তেওঁৰ মৃত্যু হৈছে। কাৰণ তেওঁৰ মৃতদেহ দাহ কৰা হৈছিল। কিন্তু সকলোকে আচৰিত কৰি ৯ বছৰৰ পাছত উভতি আহিল ‘মৃত’ ব্যক্তিজন! চীনৰ এখন চহৰত সংঘটিত হৈছে এই ঘটনা।

৯১ বছৰীয়া জুহো কাংগুলো নামৰ লোকজনক ইমান বছৰৰ মূৰত সশৰীৰেৰে দেখি পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। প্ৰকৃততে কি ঘটিল তেওঁলোকৰ লগত?

২০১৪ চনত জুহোৰ পৰিয়ালে গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱা বুলি চিনাক্ত কৰিছিল। গাড়ী দুখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত মৃতদেহটো চ্ছিন্ন ভিন্ন হৈ পৰিছিল। সেইবাবে মৃতদেহটো চিনি পোৱা নগৈছিল। কিন্তু আত্মীয়ই নিশ্চিত হৈছিল যে মৃতদেহটো জুহোৰেই। সেই সময়ত কোনো মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল। দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহটো ততাতৈয়াকৈ লৈ আহি দাহ কৰে।

কিন্তু এই ঘটনাৰ প্ৰায় এক দশক পিছত জুহো নিজৰ গাঁৱলৈ উভতি আহিল। নিজৰ ঘৰ চিনি নোপোৱাৰ বাবে তেওঁ ৰাস্তাৰ দাঁতিত থাকিবলৈ ধৰিলে। নতুন মানুহজনক দেখি গাঁৱৰ মানুহৰ সন্দেহ হ’ল। স্থানীয় আৰক্ষী থানাক খবৰ দিয়ে। পুলিচ আহি সোধা-পোছা কৰাত বুঢ়াজনে নিজৰ পৰিচয় দিলে। জুহোৰ নাতিয়ে লৰালৰিকৈ বুঢ়াৰ পৰিচয় লাভ কৰে। চিনি পালে।

ইমান দিনৰ মূৰত ঘৰলৈ উভতি আহি জুহো আৱেগিক হৈ পৰিল। এই কেইবছৰ তেওঁ ক’ত আছিল বুলি সোধাত তেওঁ স্পষ্টকৈ একো কোৱা নাই। অৱশ্যে পৰিয়ালটো সুখী হৈ পৰিছে। ঝুহোৰ নাতিৰ ভাষাত "ককাক যে ঘূৰাই পালো সেয়াই বহুত। ইমান দিনে তেওঁ ক’ত আছিল সেই কথা জানি লাভ নাই।''

অৱশ্যে সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে জুহো বুলি ৯ বছৰ আগতে কাক দাহ কৰিছিল!

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা