--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও উত্তেজনা শাম কটা নাই মণিপুৰত। উত্তেজিত জনতাই বুধবাৰে আক্ৰমণ কৰে ৰাজ্যখনৰ গড়কাপ্তানি মন্ত্ৰী গোবিন্দাস কণ্টৌজামৰ বাসগৃহ।

বুধবাৰে সন্ধিয়া বিষ্ণুপুৰ আৰক্ষী থানাৰ অধীনস্থ নিংথৌখং বজাৰত অৱস্থিত গোবিন্দাস কণ্টৌজামৰ বাসগৃহত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি বাসগৃহ লণ্ডভণ্ড কৰে। তাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি, মন্ত্ৰীগৰাকীৰ বাসগৃহত উত্তেজিত লোকৰ এক বৃহৎ দলে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি সন্মুখৰ চোতালত ৰখাই থোৱা কিছু আচবাব, খিৰিকীৰ কাঁচ, আৰু বাহনৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ৰ ফাইলতো জুই লগাই দিয়ে। অৱশ্যে এই হিংসাত্মক ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে।

ইফালে মহিলাৰে গঠিত আন এটা দলে মইৰাং লামখাইৰ পৰা থিনুংগেইলৈ যোৱা পথ অৱৰোধ কৰে। চি আৰ পি এফ আৰু আৰ এ এফৰ কনভয়ক মৈৰাঙলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে এই প্ৰতিবাদী দলটোৱে।

আনহাতে চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ লোকটক জলবিদ্যুৎ প্ৰকল্পৰ সমীপত অৱস্থিত মণিপুৰ মাউণ্টেইনিং এণ্ড ট্ৰেকিং এছ’চিয়েশ্যন (এমএমটিএ)ৰ প্ৰশিক্ষণ কমপ্লেক্স হিচাপে কাম কৰা মণিপুৰ মাউণ্টেইনিং ইনষ্টিটিউট কমপ্লেক্সত বুধবাৰে সন্ধিয়া অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা