--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্য খনৰ বিষ্ণুপুৰ আৰু ইম্ফল পশ্চিম জিলাত পুনৰ  হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাত কমেও এজন অসামৰিক লোক নিহত হৈছিল আৰু এজন  মন্ত্ৰীৰ ঘৰত আক্ৰমণ চলোৱা হৈছে। হিংসাত্মক ঘটনাৰ পিছতে বিষ্ণুপুৰ, ইম্ফল পূব, ইম্ফল পশ্চিম আৰু জিৰিবাম জিলাত পৰৱৰ্তী নিৰ্দেশ  নিদিয়ালৈকে  কাৰফিউ জাৰি কৰা হৈছে। 

জানিব পৰা মতে  বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ ফলত এজন লোক নিহত হয়। ইপিনে ৰাজহুৱা নিৰ্মাণ বিভাগ আৰু যুৱ পৰিক্ৰমা তথা  ক্ৰীড়া বিভাগৰ মন্ত্ৰী কন্থৌজামৰ  ঘৰতো দুৰ্বৃত্তই আক্ৰমণ চলায়।  মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদিপ সিঙে কয় যে  বিষ্ণুপুৰ জিলাৰ ট্ৰনগ্লাওবি অঞ্চলৰ তিনিটা ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। ইপিনে গুলীচালনাত মৃত্যু হোৱা লোকজনক চুৰাচান্দপুৰৰ থেংৰা লেইৰাকৰ টইজাম চন্দ্ৰমণি সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ মৈৰাঙৰ এটা সাহায্য শিবিৰত আশ্ৰয় লৈ আছিল৷শেহতীয়াকৈ  ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটিসকলক  অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ঠিক পিছতে জনজাতীয় সংগঠনবোৰে এই  নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগে লগে আৰম্ভ হৈছিল  বিবাদ, সংঘৰ্ষ আৰু ৰক্তপাতৰ।

মণিপুৰত  মেইটিসকল সৰ্বাধিক জনসংখ্যাৰ জনগোষ্ঠী। আনহাতে, কুকি, আংগামি, লুচাই, নাগা, থাদাৰৱাছৰ দৰে প্ৰায় ৩০ টা জনজাতীয় গোটৰ লোককে  পাহাৰীয়া ৰাজ্য খনত  বাস কৰে। তেওঁলোকে আশংকা কৰে যে মেইটেইসকলে জনজাতীয় মৰ্যাদা পালে তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব।  মাটি কিনা-বেচাৰ ক্ষেত্ৰতো আন জনগোষ্ঠীৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা প্ৰকাশ কৰি আহিছে। আনহাতে,মেইটেইসকলে দাবী কৰে যে ১৯৪৯ চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে তেওঁলোকক এটা জনজাতি বুলি গণ্য কৰা হৈছিল। 

কিন্তু একত্ৰীকৰণৰ পিছত তেওঁলোকে সেই পৰিচয় হেৰুৱালে। ফলস্বৰূপে, জনজাতীয় ভূমি অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সাংবিধানিক সুৰক্ষাও তেওঁলোকে হেৰুৱাই পেলোৱা বুলি অভিযোগ কৰি আহিছে। ১৯৫২  চনত মণিপুৰৰ জনসংখ্যাৰ ৫১ শতাংশ মেইটেই আছিল। ২০১১  চনৰ লোকপিয়লত তেওঁলোকৰ সংখ্যা ৪৪  শতাংশলৈ হ্ৰাস পায়। সেইবাবেই মেইটেইসকলে জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। যি দাবীৰ বিৰোধিতা কৰিছে আন জনগোষ্ঠীৰ লোকসকলে। পৰিণতিত সূত্ৰপাত ঘটিছে ৰক্তাক্ত পৰিস্থিতিৰ। ইপিনে উত্তপ্ত মণিপুৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷













FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা