--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ অৱনতি ঘটিছে লতা মংগেশকাৰ'ৰ স্বাস্থ্য৷ প্ৰসিদ্ধ কণ্ঠশিল্পী ৯২ বছৰীয়া লতা মংগেশকাৰৰ অৱস্থা সংকটজনক হৈ পৰিছে। উল্লেখ্য যে, বিগত ২৭ দিন ধৰি, তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ। শেহতীয়াকৈ, প্ৰকাশ পোৱা তথ্য অনুসৰি, তেওঁক ভেণ্টিলেটৰৰ সহায়ৰ পৰা আঁতৰাই দিয়া হৈছিল৷ কিন্তু অলপতে পোৱা খবৰ অনুসৰি, লতা দি পুনৰ হৈ পৰিছে অসুস্থ৷ পুনৰ এবাৰ অৱনতি ঘটিছে বিশিষ্ট গায়িকাগৰকীৰ৷ আজি পুনৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে তেওঁক। কৰ’না আৰু নিমোনিয়াত আক্ৰান্ত হোৱাৰ পাছত তেওঁক ৮ জানুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বিগত মাহৰ পৰা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈ আছিল প্ৰবীণ গায়িকা লতা মংগেশকাৰ। ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ চিকিৎসকৰ এক বিবৃতি অনুসৰি, তেওঁৰ 'স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি ঘটিছে।' ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ ডাঃ প্ৰতিত সম্ধানীয়ে কয়, 'গায়িকা লতা মংগেশকাৰৰ অৱস্থা পুনৰ অৱনতি ঘটিছে আৰু তেওঁ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।' তেওঁ কৈছিল যে, তেওঁ আইচিইউত আছে আৰু পৰ্যবেক্ষণত আছে। তেওঁক বিগত সপ্তাহত ভেণ্টিলেটৰৰ পৰা আঁতৰাই অনা হৈছিল। ৯২ বছৰীয়া লতা মংগেশকাৰক জানুৱাৰীৰ প্ৰথম সপ্তাহত ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত ব্ৰিচ কেণ্ডিত ভৰ্তি কৰোৱা হৈছিল৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু