--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হ’ল মনীষ চিছ’দিয়াৰ। ফলস্বৰূপে মুকলি আকাশৰ তললৈ অহাত আৰু কিছুদিন বিলম্ব ঘটিব দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ। আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰা হয়।

দিল্লীৰ এখন আদালতে আজি আপ নেতাগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ ১ জুনলৈ বৃদ্ধি কৰে। আদালতে লগতে চিছ’দিয়াক কাৰাগাৰৰ ভিতৰতে কিতাপৰ লগতে এখন চকী আৰু এখন মেজ প্ৰদান কৰাৰ কথা বিবেচনা কৰিবলৈও নিৰ্দেশ দিয়ে।

ইফালে দিল্লীৰ চৰকাৰী সেৱা বিষয়ত কেন্দ্ৰৰ অধ্যাদেশক কেন্দ্ৰ কৰি চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে চিছ’দিয়াই। আদালতকক্ষৰ পৰা বাহিৰলৈ অনাৰ সময়তে কেন্দ্ৰৰ অধ্যাদেশ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিছ’দিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, দিল্লী আবকাৰী নীতি ২০২১-২২ৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে এই সুৰা নীতিৰ ধন সৰবৰাহৰ অভিযোগত ৯ মাৰ্চত তিহাৰ কাৰাগাৰতে চিছ’ডিয়াক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ