--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলত অবিৰত বতাহ-বৰষুণৰ ফলত এটা পুৰণি ওখ অট্টালিকা ভাঙি ৮ জন লোকৰ মৃত্যু হয়। সন্ধানহীন হৈ আছে পাঁচজন লোক। স্থানীয় লোকে দাবী কৰিছে যে আৰু ১৫-১৬ জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰৰ মতে, প্ৰথম অৱস্থাত বৰষুণৰ বাবে বহুমহলীয়া অট্টালিকাটোৰ আন্তঃগাঁথনি দুৰ্বল হৈ  ভাঙি পৰিল। নিহতসকলৰ ভিতৰত দুটা শিশুও আছে। এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱাৰে পৰা বৰষুণ দি আছে। হঠাৎ সিহঁতে এটা ডাঙৰ শব্দ শুনিলে। ইয়াৰ পিছত তেওঁ দেখিলে যে সমগ্ৰ বহুমহলীয়া অট্টালিকাটো মাটিত বিলীন হৈ গৈছে।

সেই বহুমহলীয়া অট্টালিকাটোৰ বাসিন্দাক উদ্ধাৰৰ চেষ্টা চলাইছিল স্থানীয় ৰাইজে। ইয়াৰ পিছত আহিল অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নিৰুদ্দেশ হৈছে ৫জন লোক। অৱশ্যে ধ্বংসাৱশেষৰ তলত বহু লোক পুতি থোৱা হৈছে। শুকুৰবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯:৩০ বজাত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে চাৰিজন লোকক। অৱশ্যে শনিবাৰে পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰি আন কোনো লোক আবদ্ধ হৈ আছে নে নাই তাক পৰীক্ষা কৰে।

স্থানীয় ৰাইজৰ মতে, ৫ মহলীয়া ঘৰটো বহু আগতেই স্থানীয় প্ৰশাসনে বিপজ্জনক বুলি ঘোষণা কৰিছিল। ২০০৯ চনত ঘৰটো খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল। একাংশ পৰিয়ালে ঘৰৰ পৰা ওলাই যোৱাৰ বিপৰীতে কিছুমান পৰিয়াল ঘৰতে থাকিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান