--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ অৱনতি ঘটিছে লতা মংগেশকাৰ'ৰ স্বাস্থ্য৷ প্ৰসিদ্ধ কণ্ঠশিল্পী ৯২ বছৰীয়া লতা মংগেশকাৰৰ অৱস্থা সংকটজনক হৈ পৰিছে। উল্লেখ্য যে, বিগত ২৭ দিন ধৰি, তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ। শেহতীয়াকৈ, প্ৰকাশ পোৱা তথ্য অনুসৰি, তেওঁক ভেণ্টিলেটৰৰ সহায়ৰ পৰা আঁতৰাই দিয়া হৈছিল৷ কিন্তু অলপতে পোৱা খবৰ অনুসৰি, লতা দি পুনৰ হৈ পৰিছে অসুস্থ৷ পুনৰ এবাৰ অৱনতি ঘটিছে বিশিষ্ট গায়িকাগৰকীৰ৷ আজি পুনৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে তেওঁক। কৰ’না আৰু নিমোনিয়াত আক্ৰান্ত হোৱাৰ পাছত তেওঁক ৮ জানুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বিগত মাহৰ পৰা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈ আছিল প্ৰবীণ গায়িকা লতা মংগেশকাৰ। ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ চিকিৎসকৰ এক বিবৃতি অনুসৰি, তেওঁৰ 'স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি ঘটিছে।' ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ ডাঃ প্ৰতিত সম্ধানীয়ে কয়, 'গায়িকা লতা মংগেশকাৰৰ অৱস্থা পুনৰ অৱনতি ঘটিছে আৰু তেওঁ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।' তেওঁ কৈছিল যে, তেওঁ আইচিইউত আছে আৰু পৰ্যবেক্ষণত আছে। তেওঁক বিগত সপ্তাহত ভেণ্টিলেটৰৰ পৰা আঁতৰাই অনা হৈছিল। ৯২ বছৰীয়া লতা মংগেশকাৰক জানুৱাৰীৰ প্ৰথম সপ্তাহত ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত ব্ৰিচ কেণ্ডিত ভৰ্তি কৰোৱা হৈছিল৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ