--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উজ্জ্বল ৰঙা কপাল, দুয়োখন গালত নীলা ৰং। চেলাউৰিৰ মাজত চন্দনৰ ফোঁট জিলিকি আছে। পিন্ধনত শাৰী, ডিঙিত নেমুৰ মালা৷ এনেধৰণেই এমুখ দাড়ি আৰু গোঁফেৰে ‘পুষ্পা-২’ৰ নতুন অৱতাৰ ল’লে আল্লু অৰ্জনে।

৮ এপ্ৰিলত আল্লুৰ উপলক্ষে মুক্তি পালে ‘পুষ্পা ২’ৰ প্ৰথমখন পোষ্টাৰ। নেট জগতত ভাইৰেল আলুৰ এই নতুন ৰূপ৷ এই অদ্ভূত বেশৰ উপৰিও অভিনেতাজনৰ গোটেই শৰীৰত গহনা পিন্ধা দেখা গৈছে। হাতত আছে বন্দুক৷ আল্লুৱে পোনে পোনে কেমেৰালৈ চাই আছে।

আল্লুৰ এই অৱতাৰ চৰ্চিত হৈ পৰিছে৷ আৰক্ষীৰ চকুৰ পৰা হাত সাৰিবলৈ নেকি এই পুষ্পাৰ এই অৱতাৰ? নতুন ৰূপটো শ্বেয়াৰ কৰি আল্লুৱে লিখিছে, “পুষ্পা ৰাজ আৰম্ভ হৈছে!” সেইটো দেখি অনুৰাগীসকলে মন্তব্য কৰে যে, "আপুনি ভাৰতীয় চিনেমাক পৰৱৰ্তী স্তৰলৈ লৈ গৈছে।"

আগদিনা মুক্তি পাইছিল ‘পুষ্পাঃদ্যা ৰুল’ৰ ট্ৰেইলাৰ। তাতেই দেখা গ’ল পুষ্পা ৰাজ কেনেকৈ তিৰুপতি কাৰাগাৰৰ পৰা পলায়ন কৰে। দৰ্শকে হয়তো আগতেই ভাবিছিল যে পুলিচে পুষ্পাক হত্যা কৰিলে। কিন্তু পিছত গম পোৱা গ’ল যে তেওঁ হাবিত আত্মগোপন কৰি আছে।

২০২১ চনত মুক্তি লাভ কৰিছিল ‘পুষ্পা: দ্য ৰাইজ’-এ। আল্লু অৰ্জুন অভিনীত এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখনৰ জৰিয়তেই আল্লুৱে সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি মুখ হৈ পৰিছিল। এই ছবিখনে দেশৰ বক্স অফিচত তিনিশ পঞ্চাশ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। তেতিয়াৰ পৰাই দৰ্শক আৰু অনুৰাগীয়ে অপেক্ষা কৰি আছে ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে। 'পুষ্পা ২' কেতিয়া মুক্তি পাব, অনুৰাগীৰ মুখত এটাই প্ৰশ্ন। অৱশ্যে সেই তথ্য নিৰ্মাতাসকলে প্ৰকাশ কৰা নাই৷

কিছুদিন পূৰ্বে গুজৱ শুনা গৈছিল যে পৰিচালক সুকুমাৰে হঠাতে মাজতে ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং বন্ধ কৰি দিছে। যোৱা বছৰৰ শেষৰ পৰাই ছবিখনৰ কাম আৰম্ভ কৰিছিল পৰিচালকগৰাকীয়ে। এই পৰ্যন্ত ছবিখনৰ শ্বুটিঙত সম্পূৰ্ণ সন্তুষ্ট হোৱা নাই পৰিচালকগৰাকী। গতিকে এতিয়াৰ বাবে তেওঁ শ্বুটিং বন্ধ কৰি দিছে।

আন এক সূত্ৰৰ মতে, যদিও আপাততঃ শ্বুটিং বন্ধ কৰা হৈছে, তথাপিও ছবিখনৰ সমগ্ৰ দলটোৱে তিনিমাহৰ পিছত পুনৰ শ্বুটিঙলৈ ঘূৰি আহিবলৈ ওলাইছে। তেনে ক্ষেত্ৰত জুলাই-আগষ্টৰ ভিতৰত পুনৰ শ্বুটিং আৰম্ভ হ’ব। সেই দৃষ্টিকোণৰ পৰা এই বছৰতে ছবিখন মুক্তি পোৱাৰ কোনো সম্ভাৱনা নাই। হয়তো অহা বছৰহে মুক্তি পাব ‘পুষ্পা: দ্য ৰুল’৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা