--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা কৰ্পৰেল ভিকি পাহাদে মঙলবাৰে পুত্ৰৰ জন্মদিন উদযাপন কৰিবলৈ ঘৰলৈ উভতি অহাৰ কথা আছিল। মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাৰ জোৱানজন নোনিয়া-কাৰবাল গাঁৱৰ বাসিন্দা তেওঁ।

স্থানীয় বাসিন্দাসকলে আইএনএছক জনোৱা মতে, বিকি পাহাদে যোৱা মাহত ভগ্নীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছিল আৰু ১৮ এপ্ৰিলত ইউনিটত যোগদান কৰিছিল।

কৰ্পৰেল পাহদে (৩৩) ২০১১ চনত ভাৰতীয় বায়ুসেনাত যোগদান কৰিছিল।তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ, পত্নী, মাতৃ আৰু তিনিগৰাকী ভগ্নীক এৰি থৈ যায়।

ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল এক্স হেণ্ডেলত লিখা আছিল- "জাতি সেৱাত পুঞ্চ খণ্ডত সৰ্বোচ্চ ত্যাগ কৰা সাহসী কৰ্পৰেল বিকি পাহাদেক CAS এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী আৰু বায়ুসেনাৰ সকলো কৰ্মীয়ে প্ৰণাম জনাইছো। আমাৰ গভীৰ শোক প্ৰকাশ কৰিছো।" এই দুখৰ সময়ত আমি আপোনাৰ কাষত দৃঢ়তাৰে থিয় দিছো।"

কালি পুঞ্চত আই এ এফৰ কনভয়ত সন্ত্রাসবাদীয়ে আক্রমণ কৰাৰ ফলত পাহাদে নিহত হোৱাৰ বিপৰীতে আন পাঁচজন আই এ এফৰ জোৱান আহত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ