--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্য খনৰ বিষ্ণুপুৰ আৰু ইম্ফল পশ্চিম জিলাত পুনৰ  হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাত কমেও এজন অসামৰিক লোক নিহত হৈছিল আৰু এজন  মন্ত্ৰীৰ ঘৰত আক্ৰমণ চলোৱা হৈছে। হিংসাত্মক ঘটনাৰ পিছতে বিষ্ণুপুৰ, ইম্ফল পূব, ইম্ফল পশ্চিম আৰু জিৰিবাম জিলাত পৰৱৰ্তী নিৰ্দেশ  নিদিয়ালৈকে  কাৰফিউ জাৰি কৰা হৈছে। 

জানিব পৰা মতে  বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ ফলত এজন লোক নিহত হয়। ইপিনে ৰাজহুৱা নিৰ্মাণ বিভাগ আৰু যুৱ পৰিক্ৰমা তথা  ক্ৰীড়া বিভাগৰ মন্ত্ৰী কন্থৌজামৰ  ঘৰতো দুৰ্বৃত্তই আক্ৰমণ চলায়।  মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদিপ সিঙে কয় যে  বিষ্ণুপুৰ জিলাৰ ট্ৰনগ্লাওবি অঞ্চলৰ তিনিটা ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। ইপিনে গুলীচালনাত মৃত্যু হোৱা লোকজনক চুৰাচান্দপুৰৰ থেংৰা লেইৰাকৰ টইজাম চন্দ্ৰমণি সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ মৈৰাঙৰ এটা সাহায্য শিবিৰত আশ্ৰয় লৈ আছিল৷শেহতীয়াকৈ  ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটিসকলক  অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ঠিক পিছতে জনজাতীয় সংগঠনবোৰে এই  নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগে লগে আৰম্ভ হৈছিল  বিবাদ, সংঘৰ্ষ আৰু ৰক্তপাতৰ।

মণিপুৰত  মেইটিসকল সৰ্বাধিক জনসংখ্যাৰ জনগোষ্ঠী। আনহাতে, কুকি, আংগামি, লুচাই, নাগা, থাদাৰৱাছৰ দৰে প্ৰায় ৩০ টা জনজাতীয় গোটৰ লোককে  পাহাৰীয়া ৰাজ্য খনত  বাস কৰে। তেওঁলোকে আশংকা কৰে যে মেইটেইসকলে জনজাতীয় মৰ্যাদা পালে তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব।  মাটি কিনা-বেচাৰ ক্ষেত্ৰতো আন জনগোষ্ঠীৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা প্ৰকাশ কৰি আহিছে। আনহাতে,মেইটেইসকলে দাবী কৰে যে ১৯৪৯ চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে তেওঁলোকক এটা জনজাতি বুলি গণ্য কৰা হৈছিল। 

কিন্তু একত্ৰীকৰণৰ পিছত তেওঁলোকে সেই পৰিচয় হেৰুৱালে। ফলস্বৰূপে, জনজাতীয় ভূমি অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সাংবিধানিক সুৰক্ষাও তেওঁলোকে হেৰুৱাই পেলোৱা বুলি অভিযোগ কৰি আহিছে। ১৯৫২  চনত মণিপুৰৰ জনসংখ্যাৰ ৫১ শতাংশ মেইটেই আছিল। ২০১১  চনৰ লোকপিয়লত তেওঁলোকৰ সংখ্যা ৪৪  শতাংশলৈ হ্ৰাস পায়। সেইবাবেই মেইটেইসকলে জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। যি দাবীৰ বিৰোধিতা কৰিছে আন জনগোষ্ঠীৰ লোকসকলে। পৰিণতিত সূত্ৰপাত ঘটিছে ৰক্তাক্ত পৰিস্থিতিৰ। ইপিনে উত্তপ্ত মণিপুৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস