--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মক্কি কি ৰোটি চৰচো কা সাগ’ বেছিভাগ মানুহেই এই খাদ্যৰ প্ৰশংসা কৰে। শীতকালত মানুহে ইয়াক অতি আনন্দৰে খায়। সৰিয়হ শাক খাই বহু লোকেই ভালপায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সৰিয়হ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শীতকালত সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা আমাক ৰক্ষা কৰে। সাধাৰণতে চিকিৎসকে শীতকালত সেউজীয়া পাতৰ শাক-পাচলি খাবলৈও পৰামৰ্শ দিয়ে। ইয়াত থকা আঁহে পেটৰ পাচনতন্ত্ৰ নিৰাময় কৰে। ইয়াৰ লগতে কোষ্ঠকাঠিন্য, গেছ, বদহজম আৰু পেটৰ অন্যান্য সমস্যা কমোৱাত সহায় কৰে।

সৰিয়হ শাকৰ উপকাৰিতা

১) সৰিয়হ শাকে ঠাণ্ডা বতৰত শৰীৰক অত্যাৱশ্যকীয় পুষ্টি প্ৰদান কৰে। ইয়াত আঁহ, ভিটামিন, ফছফৰাছ, আইৰণ, ফলিক এচিড, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। ইয়াৰ ফলত শৰীৰত শক্তি পোৱা যায় আৰু শীতকালত এলাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

২) সৰিয়হ শাকে শৰীৰত থকা ফ্ৰী ৰেডিকেল কমোৱাত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগৰ বিৰুদ্ধে প্ৰভাৱ দেখুৱায়। সেইবাবেই বিশেষজ্ঞসকলে কয় যে এই শাক ৰন্ধা সময়ত বেছিকৈ ভজা উচিত নহয়, নহ’লে এণ্টিঅক্সিডেণ্টবোৰ ধ্বংস হৈ যায়।

৩) সৰিয়হ শাকে শৰীৰৰ বিপাকীয় ক্ৰিয়াৰ হাৰ শুধৰাই দিয়ে, যাৰ ফলত শৰীৰত অপ্ৰয়োজনীয় চৰ্বি জমা নহয়। বিশেষজ্ঞসকলৰ মতে ই আপোনাক ওজন কমোৱাত সহায় কৰিব পাৰে। ইয়াত থকা ভিটামিন কেয়ে গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ গুণৰ বাবেই ইয়াক ছুপাৰফুডৰ শ্ৰেণীত ৰখা হৈছে।




















FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু