--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মঙলবাৰে সমকামী বিবাহক আইনী স্বীকৃতিৰ বাবে দাখিল কৰা ২০খন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত সংবিধান বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ১৮ এপ্ৰিলত শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ আদালতত কয় যে ‘বিবাহৰ অৰ্থ হ’ল জৈৱিক পুৰুষ আৰু জৈৱিক মহিলাৰ মাজৰ সম্পৰ্ক’। এই কথাত চিজিআই ডি ৱাই চন্দ্ৰচুড়ে কয়, "কেৱল শাৰীৰিক ৰূপেই পুৰুষ আৰু মহিলাৰ ধাৰণাটো ব্যাখ্যা নকৰে। আপোনাৰ যৌনাংগই আপুনি জৈৱিকভাৱে পুৰুষ বুলি সংজ্ঞায়িত নকৰে। ই যথেষ্ট জটিল।"

ইয়াৰ লগতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সংবিধান বিচাৰপীঠৰ সন্মুখত দাখিল কৰে। একে সময়তে জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে আদালতত আবেদনকাৰীৰ পক্ষ দাখিল কৰে।
এই বিষয়ত বিতৰ্ক আজি অৰ্থাৎ বুধবাৰেও চলি থাকিব।
সংবিধান বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ হিমা কোহলীয়ে দুয়োপক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি আছে।
এই শুনানিৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কয় যে নতুন সামাজিক সম্পৰ্কৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল সংসদেহে আছে। তেওঁ লগতে কয় যে আবেদনকাৰীসকলে এই দেশৰ মতামতক প্ৰতিনিধিত্ব নকৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ