--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি গোমূত্ৰ পান কৰে নেকি? তেন্তে সাৱধান! গোমূত্ৰ পান কৰি মৃত্যু পৰ্যন্ত হ’ব পাৰে। যি সময়ত দেশত গোমূত্ৰৰ বিভিন্ন স্বাস্থ্য উপকাৰিতাৰ সম্পৰ্কে ব্যাপক চৰ্চা চলিছে, সেই সময়ত অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্ক (এআইপিএছএন), অসমে কৈছে যে গো-মূত্ৰত ক্ষতিকাৰক পদাৰ্থ থকাৰ বাবে ই প্ৰত্যক্ষভাৱে মানুহৰ সেৱনৰ বাবে অনুপযুক্ত।

ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (আই ভি আৰ আই)ৰ ডা: ভোজ ৰাজ সিং আৰু আন তিনিজন গৱেষকৰ গৱেষণাৰ ভিত্তিত সংস্থাটোৱে এই দাবীক প্ৰত্যাহ্বান জনাইছে।

যোৱা ২১-২২ মেত গুৱাহাটী আই আই টিৰ চৌহদত অনুষ্ঠিত হোৱা গো বিজ্ঞান ৰাষ্ট্ৰীয় সন্মিলনত গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ তুংগত থকা সময়তো কেইবাটাও হিন্দুত্ববাদী সংগঠনে গৰুৰ প্ৰস্ৰাৱক কৰ’না প্ৰতিৰোধৰ ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ লগতে কৰ্কট ৰোগৰ নিৰাময় হিচাপেও পোষকতা কৰিছিল। কিন্তু এই দাবীৰ বিৰোধিতা কৰিছে ড০ ভোজ ৰাজ সিং আৰু ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ (আইভিআৰআই)ৰ আন তিনিজন গৱেষকে।

তেওঁলোকে দেখুৱাই দিছে যে গৰুৰ প্ৰস্ৰাৱত ক্ষতিকাৰক বেক্টেৰিয়া থকাৰ বাবে ই প্ৰত্যক্ষভাৱে মানুহৰ খোৱাৰ বাবে উপযোগী নহয়।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ বিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে গৰুৱে লেপট’স্পাইৰা ৰোগৰ বাহক হিচাপে কাম কৰে। এই ৰোগত জ্বৰ, মূৰৰ বিষ, ৰক্তক্ষৰণ, পেশীৰ বিষ, ঠাণ্ডা লগা, চকু ৰঙা হোৱা আৰু বমি আদি কিছুমান সমস্যা সৃষ্টি কৰে। চিকিৎসা অবিহনে লেপ্ট’স্পাইৰ’ছিছৰ ফলত বৃক্ক আৰু যকৃতৰ ক্ষতি হ’ব পাৰে আনকি মৃত্যুও হ’ব পাৰে বুলিও বিজ্ঞানী সকলে উল্লেখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস