--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত সংঘটিত হৈছে এটা অভাৱনীয় ঘটনা। চহৰখনৰ এখন বিদ্যালয়ত ১৪ বছৰীয়া এজন ছাত্ৰই কমেও ৮ জন সহপাঠীক গুলীয়াই হত্যা কৰিছে। বিদ্যালয়খনৰ এজন নিৰাপত্তাৰক্ষীও নিহত হৈছে।

তদুপৰি ৬ গৰাকী শিক্ষাৰ্থী আৰু এজন শিক্ষক আহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে দিয়া বিবৃতি অনুসৰি আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মধ্য বেলগ্ৰেডৰ ভ্লাডিস্লাভ ৰিবনিকাৰ স্কুলত ৩ মে’ৰ পুৱা সংঘটিত হৈছিল এই ঘটনা। এই সম্পৰ্কত এজন ১৪ বছৰীয়া ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰজনৰ নাম ক’ষ্টা কেকমান’ভিক। ক’ষ্টাই ২০০৯ চনত জন্মলাভ কৰিছিল।

বাতৰি মতে, সন্দেহযুক্ত ছাত্ৰজনে এই আক্ৰমণত তেওঁৰ পিতৃৰ বন্দুক ব্যৱহাৰ কৰিছিল। ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে ছাৰ্বিয়াত বন্দুকৰ মালিকীস্বত্ব ইউৰোপৰ ভিতৰতে সৰ্বাধিক। সেয়ে দেশখনত অতি কঠোৰ বন্দুক আইন আছে।এনেধৰণৰ গুলীচালনাও তুলনামূলকভাৱে বিৰল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন