--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী বনাম বিৰাট কোহলী। দুয়োৰে মাজত সংঘাত তুংগত আছে। এইবাৰ সমগ্ৰ বিষয়টোৰ সম্পৰ্কত মুকলিকৈ মন্তব্য কৰিলে ৰবি শাস্ত্ৰীয়ে। পোনপটীয়াকৈ কাৰো নাম নোলোৱাকৈ শাস্ত্ৰীয়ে মন্তব্য কৰে।

শাস্ত্ৰীয়ে এটা ক্ৰিকেট ৱেবছাইটত বিশ্লেষক হিচাপে কাম কৰি আছে। তাত সৌৰভ-কোহলী বিতৰ্কৰ বিষয়ে তেওঁক সোধা হৈছিল। কাৰো নাম নোলোৱাকৈ শাস্ত্ৰীক সোধা হ’ল যে যদি তেওঁ তেনে অৱস্থাত থাকিলে কি কৰিলেহেঁতেন?

ভাৰতৰ প্রাক্তন প্রশিক্ষকগৰাকীয়ে উত্তৰত কয়– ''মোৰ আৰু ক্ৰিকেটাৰজনৰ মাজৰ সম্পৰ্কৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কাৰো লগত যজি কথা পাতিব মন নাযায় তেতিয়া মই মনে মনে আঁতৰি যাওঁ। কিন্তু এটা কথা কব খুজিছোঁ। ঘৰলৈ গৈ দিনটোৰ শেষত জিৰণি লওঁতে এটা কথা সকলোৱে মনত ৰখা উচিত যে এতিয়াও উন্নতিৰ সম্ভাৱনা আছে। বয়স যিমান হ’লেও কথা নাই।”

সমৰ্থকসকলে প্ৰকৃত উত্তৰ বিচাৰি পালে শাস্ত্ৰীৰ এই শেষৰ দুটা কথাত। তেওঁলোকৰ মতে শাস্ত্ৰীয়ে এই মন্তব্যৰ দ্বাৰা সৌৰভকে কটাক্ষ কৰিছে। বিগত সময়ত দুয়োজনৰ মাজৰ সম্পৰ্কক লৈও বহু আলোচনা চলি আহিছে। কোহলীৰ দৰে শাস্ত্ৰীৰ সৈতেও সৌৰভৰ সম্পৰ্ক একেবাৰে ভাল নহয়। আনহাতে কোহলী আৰু শাস্ত্ৰীৰ মাজত বহুত ভাল সম্পৰ্ক আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে