--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ৷ ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত দেখা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ অহা ৩১ মাৰ্চত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই আইনৰ ৰক্ষক হিচাপে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কাম নকৰি মুখ্যমন্ত্ৰীৰ কথামতেহে কাম কৰাৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ কয়, বিজেপি আৰু মুখ্যমন্ত্ৰীৰ ৰক্ষক হিচাপে কাম কৰিছে বিশ্বজিৎ দৈমাৰীয়ে৷ সভাপতিগৰাকীয়ে লগতে কয়, ৰাজ্যসভাৰ নিৰ্বাচনত কোনো দলৰ বিধায়কে আন প্ৰাৰ্থীক ভোট দিলে কোনো ব্যৱস্থা লোৱা নহ’ব বুলি কোৱাটো দুৰ্ভাগ্যজনক৷ আইনত আছে ভোট দিয়াৰ আগতে দলীয় এজেন্টক বিধায়কে দেখুৱাব লাগিব৷ ভূপেন বৰাই লগতে কয়, আমাৰ বিধায়কে অভিযোগ দিছে শ্লীপ দি অধ্যক্ষই কোঠালৈ মাতি নি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ প্ৰৰোচিত কৰিছে৷ জম্মু-কাশ্মীৰত বিজেপিয়ে নিজৰেই বিধায়কে ৰাজ্যসভাত ক্ৰছ ভোটিং কৰাৰ কাৰণে ‘disqualify’ কৰিছে। অসমত নিয়ম বেলেগ কিয় বুলি প্ৰশ্ন কৰে ভূপেন বৰাই৷ একেদৰে, ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত মন্তব্য কৰি ভূপেন বৰাই কয়, সংবাদ মাধ্যমেহে আজমল আৰু কংগ্ৰেছৰ মাজত কাজিয়া লগাব বিচাৰিছে। বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, সংবাদ মাধ্যমত বদৰুদ্দিন আজমলে কি কৈছে ডাঙৰ কথা নহয়। আমাৰ হাইকমাণ্ডৰ আগত যি কৈছে তাতেই মই আশ্বস্ত হৈছোঁ৷ তেওঁ লগতে কয়, আমি কাজিয়া কৰিব বিচৰা নাই, সকলো বিৰোধী ৰাজ্যসভাৰ নিৰ্বাচনত একতাৰে যুঁজিম৷ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু