--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰীসকলে তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ বিভিন্ন উপায় বাছনি কৰে। তাৰে এটা হৈছে প্লাষ্টিক চাৰ্জাৰী। এই পদ্ধতিৰ সহায়ত বহু  জনপ্ৰিয় অভিনেত্ৰীয়ে তেওঁলোকৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি কৰিবলৈ সক্ষম হৈছে। দৰাটলতে বলীউডৰ বহু  অভিনেত্ৰীয়েই তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিতে দেখাত যেনে আছিল ছবিত তেনে হৈ নাথাকে। নাক-ওঁঠৰ প্লাষ্টিক চাৰ্জাৰী কৰি তেনে অভিনেত্ৰীসকলে নিজকে দেখাত বহু পৰিমাণে সলনি কৰিবলৈ সক্ষম হৈছে।

প্লাষ্টিক চাৰ্জাৰীৰ জড়য়তে তেওঁলোকৰ মুখমণ্ডলত  বহু পৰিৱৰ্তন হৈছে। প্ৰসাধন অস্ত্ৰোপচাৰ বা প্লাষ্টিক চাৰ্জাৰীৰসহায়ত চেহেৰা সলনি কৰিবলৈ সক্ষম হোৱা  কেইগৰাকীমান অভিনেত্ৰী হৈছে এওঁলোক- 

আয়েশা টাকিয়াঃ আয়েশা টাকিয়াই খুব কম বয়সতে বলীউডত কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁক প্ৰথমে এটা সংগীত ভিডিঅ'ত দেখা গৈছিল। 'টাৰ্জান দ্য ৱাণ্ডাৰ কাৰ' বোলছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ নিজকে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ প্লাষ্টিক চাৰ্জাৰীৰ পথ বাছি লৈছিল।তেওঁ প্লাষ্টিক চাৰ্জাৰী কৰি ওঁঠৰ ৰূপ সলনি কৰিছিল।

শ্ৰুতি হাছানঃ অভিনেত্ৰী শ্ৰুতি হাছান তামিল চলচ্চিত্ৰ উদ্যোগৰ চুপাৰষ্টাৰ কমল হাছানৰ কন্যা। বলীউডৰ উপৰি তেওঁ দক্ষিণৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। চিনেমাৰ পৃথিৱীত ভৰি দি তেওঁ প্লাষ্টিক অস্ত্ৰোপচাৰ কৰি নাকৰ আকৃতি সলনি কৰিছে।

অনুষ্কা শৰ্মাঃ অনুষ্কা শৰ্মা বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তেওঁ বহু ব্লকবাষ্টাৰ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁ নিজৰ চেহেৰা অধিক আকৰ্ষণীয় কৰি তোলাৰ  উপায় হিচাপে প্লাষ্টিক চাৰ্জাৰী  বাছনি কৰিছিল। তেওঁ অস্ত্ৰোপচাৰৰ জৰিয়তে ওঁঠৰ আকৃতি সলনি কৰিছে।

বাণী কাপুৰ: বাণী কাপুৰক প্ৰথমবাৰৰ বাবে সুশান্ত সিং ৰাজপুতৰ বিপৰীতে 'শুদ্ধ দেশী ৰোমাঞ্চ'ত দেখা গৈছিল। তাৰ পিছত তেওঁক বলীউডৰ বহু  জনপ্ৰিয় অভিনেতাৰ বিপৰীতে অভিনেত্ৰী হিচাবে  দেখা গৈছিল। তেওঁ  অস্ত্ৰোপচাৰৰ জৰিয়তে তাইৰ নাক আৰু ওঁঠৰ আকৃতি সলনি কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস