--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি শান্ত হৈ থকাৰ অন্তত পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। মঙলবাৰে পুৱা সন্দেহযুক্ত উগ্ৰপন্থীয়ে ৰাজ্য খনত এজন আৰক্ষী বিষয়াক (এছডিপিঅ') গুলীয়াই হত্যা কৰে। এক্স প্লেটফৰ্মত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা প্ৰকাশ কৰিছে। 

মৃত এছডিপিঅ' গৰাকীৰ  চিংথাম আনন্দ আৰু তেওঁ  মোৰেহত নিযুক্ত আছিল।  আজি পুৱা তেওঁ সীমান্তৱৰ্তী  চহৰ খনৰ পূব অংশত  এখন  নতুনকৈ নিৰ্মাণ কৰা হেলিপেড পৰিদৰ্শন কৰি আছিল।  তেতিয়াই তেওঁক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আৰক্ষী বিষয়াগৰাকীৰ পেটত গুলী লাগে।তেওঁক ততাতৈয়াকৈ মোৰেহৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও তেওঁ মৃত্যুবৰণ কৰে।

 এছডিপিঅ'গৰাকীৰ  হত্যাত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী বীৰেণ সিঙে এক্সত এক শোকবাৰ্তা লিখিছে।  মুখ্যমন্ত্ৰী সিঙে কয়  যে ম্যানমাৰৰ নাগৰিকসকলে  অস্থিৰতাৰ সৃষ্টি কৰিবলৈ  মণিপুৰত প্ৰৱেশ কৰিছে। 

ইপিনে দিনৰ পোহৰতে এজন শীৰ্ষ আৰক্ষী বিষয়াক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে আজি মণিপুৰ কেবিনেটৰ এখন জৰুৰী বৈঠক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। বৈঠকত ৰাজ্য খনত  আকস্মিকভাবে অৱনমিত হোৱা  আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে  আলোচনা কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ