--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। সমগ্ৰ দেশকে উৎকণ্ঠিত কৰি ৰাখিছে লতা মংগেশকাৰৰ অসুস্থাতাৰ খবৰে। দেশৰ সংগীত আকাশৰ এই অম্লান জ্যোতিষ্ক লতাজী দীৰ্ঘদিন ধৰি চিকিৎসালয়তে আছে আৰু তেওঁ স্বাস্থ্যৰ আজি অধিক অৱনতি ঘটাৰ কথা চিকিৎসকে প্ৰকাশ কৰিছে। অসুস্থতা ব্যাপকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁক লাইফ ছাপ’ৰ্টত ৰাখিবলগীয়া হৈছে চিকিৎসকে। তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা বিশেষজ্ঞসকলে অহৰহ তত্তাৱধানত ৰাখিছে শিল্পীগৰাকীক৷ এটা অতুলনীয় আৰু অবিকল্প কণ্ঠেৰে কেৱল ভাৰততে নহয়, বিশ্ববাসীকো দশকৰ পাছত দশক মন্ত্ৰমুগ্ধ কৰি ৰখা লতাজীৰ এই অথৰ্ব অৱস্থা সকলোৰে কাৰণে পীড়াদায়ক খবৰ হৈ পৰিছে। সমগ্ৰ জীৱন সংগীতৰ বাবে উৎসৰ্গা কৰা লতাজীয়ে তেওঁৰ সংগীত যাত্ৰাত অগণন লোকৰ স্নেহ আৰু আশিস লাভ কৰিছে। তেওঁৰ সাধনা আৰু বিদগ্ধতাৰ স্বীকৃতি হিচাপে তেওঁলৈ আগবঢ়োৱা হৈছে ভালেমান স্বীকৃতি। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নানা স্বীকৃতিৰে মহিমামণ্ডিত হোৱা লতা মংগেশকাৰৰ আৰোগ্য কামনা কৰি তেওঁ লাভ কৰা স্বীকৃতিসমূহত এভূমুকি মাৰিব বিচাৰিছোঁ--- লতা মংগেশকাৰে লাভ কৰা বঁটা আৰু সন্মানৰ তালিকা : ভাৰত চৰকাৰৰ স্বীকৃতি ১. পদ্মভূষণ, ১৯৬৯ ২. দাদাচাহেব ফাল্কে বঁটা, ১৯৮৯ ৩. পদ্মবিভূষণ, ১৯৯৯ ৪. ভাৰতৰত্ন, ২০০১ ৫. জীৱনজোৰা সাধনাৰ এককালীন বঁটা, ২০০৮ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ১. পত্ৰিকাৰ গানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বঁটা, ১৯৮২ ২. শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বঁটা, ছবি কোৰা কাগাজ, ১৯৭৪ ৩. লেকিনৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা, ১৯৯০ ‘ফিল্ম ফেয়াৰ’ বঁটা ১. ১৯৫৯– মধুমতীৰ পৰা "আজা ৰে পৰদেশী" ২. ১৯৬৩– মৌমাখি চাল বাদৰ পৰা "কাহি দীপ জালে কহি দিল" ৩. ১৯৭০– জীনে কি ৰাহৰ পৰা "আপ মুঝে আচ্ছে লাগনে লগে" ৪. ১৯৯৩– ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ৫. ১৯৯৪– হাম আপকে হে কৌনৰ "দিদি তেৰা দেৱাৰ দিৱানা"ৰ বাবে ফিল্ম ফেয়াৰ বিশেষ বঁটা...! ৬. ২০০৪– ফিল্ম ফেয়াৰ বিশেষ বঁটা য'ত ৫০বছৰ সম্পূৰ্ণ কৰা ফিল্ম ফেয়াৰ বঁটা উপলক্ষে এটা সোণালী ট্ৰফী প্ৰদান কৰা হৈছিল। অন্যান্য বঁটা আৰু কৃতিত্ব ১. ১৯৮০– দক্ষিণ আমেৰিকাৰ গায়ানাৰ জৰ্জটাউন চহৰৰ চাবি উপস্থাপন কৰা হৈছে। ২. ১৯৮০– দক্ষিণ আমেৰিকাৰ সুৰিনাম গণৰাজ্যৰ সন্মানীয় নাগৰিকত্ব। ৩. ১৯৮৫– জুন ৯, কানাডাৰ অণ্টাৰিঅ'ৰ টৰণ্টোত উপস্থিত হোৱাৰ সন্মানত এছিয়া দিৱস হিচাপে ঘোষণা কৰা হয়। ৪. ১৯৮৭– টেক্সাছৰ হিউষ্টনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় নাগৰিকত্ব। ৫. ২০১০– নাইট অফ দ্য লিজিয়ন অফ অনাৰ (ফৰাচী সৰ্বোচ্চ অসামৰিক বঁটা) ইএমআই লণ্ডনৰ প্লেটিনাম ডিস্ক লাভ কৰা একমাত্ৰ এছিয়ান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু