--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলত অবিৰত বতাহ-বৰষুণৰ ফলত এটা পুৰণি ওখ অট্টালিকা ভাঙি ৮ জন লোকৰ মৃত্যু হয়। সন্ধানহীন হৈ আছে পাঁচজন লোক। স্থানীয় লোকে দাবী কৰিছে যে আৰু ১৫-১৬ জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰৰ মতে, প্ৰথম অৱস্থাত বৰষুণৰ বাবে বহুমহলীয়া অট্টালিকাটোৰ আন্তঃগাঁথনি দুৰ্বল হৈ  ভাঙি পৰিল। নিহতসকলৰ ভিতৰত দুটা শিশুও আছে। এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱাৰে পৰা বৰষুণ দি আছে। হঠাৎ সিহঁতে এটা ডাঙৰ শব্দ শুনিলে। ইয়াৰ পিছত তেওঁ দেখিলে যে সমগ্ৰ বহুমহলীয়া অট্টালিকাটো মাটিত বিলীন হৈ গৈছে।

সেই বহুমহলীয়া অট্টালিকাটোৰ বাসিন্দাক উদ্ধাৰৰ চেষ্টা চলাইছিল স্থানীয় ৰাইজে। ইয়াৰ পিছত আহিল অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নিৰুদ্দেশ হৈছে ৫জন লোক। অৱশ্যে ধ্বংসাৱশেষৰ তলত বহু লোক পুতি থোৱা হৈছে। শুকুৰবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯:৩০ বজাত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে চাৰিজন লোকক। অৱশ্যে শনিবাৰে পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰি আন কোনো লোক আবদ্ধ হৈ আছে নে নাই তাক পৰীক্ষা কৰে।

স্থানীয় ৰাইজৰ মতে, ৫ মহলীয়া ঘৰটো বহু আগতেই স্থানীয় প্ৰশাসনে বিপজ্জনক বুলি ঘোষণা কৰিছিল। ২০০৯ চনত ঘৰটো খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল। একাংশ পৰিয়ালে ঘৰৰ পৰা ওলাই যোৱাৰ বিপৰীতে কিছুমান পৰিয়াল ঘৰতে থাকিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস