--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত সংঘটিত হৈছে এটা অভাৱনীয় ঘটনা। চহৰখনৰ এখন বিদ্যালয়ত ১৪ বছৰীয়া এজন ছাত্ৰই কমেও ৮ জন সহপাঠীক গুলীয়াই হত্যা কৰিছে। বিদ্যালয়খনৰ এজন নিৰাপত্তাৰক্ষীও নিহত হৈছে।

তদুপৰি ৬ গৰাকী শিক্ষাৰ্থী আৰু এজন শিক্ষক আহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে দিয়া বিবৃতি অনুসৰি আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মধ্য বেলগ্ৰেডৰ ভ্লাডিস্লাভ ৰিবনিকাৰ স্কুলত ৩ মে’ৰ পুৱা সংঘটিত হৈছিল এই ঘটনা। এই সম্পৰ্কত এজন ১৪ বছৰীয়া ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰজনৰ নাম ক’ষ্টা কেকমান’ভিক। ক’ষ্টাই ২০০৯ চনত জন্মলাভ কৰিছিল।

বাতৰি মতে, সন্দেহযুক্ত ছাত্ৰজনে এই আক্ৰমণত তেওঁৰ পিতৃৰ বন্দুক ব্যৱহাৰ কৰিছিল। ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে ছাৰ্বিয়াত বন্দুকৰ মালিকীস্বত্ব ইউৰোপৰ ভিতৰতে সৰ্বাধিক। সেয়ে দেশখনত অতি কঠোৰ বন্দুক আইন আছে।এনেধৰণৰ গুলীচালনাও তুলনামূলকভাৱে বিৰল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস