--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হ’ল মনীষ চিছ’দিয়াৰ। ফলস্বৰূপে মুকলি আকাশৰ তললৈ অহাত আৰু কিছুদিন বিলম্ব ঘটিব দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ। আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰা হয়।

দিল্লীৰ এখন আদালতে আজি আপ নেতাগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ ১ জুনলৈ বৃদ্ধি কৰে। আদালতে লগতে চিছ’দিয়াক কাৰাগাৰৰ ভিতৰতে কিতাপৰ লগতে এখন চকী আৰু এখন মেজ প্ৰদান কৰাৰ কথা বিবেচনা কৰিবলৈও নিৰ্দেশ দিয়ে।

ইফালে দিল্লীৰ চৰকাৰী সেৱা বিষয়ত কেন্দ্ৰৰ অধ্যাদেশক কেন্দ্ৰ কৰি চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে চিছ’দিয়াই। আদালতকক্ষৰ পৰা বাহিৰলৈ অনাৰ সময়তে কেন্দ্ৰৰ অধ্যাদেশ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিছ’দিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, দিল্লী আবকাৰী নীতি ২০২১-২২ৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে এই সুৰা নীতিৰ ধন সৰবৰাহৰ অভিযোগত ৯ মাৰ্চত তিহাৰ কাৰাগাৰতে চিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস