--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ যৌন কেলেংকাৰীত সোমাই পৰিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম। লিক হৈছে বাবৰৰ কেতবোৰ আপত্তিজনক অডিঅ’ হোৱাটচাপ চাট আৰু ভিডিঅ’। এই লৈ উত্তেজনাময় হৈ পৰিছে পাকিস্তানৰ ক্ৰিকেট জগত। কেইবাটাও সংবাদ সংস্থাই এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে।

বাতৰি অনুযায়ী, পাকিস্তান ক্ৰিকেট দলৰে এগৰাকী সতীৰ্থৰ গাৰ্লফ্ৰেণ্ডক বাবৰে যৌনমূলক বাৰ্তা প্ৰেৰণ কৰিছিল। এই হোৱাটচাপ চাটিং আৰু ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে এইসমূহৰ যথাযথ সত্যতা সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।

যিসকলে বাবৰৰ অডিঅ’ চাটসমূহ লিক কৰিছে, তেওঁলোকে দাবী কৰিছে সতীৰ্থ ক্ৰিকেটাৰজনৰ গাৰ্লফ্ৰেণ্ডক বাবৰে কেইবাটাও প্ৰস্তাৱ দিছে। যদি গাৰ্লফ্ৰেণ্ডগৰাকীয়ে তেওঁৰ স’তে চেক্স চাট অব্যাহত ৰাখে, তেন্তে উক্ত ক্ৰিকেটাৰজন পাকিস্তানৰ দলত থাকিব পাৰিব।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাবৰৰ অনুৰাগীসকলে। তেওঁলোকে কৈছে যে ক্ৰিকেটাৰগৰাকীৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ এইসমূহ অপপ্ৰচাৰ চলোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বাবৰৰ ওপৰত এনেধৰণৰ অভিযোগ সাব্যষ্ট কৰা হৈছিল। হামিঝা মুখটাৰ নামৰ এগৰাকী যুৱতীক যৌন হাৰাশাস্তি কৰাৰ অভিযোগত বাবৰক দোষী সাব্যষ্ট কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু