--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যই এটা সময়ত  দেশ আৰু বিদেশত অস্থিৰতাৰ সৃষ্টি কৰিছিল। বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপূৰ শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গুজৰাটত ধৰ্মগুৰু আবু বকৰ টিম্মালক গ্ৰেপ্তাৰ কৰা হৈছে।  ধৰ্মগুৰুজনৰ বিৰুদ্ধে হিন্দু সনাতন সংঘৰ ৰাষ্ট্ৰীয় সভাপতি উপদেশ ৰাণা, হায়দৰাবাদৰ বিধায়ক তথা বিজেপি নেতা ৰাজা সিং আৰু হিন্দী নিউজ চেনেলৰ মুখ্য সম্পাদক সুৰেশ চৱঙ্কেক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উঠিছে। 

অভিযুক্তজনে মুছলমান শিশুসকলক ইছলামিক শিক্ষা  দান কৰি আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে  তেওঁ এটা হোৱাটছএপ গোটত ধৰ্মীয় বিভাজন ঘটাব পৰা  পোষ্ট কৰিছিল । অনুসন্ধানকাৰীসকলে কৈছে যে তেওঁলোকে টিমেলৰ ম'বাইল ফোন পৰীক্ষা কৰি  দেখিছে যে তেওঁ দুজন পাকিস্তানী আৰু নেপালী নাগৰিকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল ।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে উপদেশ ৰাণা টোমলৰ প্ৰথম লক্ষ্য আছিল। পিছত আৰক্ষীয়ে প্ৰমাণ লাভ কৰে যে ধৰ্মগুৰুজনে  নুপূৰ শৰ্মাকে ধৰি আৰু তিনিজন লোকক হত্যা কৰিব বিচৰিছিল । 

২০২২ চনত বিজেপিয়ে নুপূৰ শৰ্মাক তেওঁৰ মন্তব্যৰ বাবে  ছবছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লৈছিল। নবীন জিন্দালকো তেওঁক সমৰ্থন কৰাৰ বাবে নিলম্বিত কৰা হৈছিল। তেওঁলোকৰ প্ৰাথমিক  সদস্য পদো বাতিল কৰা হৈছিল। অৱশ্যে, তাৰ পিছতো  বিতৰ্কৰ ওৰ পৰা নাছিল৷ । সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰৱ দেশসমূহলৈও প্ৰতিবাদ বিয়পি পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ