--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মঙলবাৰে সমকামী বিবাহক আইনী স্বীকৃতিৰ বাবে দাখিল কৰা ২০খন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত সংবিধান বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ১৮ এপ্ৰিলত শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ আদালতত কয় যে ‘বিবাহৰ অৰ্থ হ’ল জৈৱিক পুৰুষ আৰু জৈৱিক মহিলাৰ মাজৰ সম্পৰ্ক’। এই কথাত চিজিআই ডি ৱাই চন্দ্ৰচুড়ে কয়, "কেৱল শাৰীৰিক ৰূপেই পুৰুষ আৰু মহিলাৰ ধাৰণাটো ব্যাখ্যা নকৰে। আপোনাৰ যৌনাংগই আপুনি জৈৱিকভাৱে পুৰুষ বুলি সংজ্ঞায়িত নকৰে। ই যথেষ্ট জটিল।"

ইয়াৰ লগতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সংবিধান বিচাৰপীঠৰ সন্মুখত দাখিল কৰে। একে সময়তে জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে আদালতত আবেদনকাৰীৰ পক্ষ দাখিল কৰে।
এই বিষয়ত বিতৰ্ক আজি অৰ্থাৎ বুধবাৰেও চলি থাকিব।
সংবিধান বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ হিমা কোহলীয়ে দুয়োপক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি আছে।
এই শুনানিৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কয় যে নতুন সামাজিক সম্পৰ্কৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল সংসদেহে আছে। তেওঁ লগতে কয় যে আবেদনকাৰীসকলে এই দেশৰ মতামতক প্ৰতিনিধিত্ব নকৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল