--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰিব বিচাৰিছে ইউক্ৰেইনে। সেয়ে ক্ৰেমলিনত ড্ৰ’ন আক্ৰমণ চলাইছে। বুধবাৰে ৰাছিয়াই এই অভিযোগ উত্থাপন কৰে।

ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ইউক্ৰেইনে ক্ৰেমলিনত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলায়। কিন্তু ব্যৰ্থ হয় এই আক্ৰমণ। পুটিনে জনাইছে যে এই ঘটনাৰ প্ৰত্যুত্তৰৰ পদক্ষেপ গ্ৰহণ কৰাৰ ৰাছিয়াৰ অধিকাৰ আছে।

বাতৰি অনুসৰি, ক্ৰেমলিনৰ ফালে দুখন ড্ৰোন উৰা মাৰিছিল। কিন্তু সেই সময়ত পুটিন ক্ৰেমলিনত নাছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা বাহিনীয়ে ড্ৰ’ন দুখন ভূপতিত কৰে।

ৰাছিয়াৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত দেখা গৈছে যে মস্কোৰ কেন্দ্ৰৰ পৰা ধোঁৱা ওলাই আছে। অৱশ্যে এই ফুটেজটো ক্ৰেমলিনৰ ওপৰত আক্ৰমণ আছিল নে নাই সেয়া পৰীক্ষিত নহয়।

ৰাছিয়াৰ এই অভিযোগৰ সন্দৰ্ভত ইউক্ৰেইনে এতিয়াও কোনো মন্তব্য কৰা নাই। শেহতীয়াকৈ ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ চহৰসমূহত ড্ৰ’নকে ধৰি বিভিন্ন ধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে। ৰাছিয়াৰ সৈন্যই ওলোটা আক্ৰমণৰ কথা ঘোষণা কৰিছে। ইয়াৰ অংশ হিচাপেই এনে আক্ৰমণ সংঘটিত হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে যোৱা সোমবাৰে এক বিশেষ সামৰিক অভিযানৰ সময়ত ইউক্ৰেইনৰ তিনিখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল ইগ’ৰ ক’নাশ্বেনকোভে মঙলবাৰে কয় যে বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ বায়ুসেনাৰ তিনিখন বিমান ধ্বংস কৰিছে।

খেৰচন অঞ্চলৰ মিৰ’লিউব’ভকাৰ সমীপত ইউক্ৰেইনৰ দুখন মিগ-২৯ যুঁজাৰু বিমান ভূপতিত কৰা হয়। লগতে ইউক্ৰেইনৰ বায়ুসেনাৰ এখন এছইউ-২৫ বিমান খেৰচন অঞ্চলৰ ভেলটেনস্কো অঞ্চলৰ ওচৰত গুলীয়াই ভূপতিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস