--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰিব বিচাৰিছে ইউক্ৰেইনে। সেয়ে ক্ৰেমলিনত ড্ৰ’ন আক্ৰমণ চলাইছে। বুধবাৰে ৰাছিয়াই এই অভিযোগ উত্থাপন কৰে।

ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ইউক্ৰেইনে ক্ৰেমলিনত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলায়। কিন্তু ব্যৰ্থ হয় এই আক্ৰমণ। পুটিনে জনাইছে যে এই ঘটনাৰ প্ৰত্যুত্তৰৰ পদক্ষেপ গ্ৰহণ কৰাৰ ৰাছিয়াৰ অধিকাৰ আছে।

বাতৰি অনুসৰি, ক্ৰেমলিনৰ ফালে দুখন ড্ৰোন উৰা মাৰিছিল। কিন্তু সেই সময়ত পুটিন ক্ৰেমলিনত নাছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা বাহিনীয়ে ড্ৰ’ন দুখন ভূপতিত কৰে।

ৰাছিয়াৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত দেখা গৈছে যে মস্কোৰ কেন্দ্ৰৰ পৰা ধোঁৱা ওলাই আছে। অৱশ্যে এই ফুটেজটো ক্ৰেমলিনৰ ওপৰত আক্ৰমণ আছিল নে নাই সেয়া পৰীক্ষিত নহয়।

ৰাছিয়াৰ এই অভিযোগৰ সন্দৰ্ভত ইউক্ৰেইনে এতিয়াও কোনো মন্তব্য কৰা নাই। শেহতীয়াকৈ ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ চহৰসমূহত ড্ৰ’নকে ধৰি বিভিন্ন ধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে। ৰাছিয়াৰ সৈন্যই ওলোটা আক্ৰমণৰ কথা ঘোষণা কৰিছে। ইয়াৰ অংশ হিচাপেই এনে আক্ৰমণ সংঘটিত হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে যোৱা সোমবাৰে এক বিশেষ সামৰিক অভিযানৰ সময়ত ইউক্ৰেইনৰ তিনিখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল ইগ’ৰ ক’নাশ্বেনকোভে মঙলবাৰে কয় যে বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ বায়ুসেনাৰ তিনিখন বিমান ধ্বংস কৰিছে।

খেৰচন অঞ্চলৰ মিৰ’লিউব’ভকাৰ সমীপত ইউক্ৰেইনৰ দুখন মিগ-২৯ যুঁজাৰু বিমান ভূপতিত কৰা হয়। লগতে ইউক্ৰেইনৰ বায়ুসেনাৰ এখন এছইউ-২৫ বিমান খেৰচন অঞ্চলৰ ভেলটেনস্কো অঞ্চলৰ ওচৰত গুলীয়াই ভূপতিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন