--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ হ’ল ২০০০ টকীয়া নোটৰ প্ৰচলন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এই ঘোষণাই জোকাৰণি তুলিছে দেশজুৰি। কিন্তু বহুতে নাজানে যে ২০১৮ চনতে এই ২০০০ টকীয়া নোটৰ ছপা বন্ধ হৈছিল।

শেহতীয়াকৈ আৰ টি আইৰ উত্তৰত প্ৰকাশ পাইছে যে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ চনৰ ভিতৰত কোনো নতুন ২০০০ টকীয়া মুদ্ৰাৰ নোট ছপা হোৱা নাছিল।

সংবাদ সংস্থা আইএনএছে দাখিল কৰা আৰটিআই আবেদনত প্ৰকাশ পাইছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰাণ (পি) লিমিটেডে ২০১৬-১৭ বিত্তীয় বৰ্ষত ৩,৫৪২.৯৯১ মিলিয়ন সংখ্যক ২০০০ টকীয়া নোট ছপা কৰিছিল, যিটো ২০১৭-১৮ চনত ১১১.৫০৭ মিলিয়ন সংখ্যকলৈ হ্ৰাস পাইছিল আৰু  ২০১৮-১৯ চনত ৪৬.৬৯০ মিলিয়নলৈ হ্ৰাস পায়।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নোট মুদ্ৰান (পি) লিমিটেডৰ পৰা লাভ কৰা আৰ টি আইৰ উত্তৰত প্ৰকাশ পাইছে যে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ চনত ২০০০ টকাৰ মুদ্ৰা নোট ছপা কৰা হোৱা নাই।

তথ্য অনুসৰি, ২০১৬ চনত দেশত জব্দ কৰা মুঠ ২০০০ টকীয়া নোটৰ সংখ্যা ২,২৭২ খন, যিটো ২০১৮ চনত ৫৪,৭৭৬ লৈ হ্ৰাস পোৱাৰ পূৰ্বে ২০১৭ চনত ৭৪,৮৯৮ লৈ বৃদ্ধি পাইছিল ২০২০ চনৰ পৰা ২,৪৪,৮৩৪ সংখ্যকলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস