--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ৷ ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত দেখা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ অহা ৩১ মাৰ্চত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই আইনৰ ৰক্ষক হিচাপে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কাম নকৰি মুখ্যমন্ত্ৰীৰ কথামতেহে কাম কৰাৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ কয়, বিজেপি আৰু মুখ্যমন্ত্ৰীৰ ৰক্ষক হিচাপে কাম কৰিছে বিশ্বজিৎ দৈমাৰীয়ে৷ সভাপতিগৰাকীয়ে লগতে কয়, ৰাজ্যসভাৰ নিৰ্বাচনত কোনো দলৰ বিধায়কে আন প্ৰাৰ্থীক ভোট দিলে কোনো ব্যৱস্থা লোৱা নহ’ব বুলি কোৱাটো দুৰ্ভাগ্যজনক৷ আইনত আছে ভোট দিয়াৰ আগতে দলীয় এজেন্টক বিধায়কে দেখুৱাব লাগিব৷ ভূপেন বৰাই লগতে কয়, আমাৰ বিধায়কে অভিযোগ দিছে শ্লীপ দি অধ্যক্ষই কোঠালৈ মাতি নি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ প্ৰৰোচিত কৰিছে৷ জম্মু-কাশ্মীৰত বিজেপিয়ে নিজৰেই বিধায়কে ৰাজ্যসভাত ক্ৰছ ভোটিং কৰাৰ কাৰণে ‘disqualify’ কৰিছে। অসমত নিয়ম বেলেগ কিয় বুলি প্ৰশ্ন কৰে ভূপেন বৰাই৷ একেদৰে, ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত মন্তব্য কৰি ভূপেন বৰাই কয়, সংবাদ মাধ্যমেহে আজমল আৰু কংগ্ৰেছৰ মাজত কাজিয়া লগাব বিচাৰিছে। বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, সংবাদ মাধ্যমত বদৰুদ্দিন আজমলে কি কৈছে ডাঙৰ কথা নহয়। আমাৰ হাইকমাণ্ডৰ আগত যি কৈছে তাতেই মই আশ্বস্ত হৈছোঁ৷ তেওঁ লগতে কয়, আমি কাজিয়া কৰিব বিচৰা নাই, সকলো বিৰোধী ৰাজ্যসভাৰ নিৰ্বাচনত একতাৰে যুঁজিম৷ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ