--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি শান্ত হৈ থকাৰ অন্তত পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। মঙলবাৰে পুৱা সন্দেহযুক্ত উগ্ৰপন্থীয়ে ৰাজ্য খনত এজন আৰক্ষী বিষয়াক (এছডিপিঅ') গুলীয়াই হত্যা কৰে। এক্স প্লেটফৰ্মত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা প্ৰকাশ কৰিছে। 

মৃত এছডিপিঅ' গৰাকীৰ  চিংথাম আনন্দ আৰু তেওঁ  মোৰেহত নিযুক্ত আছিল।  আজি পুৱা তেওঁ সীমান্তৱৰ্তী  চহৰ খনৰ পূব অংশত  এখন  নতুনকৈ নিৰ্মাণ কৰা হেলিপেড পৰিদৰ্শন কৰি আছিল।  তেতিয়াই তেওঁক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আৰক্ষী বিষয়াগৰাকীৰ পেটত গুলী লাগে।তেওঁক ততাতৈয়াকৈ মোৰেহৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও তেওঁ মৃত্যুবৰণ কৰে।

 এছডিপিঅ'গৰাকীৰ  হত্যাত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী বীৰেণ সিঙে এক্সত এক শোকবাৰ্তা লিখিছে।  মুখ্যমন্ত্ৰী সিঙে কয়  যে ম্যানমাৰৰ নাগৰিকসকলে  অস্থিৰতাৰ সৃষ্টি কৰিবলৈ  মণিপুৰত প্ৰৱেশ কৰিছে। 

ইপিনে দিনৰ পোহৰতে এজন শীৰ্ষ আৰক্ষী বিষয়াক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে আজি মণিপুৰ কেবিনেটৰ এখন জৰুৰী বৈঠক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। বৈঠকত ৰাজ্য খনত  আকস্মিকভাবে অৱনমিত হোৱা  আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে  আলোচনা কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু