--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজ্জ্বল ৰঙা কপাল, দুয়োখন গালত নীলা ৰং। চেলাউৰিৰ মাজত চন্দনৰ ফোঁট জিলিকি আছে। পিন্ধনত শাৰী, ডিঙিত নেমুৰ মালা৷ এনেধৰণেই এমুখ দাড়ি আৰু গোঁফেৰে ‘পুষ্পা-২’ৰ নতুন অৱতাৰ ল’লে আল্লু অৰ্জনে।

৮ এপ্ৰিলত আল্লুৰ উপলক্ষে মুক্তি পালে ‘পুষ্পা ২’ৰ প্ৰথমখন পোষ্টাৰ। নেট জগতত ভাইৰেল আলুৰ এই নতুন ৰূপ৷ এই অদ্ভূত বেশৰ উপৰিও অভিনেতাজনৰ গোটেই শৰীৰত গহনা পিন্ধা দেখা গৈছে। হাতত আছে বন্দুক৷ আল্লুৱে পোনে পোনে কেমেৰালৈ চাই আছে।

আল্লুৰ এই অৱতাৰ চৰ্চিত হৈ পৰিছে৷ আৰক্ষীৰ চকুৰ পৰা হাত সাৰিবলৈ নেকি এই পুষ্পাৰ এই অৱতাৰ? নতুন ৰূপটো শ্বেয়াৰ কৰি আল্লুৱে লিখিছে, “পুষ্পা ৰাজ আৰম্ভ হৈছে!” সেইটো দেখি অনুৰাগীসকলে মন্তব্য কৰে যে, "আপুনি ভাৰতীয় চিনেমাক পৰৱৰ্তী স্তৰলৈ লৈ গৈছে।"

আগদিনা মুক্তি পাইছিল ‘পুষ্পাঃদ্যা ৰুল’ৰ ট্ৰেইলাৰ। তাতেই দেখা গ’ল পুষ্পা ৰাজ কেনেকৈ তিৰুপতি কাৰাগাৰৰ পৰা পলায়ন কৰে। দৰ্শকে হয়তো আগতেই ভাবিছিল যে পুলিচে পুষ্পাক হত্যা কৰিলে। কিন্তু পিছত গম পোৱা গ’ল যে তেওঁ হাবিত আত্মগোপন কৰি আছে।

২০২১ চনত মুক্তি লাভ কৰিছিল ‘পুষ্পা: দ্য ৰাইজ’-এ। আল্লু অৰ্জুন অভিনীত এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখনৰ জৰিয়তেই আল্লুৱে সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি মুখ হৈ পৰিছিল। এই ছবিখনে দেশৰ বক্স অফিচত তিনিশ পঞ্চাশ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। তেতিয়াৰ পৰাই দৰ্শক আৰু অনুৰাগীয়ে অপেক্ষা কৰি আছে ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে। 'পুষ্পা ২' কেতিয়া মুক্তি পাব, অনুৰাগীৰ মুখত এটাই প্ৰশ্ন। অৱশ্যে সেই তথ্য নিৰ্মাতাসকলে প্ৰকাশ কৰা নাই৷

কিছুদিন পূৰ্বে গুজৱ শুনা গৈছিল যে পৰিচালক সুকুমাৰে হঠাতে মাজতে ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং বন্ধ কৰি দিছে। যোৱা বছৰৰ শেষৰ পৰাই ছবিখনৰ কাম আৰম্ভ কৰিছিল পৰিচালকগৰাকীয়ে। এই পৰ্যন্ত ছবিখনৰ শ্বুটিঙত সম্পূৰ্ণ সন্তুষ্ট হোৱা নাই পৰিচালকগৰাকী। গতিকে এতিয়াৰ বাবে তেওঁ শ্বুটিং বন্ধ কৰি দিছে।

আন এক সূত্ৰৰ মতে, যদিও আপাততঃ শ্বুটিং বন্ধ কৰা হৈছে, তথাপিও ছবিখনৰ সমগ্ৰ দলটোৱে তিনিমাহৰ পিছত পুনৰ শ্বুটিঙলৈ ঘূৰি আহিবলৈ ওলাইছে। তেনে ক্ষেত্ৰত জুলাই-আগষ্টৰ ভিতৰত পুনৰ শ্বুটিং আৰম্ভ হ’ব। সেই দৃষ্টিকোণৰ পৰা এই বছৰতে ছবিখন মুক্তি পোৱাৰ কোনো সম্ভাৱনা নাই। হয়তো অহা বছৰহে মুক্তি পাব ‘পুষ্পা: দ্য ৰুল’৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস