--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি গোমূত্ৰ পান কৰে নেকি? তেন্তে সাৱধান! গোমূত্ৰ পান কৰি মৃত্যু পৰ্যন্ত হ’ব পাৰে। যি সময়ত দেশত গোমূত্ৰৰ বিভিন্ন স্বাস্থ্য উপকাৰিতাৰ সম্পৰ্কে ব্যাপক চৰ্চা চলিছে, সেই সময়ত অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্ক (এআইপিএছএন), অসমে কৈছে যে গো-মূত্ৰত ক্ষতিকাৰক পদাৰ্থ থকাৰ বাবে ই প্ৰত্যক্ষভাৱে মানুহৰ সেৱনৰ বাবে অনুপযুক্ত।

ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (আই ভি আৰ আই)ৰ ডা: ভোজ ৰাজ সিং আৰু আন তিনিজন গৱেষকৰ গৱেষণাৰ ভিত্তিত সংস্থাটোৱে এই দাবীক প্ৰত্যাহ্বান জনাইছে।

যোৱা ২১-২২ মেত গুৱাহাটী আই আই টিৰ চৌহদত অনুষ্ঠিত হোৱা গো বিজ্ঞান ৰাষ্ট্ৰীয় সন্মিলনত গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ তুংগত থকা সময়তো কেইবাটাও হিন্দুত্ববাদী সংগঠনে গৰুৰ প্ৰস্ৰাৱক কৰ’না প্ৰতিৰোধৰ ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ লগতে কৰ্কট ৰোগৰ নিৰাময় হিচাপেও পোষকতা কৰিছিল। কিন্তু এই দাবীৰ বিৰোধিতা কৰিছে ড০ ভোজ ৰাজ সিং আৰু ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ (আইভিআৰআই)ৰ আন তিনিজন গৱেষকে।

তেওঁলোকে দেখুৱাই দিছে যে গৰুৰ প্ৰস্ৰাৱত ক্ষতিকাৰক বেক্টেৰিয়া থকাৰ বাবে ই প্ৰত্যক্ষভাৱে মানুহৰ খোৱাৰ বাবে উপযোগী নহয়।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ বিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে গৰুৱে লেপট’স্পাইৰা ৰোগৰ বাহক হিচাপে কাম কৰে। এই ৰোগত জ্বৰ, মূৰৰ বিষ, ৰক্তক্ষৰণ, পেশীৰ বিষ, ঠাণ্ডা লগা, চকু ৰঙা হোৱা আৰু বমি আদি কিছুমান সমস্যা সৃষ্টি কৰে। চিকিৎসা অবিহনে লেপ্ট’স্পাইৰ’ছিছৰ ফলত বৃক্ক আৰু যকৃতৰ ক্ষতি হ’ব পাৰে আনকি মৃত্যুও হ’ব পাৰে বুলিও বিজ্ঞানী সকলে উল্লেখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ