--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও উত্তেজনা শাম কটা নাই মণিপুৰত। উত্তেজিত জনতাই বুধবাৰে আক্ৰমণ কৰে ৰাজ্যখনৰ গড়কাপ্তানি মন্ত্ৰী গোবিন্দাস কণ্টৌজামৰ বাসগৃহ।

বুধবাৰে সন্ধিয়া বিষ্ণুপুৰ আৰক্ষী থানাৰ অধীনস্থ নিংথৌখং বজাৰত অৱস্থিত গোবিন্দাস কণ্টৌজামৰ বাসগৃহত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি বাসগৃহ লণ্ডভণ্ড কৰে। তাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি, মন্ত্ৰীগৰাকীৰ বাসগৃহত উত্তেজিত লোকৰ এক বৃহৎ দলে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি সন্মুখৰ চোতালত ৰখাই থোৱা কিছু আচবাব, খিৰিকীৰ কাঁচ, আৰু বাহনৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ৰ ফাইলতো জুই লগাই দিয়ে। অৱশ্যে এই হিংসাত্মক ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে।

ইফালে মহিলাৰে গঠিত আন এটা দলে মইৰাং লামখাইৰ পৰা থিনুংগেইলৈ যোৱা পথ অৱৰোধ কৰে। চি আৰ পি এফ আৰু আৰ এ এফৰ কনভয়ক মৈৰাঙলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে এই প্ৰতিবাদী দলটোৱে।

আনহাতে চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ লোকটক জলবিদ্যুৎ প্ৰকল্পৰ সমীপত অৱস্থিত মণিপুৰ মাউণ্টেইনিং এণ্ড ট্ৰেকিং এছ’চিয়েশ্যন (এমএমটিএ)ৰ প্ৰশিক্ষণ কমপ্লেক্স হিচাপে কাম কৰা মণিপুৰ মাউণ্টেইনিং ইনষ্টিটিউট কমপ্লেক্সত বুধবাৰে সন্ধিয়া অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস