--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মস্কো দখল কৰিম বুলি পুটিনক প্ৰত্যাহ্বান জনাইছিল তেওঁ। কিন্তু তেওঁৰ ভাড়াতীয়া সৈন্যই কোনো অজ্ঞাত কাৰণত মাজ বাটতে ৰৈ গ’ল। তেতিয়াৰ পৰাই "ৱেগনাৰ" বাহিনীৰ মালিক য়েভগেনি প্ৰিগোজিনক বিচাৰি পোৱা হোৱা নাই।

কোনো কোনোৱে কয় যে প্ৰিগোজিনে ৰাছিয়াৰ পৰা পলায়ন কৰিছে। আনহাতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে দাবী কৰিছে যে ৱেগনাৰ ৰাছিয়াতে আছে।

ক্ৰেমলিনে কয় যে প্ৰিগোজিনৰ গতিবিধি অজ্ঞাত। মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয়- ''তেওঁৰ গতিবিধি আমি নাজানো। আমাৰ সেই ক্ষমতা নাই, ইচ্ছাও নাই।''

ক’লৈ গ’ল প্ৰিগোজিন ? জীয়াই আছেনে তেওঁ? ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বাসিন্দা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু প্ৰিগোজিন। ভাড়াতীয়া বাহিনী ৱেগনাৰৰ মুখ্য কাৰ্যালয় এই চহৰতে আছে। বৃহৎ অঞ্চলৰ ওপৰত থিয় হৈ থকা এই অট্টালিকাটো নিৰ্মাণ উদ্যোগৰ অন্যতম ল্যাণ্ডমাৰ্ক।

মস্কো দখল কৰাৰ ব্যৰ্থ প্ৰচেষ্টাৰ পিছত ৰাছিয়াৰ আৰক্ষীয়ে প্ৰিগোজিনৰ ভিলা আৰু ৱেগনাৰৰ মুখ্য কাৰ্যালয়ত অভিযান চলায়। চেণ্ট পিটাৰ্ছবাৰ্গৰ প্ৰিগোজিনৰ ভিলাটোত আৰক্ষী সোমাই হতবাক হয়। তাত যিখিনি বস্তু পোৱা গ’ল সেয়া দেখি হতবাক আৰক্ষী।

আধুনিক পৃথিৱীত সম্ভ্ৰান্ত, অভিজাত আৰু প্ৰভাৱশালী লোকৰ ঘৰত সাধাৰণতে গাড়ীৰ সংগ্ৰহ দেখা যায়। কিন্তু "ৰাছিয়ান অলিগাৰ্চ" প্ৰিগোজিনৰ চখ গাড়ী নহয়, তেওঁৰ চখ হেলিকপ্টাৰ! হেলিকপ্টাৰ সংগ্ৰহ তেওঁৰ চখ।

চেণ্ট পিটাৰ্ছবাৰ্গৰ প্ৰিগোজিনৰ ভিলাটোৱে এক বৃহৎ এলেকা সামৰি লৈছে। বগা বেৰৰ পিছফালে সেউজীয়া ঘাঁহৰ কাৰ্পেট। এটা চুকত ‘পাৰ্ক’ কৰি এখন অত্যাধুনিক হেলিকপ্টাৰ। প্ৰিগোজিনে প্ৰয়োজন অনুসৰি সেই হেলিকপ্টাৰখনত যিকোনো ঠাইলৈ যায়।

ভিলাটোৰ বাৰাণ্ডাখন পাৰ হ’লেই বহা কোঠা পোৱা যায়। দবা বৰ্ডৰ আকৃতিৰ গ্লেজযুক্ত মজিয়া। চাৰিওফালে দামী আচবাব। দামী কাঠেৰে ঢাকি থোৱা এই কোঠাটোত কমেও এশজন মানুহে আৰামত শুব পাৰে।

দুই এজন আৰক্ষী জোৱানে তালাচী চলাওঁতে প্ৰিগোজিনৰ বাথৰুমলৈ যায়। অভাৰছাইজ বাথৰুমটোৰ চুকত মাৰ্বলৰ আৱৰণযুক্ত বাথটাব। বাথৰুমৰ এটা চুকত এখন ডাঙৰ ‘ফ্ৰেঞ্চ খিৰিকী’। তাৰ কাষতে দুখন ডেক চেয়াৰ ৰখা হৈছে। ৰ’দৰ তাপ লৈ লৈ গা ধোৱাৰ আদৰ্শ ঠাই।

যদি গা ধুবলৈ মন নাযায় তেন্তে চুইমিং পুল এটাও আছে। ইনড’ৰ পুলটোত কৃত্ৰিম পানীৰ ব্যৱস্থাও আছে। পুলটোৰ ঠিক কাষতে এখন ‘মালিচ বেড’ ৰখা হৈছে। কাষে কাষে আৰু দুখন ডেক চকী মেলি দিয়া হৈছে। ল’ৰা-ছোৱালীৰ খেলা-ধূলা সামগ্ৰীও আছে।

ভিলাৰ আন এটা কোঠাত এটা আলমাৰী আছে। আৰক্ষীয়ে আলমাৰীটো খোলাৰ লগে লগে তাৰপৰা উইগ এটা ওলাই আহে। এটা নহয়, কেইবাটাও উইগ আছে তাৰ ভিতৰত। কিয় ৰখা হৈছে উইগসমূহ। প্ৰিগোজিনে উইগ পিন্ধি ঘূৰা ফিৰা কৰে নেকি?

আৰক্ষীয়ে দেখে- প্ৰিগোজিনৰ আন এটা বহা কোঠালৈ যোৱা পথটোত কাঠৰ মাজৰ শ্বেল্ফ এটাত ঘঁৰিয়ালৰ ডাঙৰ খোলা এটা সাৱধানে ৰখা হৈছে। 

এইবাৰ আৰক্ষীৰ গন্তব্যস্থান হৈছে ৱেগনাৰৰ মুৰব্বী কাৰ্যালয়। অৰ্থাৎ প্ৰগোজিনে কাম চম্ভালি থকা ঘৰটো। সেই কোঠাটোৰ এফালে পুল টেবুল এখন। কাঠৰ টেবুলখনৰ সিটো পাৰে ক’লা প্লাষ্টিকৰ পেকেট এটাত ৰাছিয়ান ৰুবল। গোটেই কোঠাটো বিভিন্ন আকৃতিৰ মানুহৰ মূৰৰ প্ৰতিকৃতিৰে সজাই তোলা হৈছে।

কিন্তু প্ৰকৃত সম্পদটো প্ৰিগোজিনৰ শোৱা কোঠাত লুকাই আছিল। অভাৰছাইজ চোফাখনৰ এফালে সম্পূৰ্ণ অস্ত্ৰভাণ্ডাৰ। তাত এটা প্ৰকাণ্ড ৰাইফল দেখা গ’ল। ইয়াৰ উপৰিও কেইবাটাও বন্দুক, পিষ্টল, ৰাইফল সিঁচৰতি হৈ আছিল। উদ্ধাৰ হৈছে কমেও দুটা কাৰ্টিজ ভৰ্তি ছুটকেছ।

বেডৰুমৰ এটা অংশ পোনে পোনে প্ৰিগ’জিনৰ মনোৰঞ্জনৰ কোঠালৈ সোমাই যায়। বিলিয়াৰ্ডৰ টেবুল এখন আছে। এটা বিশাল হাতুৰীও আছে। অনলাইনত কেইবাখনো ছবি আৰু ভিডিঅ’ত প্ৰিগোজিনক হাতুৰী লৈ থিয় হৈ থকা দেখা গৈছে। 

ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে দাবী কৰিছে যে প্ৰিগোজিনৰ ভিলাৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ অনুমান অনুসৰি ৬৫ মিলিয়ন ডলাৰৰ ৰাছিয়াৰ মুদ্ৰা পোৱা গৈছে। অৱশ্যে উদ্ধাৰ হোৱা ধনৰ সঠিক পৰিমাণ স্পষ্ট হোৱা নাই। 

ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে সেই ভিলাৰ পৰাও একাধিক পাছপ’ৰ্ট পোৱা গৈছিল। সেই পাছপ’ৰ্টবোৰত ৱেগনাৰৰ মুখ্য প্ৰিগ’জিনৰ নাম আছে। কিন্তু প্ৰতিখন ছবি বেলেগ বেলেগ। সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয়, শেহতীয়াকৈ যিজনক প্ৰিগ’জিন বুলি দাবী কৰা হৈছে, তেওঁ প্ৰকৃত ব্যক্তি নেকি?

উল্লেখ্য যে ১৯৬১ চনৰ ১ জুনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ লেনিনগ্ৰাড (বৰ্তমান চেণ্ট পিটাৰ্ছবাৰ্গ)ত জন্মগ্ৰহণ কৰিছিল প্ৰিগোজিনে। তেওঁৰ শৈশৱৰ সপোন আছিল ‘ক্ৰছ কান্টি স্কিয়ৰ’ হোৱা। কিন্তু জীৱনটো সম্পূৰ্ণ বিপৰীত দিশলৈ যায়। ২০০০ চনলৈকে তেওঁ পুটিনৰ ওচৰ চাপিছিল। তাৰপাছৰ পৰা তেওঁৰ জীৱনৰ চকৰীয়েই ঘূৰি গ’ল।

কূটনীতিবিদসকলে কয় যে ৰাছিয়াই অস্বীকাৰ কৰাৰ পিছতো তেওঁলোকে প্ৰিগোজিন ক’ত আছে সেই কথা সঠিকভাৱে জানে। তেওঁলোকে মাত্ৰ ক’ব বিচাৰে যে তেওঁলোকে আৰু প্ৰিগ’জিন বা ৱেগনাৰ গ্ৰুপৰ কথা চিন্তা নকৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত