--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী বনাম বিৰাট কোহলী। দুয়োৰে মাজত সংঘাত তুংগত আছে। এইবাৰ সমগ্ৰ বিষয়টোৰ সম্পৰ্কত মুকলিকৈ মন্তব্য কৰিলে ৰবি শাস্ত্ৰীয়ে। পোনপটীয়াকৈ কাৰো নাম নোলোৱাকৈ শাস্ত্ৰীয়ে মন্তব্য কৰে।

শাস্ত্ৰীয়ে এটা ক্ৰিকেট ৱেবছাইটত বিশ্লেষক হিচাপে কাম কৰি আছে। তাত সৌৰভ-কোহলী বিতৰ্কৰ বিষয়ে তেওঁক সোধা হৈছিল। কাৰো নাম নোলোৱাকৈ শাস্ত্ৰীক সোধা হ’ল যে যদি তেওঁ তেনে অৱস্থাত থাকিলে কি কৰিলেহেঁতেন?

ভাৰতৰ প্রাক্তন প্রশিক্ষকগৰাকীয়ে উত্তৰত কয়– ''মোৰ আৰু ক্ৰিকেটাৰজনৰ মাজৰ সম্পৰ্কৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কাৰো লগত যজি কথা পাতিব মন নাযায় তেতিয়া মই মনে মনে আঁতৰি যাওঁ। কিন্তু এটা কথা কব খুজিছোঁ। ঘৰলৈ গৈ দিনটোৰ শেষত জিৰণি লওঁতে এটা কথা সকলোৱে মনত ৰখা উচিত যে এতিয়াও উন্নতিৰ সম্ভাৱনা আছে। বয়স যিমান হ’লেও কথা নাই।”

সমৰ্থকসকলে প্ৰকৃত উত্তৰ বিচাৰি পালে শাস্ত্ৰীৰ এই শেষৰ দুটা কথাত। তেওঁলোকৰ মতে শাস্ত্ৰীয়ে এই মন্তব্যৰ দ্বাৰা সৌৰভকে কটাক্ষ কৰিছে। বিগত সময়ত দুয়োজনৰ মাজৰ সম্পৰ্কক লৈও বহু আলোচনা চলি আহিছে। কোহলীৰ দৰে শাস্ত্ৰীৰ সৈতেও সৌৰভৰ সম্পৰ্ক একেবাৰে ভাল নহয়। আনহাতে কোহলী আৰু শাস্ত্ৰীৰ মাজত বহুত ভাল সম্পৰ্ক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে