--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। সমগ্ৰ দেশকে উৎকণ্ঠিত কৰি ৰাখিছে লতা মংগেশকাৰৰ অসুস্থাতাৰ খবৰে। দেশৰ সংগীত আকাশৰ এই অম্লান জ্যোতিষ্ক লতাজী দীৰ্ঘদিন ধৰি চিকিৎসালয়তে আছে আৰু তেওঁ স্বাস্থ্যৰ আজি অধিক অৱনতি ঘটাৰ কথা চিকিৎসকে প্ৰকাশ কৰিছে। অসুস্থতা ব্যাপকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁক লাইফ ছাপ’ৰ্টত ৰাখিবলগীয়া হৈছে চিকিৎসকে। তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা বিশেষজ্ঞসকলে অহৰহ তত্তাৱধানত ৰাখিছে শিল্পীগৰাকীক৷ এটা অতুলনীয় আৰু অবিকল্প কণ্ঠেৰে কেৱল ভাৰততে নহয়, বিশ্ববাসীকো দশকৰ পাছত দশক মন্ত্ৰমুগ্ধ কৰি ৰখা লতাজীৰ এই অথৰ্ব অৱস্থা সকলোৰে কাৰণে পীড়াদায়ক খবৰ হৈ পৰিছে। সমগ্ৰ জীৱন সংগীতৰ বাবে উৎসৰ্গা কৰা লতাজীয়ে তেওঁৰ সংগীত যাত্ৰাত অগণন লোকৰ স্নেহ আৰু আশিস লাভ কৰিছে। তেওঁৰ সাধনা আৰু বিদগ্ধতাৰ স্বীকৃতি হিচাপে তেওঁলৈ আগবঢ়োৱা হৈছে ভালেমান স্বীকৃতি। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নানা স্বীকৃতিৰে মহিমামণ্ডিত হোৱা লতা মংগেশকাৰৰ আৰোগ্য কামনা কৰি তেওঁ লাভ কৰা স্বীকৃতিসমূহত এভূমুকি মাৰিব বিচাৰিছোঁ--- লতা মংগেশকাৰে লাভ কৰা বঁটা আৰু সন্মানৰ তালিকা : ভাৰত চৰকাৰৰ স্বীকৃতি ১. পদ্মভূষণ, ১৯৬৯ ২. দাদাচাহেব ফাল্কে বঁটা, ১৯৮৯ ৩. পদ্মবিভূষণ, ১৯৯৯ ৪. ভাৰতৰত্ন, ২০০১ ৫. জীৱনজোৰা সাধনাৰ এককালীন বঁটা, ২০০৮ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ১. পত্ৰিকাৰ গানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বঁটা, ১৯৮২ ২. শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বঁটা, ছবি কোৰা কাগাজ, ১৯৭৪ ৩. লেকিনৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা, ১৯৯০ ‘ফিল্ম ফেয়াৰ’ বঁটা ১. ১৯৫৯– মধুমতীৰ পৰা "আজা ৰে পৰদেশী" ২. ১৯৬৩– মৌমাখি চাল বাদৰ পৰা "কাহি দীপ জালে কহি দিল" ৩. ১৯৭০– জীনে কি ৰাহৰ পৰা "আপ মুঝে আচ্ছে লাগনে লগে" ৪. ১৯৯৩– ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ৫. ১৯৯৪– হাম আপকে হে কৌনৰ "দিদি তেৰা দেৱাৰ দিৱানা"ৰ বাবে ফিল্ম ফেয়াৰ বিশেষ বঁটা...! ৬. ২০০৪– ফিল্ম ফেয়াৰ বিশেষ বঁটা য'ত ৫০বছৰ সম্পূৰ্ণ কৰা ফিল্ম ফেয়াৰ বঁটা উপলক্ষে এটা সোণালী ট্ৰফী প্ৰদান কৰা হৈছিল। অন্যান্য বঁটা আৰু কৃতিত্ব ১. ১৯৮০– দক্ষিণ আমেৰিকাৰ গায়ানাৰ জৰ্জটাউন চহৰৰ চাবি উপস্থাপন কৰা হৈছে। ২. ১৯৮০– দক্ষিণ আমেৰিকাৰ সুৰিনাম গণৰাজ্যৰ সন্মানীয় নাগৰিকত্ব। ৩. ১৯৮৫– জুন ৯, কানাডাৰ অণ্টাৰিঅ'ৰ টৰণ্টোত উপস্থিত হোৱাৰ সন্মানত এছিয়া দিৱস হিচাপে ঘোষণা কৰা হয়। ৪. ১৯৮৭– টেক্সাছৰ হিউষ্টনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় নাগৰিকত্ব। ৫. ২০১০– নাইট অফ দ্য লিজিয়ন অফ অনাৰ (ফৰাচী সৰ্বোচ্চ অসামৰিক বঁটা) ইএমআই লণ্ডনৰ প্লেটিনাম ডিস্ক লাভ কৰা একমাত্ৰ এছিয়ান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ