--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী চৰকাৰৰ অধিকাৰক লৈ মুখামুখি বিবাদত লিপ্ত হৈছে আম আদমী পাৰ্টী আৰু কেন্দ্ৰীয় চৰকাৰ। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতো নতুনকৈ অধ্যাদেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

অধ্যাদেশৰ জৰিয়তে প্ৰশাসনিক বিষয়াৰ সালসলনিত সকলো ক্ষমতা কৰ্তন কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। পূৰ্বে এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল দিল্লী চৰকাৰৰ সপক্ষত। কিন্তু অধ্যাদেশৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ সেই ৰায়কে কাৰ্যতঃ চেলেঞ্জ কৰিলে কেন্দ্ৰীয় চৰকাৰে। 

দিল্লীত ক্ষমতালৈ অহাৰ পৰাই আপ চৰকাৰ সৈতে সংঘাত হৈছিল কেন্দ্ৰীয় চৰকাৰৰ। আপ চৰকাৰৰ বিৰুদ্ধে কেতিয়াবা CBI, কেতিয়াবা EDকে ধৰি অনেক চৰকাৰী যন্ত্ৰক ব্যৱহৃত হোৱাৰ অভিযোগ আছে। যাৰ অংশস্বৰূপে শেহতীয়াভাৱে কেন্দ্ৰই আনিলে এই অধ্যাদেশ। দৰাচলতে দিল্লীৰ উপ-ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্রপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমতে। অৰ্থাৎ দিল্লীৰ উপ-ৰাজ্যপালগৰাকী হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি। 

যাৰবাবে নিজৰ ৰাজনৈতিক অভিসন্ধি পূৰণৰ স্বাৰ্থত নতুন অধ্যাদেশৰ জৰিয়তে উপ-ৰাজ্যপালৰ এনেদৰে ক্ষমতা প্ৰদানৰ অভিযোগ উঠিছে মোদী চৰকাৰৰ বিৰুদ্ধে। আপ চৰকাৰ আৰু দিল্লীৰ উপ-ৰাজ্যপালৰ অধিকাৰক লৈ বিবাদৰ সূত্ৰপাত ঘটিছিল ২০১৫ চনত। বিষয়টো সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰ। এখন নিৰ্বাচিত চৰকাৰৰ অধিকাৰক লৈ পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয় পাইছিলগৈ দিল্লীৰ আপ চৰকাৰ।

অৱশেষত বিগত ১১ মে’ত দিল্লী চৰকাৰ আৰু উপ-ৰাজ্যপালৰ অধিকাৰক লৈ বিশেষ ৰায়দান প্ৰদান কৰিছিল ছুপ্ৰীম ক’ৰ্টে। য’ত কোৱা হৈছিল জনস্বাস্থ্য, আৰক্ষী আৰু ভূমি সংক্ৰান্তীয় বিষয়ৰ বাদে সকলো বিষয়তে দিল্লী চৰকাৰৰ পৰামৰ্শ আৰু সহযোগত কাম কৰিব লাগিব উপ-ৰাজ্যপালে। 

দিল্লী চৰকাৰৰ সপক্ষে প্ৰদান কৰা এনে ৰায়দানক লৈ অস্বস্তিত পৰিছিল মোদী চৰকাৰ। যাৰবাবে মাত্ৰ ৭ দিন পাছতে এক অধ্যাদেশৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক নস্যাৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে। দিল্লীৰ প্ৰশাসনিক বিষয়াৰ সালসলনিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হ’ল উপ-ৰাজ্যপালক। 

অৰ্থাৎ প্ৰায় ৯০ শতাংশ আসনত জয়ী হৈ চৰকাৰ গঠন কৰা অৰবিন্দ কেজৰিৱালৰ চৰকাৰক এক প্ৰকাৰ ধূলিস্যাৎ কৰিলে কেন্দ্ৰই। ইমানেই নহয় দিল্লী চৰকাৰৰ সপক্ষে প্ৰদান কৰা ৰায়দানক পুনৰ বিবেচনাৰ বাবেও ন্যায়ালয়ত আবেদন জনালে কেন্দ্ৰীয় চৰকাৰে। অধ্যাদেশ সন্দৰ্ভত কেন্দ্ৰৰ যুক্তি, দেশৰ ৰাজধানী হোৱাৰ বাবেই দিল্লী পোনপটীয়াকৈ ৰাষ্ট্রপতিৰ অধীনৰ অঞ্চল। ফলত প্ৰশাসনিক সালসলনিৰ অধিকাৰো থাকিব ৰাষ্ট্রপতিৰ অধীনত। 

অধ্যাদেশ জাৰি হোৱাৰ পাছত দিল্লীত প্ৰশাসনিক সালসলনিৰ দায়িত্বত থাকিব নেচনেল কেপিটেল চিভিল ছাৰ্ভিচেছ। যাৰ অধ্যক্ষ পদত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী। কিন্তু ইয়াৰ সদস্য হ’ব দিল্লীৰ মুখ্য সচিব অথবা গৃহ সচিব। যাক নিযুক্তি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰশাসনিক বিষয়াৰ সালসলনিত কোনো বিবাদ সৃষ্টি হ’লে সৰ্বশেষ সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ থাকিব দিল্লীৰ উপ-ৰাজ্যপালৰ। ফলত অধ্যাদেশৰ জৰিয়তে দিল্লীক নিজৰ নিয়ন্ত্ৰণলৈ লোৱাৰ ফৰ্মূলা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিপৰীতে ইয়াৰ জৰিয়তে ক্ষমতাহীন কৰিলে কেজৰিৱালৰ নিৰ্বাচিত চৰকাৰক। যাৰ বাবে মোদী চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে আপ নেতৃত্বই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা