--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যই এটা সময়ত  দেশ আৰু বিদেশত অস্থিৰতাৰ সৃষ্টি কৰিছিল। বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপূৰ শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গুজৰাটত ধৰ্মগুৰু আবু বকৰ টিম্মালক গ্ৰেপ্তাৰ কৰা হৈছে।  ধৰ্মগুৰুজনৰ বিৰুদ্ধে হিন্দু সনাতন সংঘৰ ৰাষ্ট্ৰীয় সভাপতি উপদেশ ৰাণা, হায়দৰাবাদৰ বিধায়ক তথা বিজেপি নেতা ৰাজা সিং আৰু হিন্দী নিউজ চেনেলৰ মুখ্য সম্পাদক সুৰেশ চৱঙ্কেক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উঠিছে। 

অভিযুক্তজনে মুছলমান শিশুসকলক ইছলামিক শিক্ষা  দান কৰি আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে  তেওঁ এটা হোৱাটছএপ গোটত ধৰ্মীয় বিভাজন ঘটাব পৰা  পোষ্ট কৰিছিল । অনুসন্ধানকাৰীসকলে কৈছে যে তেওঁলোকে টিমেলৰ ম'বাইল ফোন পৰীক্ষা কৰি  দেখিছে যে তেওঁ দুজন পাকিস্তানী আৰু নেপালী নাগৰিকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল ।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে উপদেশ ৰাণা টোমলৰ প্ৰথম লক্ষ্য আছিল। পিছত আৰক্ষীয়ে প্ৰমাণ লাভ কৰে যে ধৰ্মগুৰুজনে  নুপূৰ শৰ্মাকে ধৰি আৰু তিনিজন লোকক হত্যা কৰিব বিচৰিছিল । 

২০২২ চনত বিজেপিয়ে নুপূৰ শৰ্মাক তেওঁৰ মন্তব্যৰ বাবে  ছবছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লৈছিল। নবীন জিন্দালকো তেওঁক সমৰ্থন কৰাৰ বাবে নিলম্বিত কৰা হৈছিল। তেওঁলোকৰ প্ৰাথমিক  সদস্য পদো বাতিল কৰা হৈছিল। অৱশ্যে, তাৰ পিছতো  বিতৰ্কৰ ওৰ পৰা নাছিল৷ । সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰৱ দেশসমূহলৈও প্ৰতিবাদ বিয়পি পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু