--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মাহত বিহাৰৰ ৰাজধানী পাটনাৰ এটা ৰে’ল ষ্টেচনৰ টিভিত অশ্লী ভিডিঅ' হঠাতে ওলোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল। ৰে’ল ষ্টেছনটোৰ প্লেটফৰ্মত  হঠাতে টিভিৰ স্ক্ৰীণত এটা অশ্লীল ভিডিঅ' চলিবলৈ আৰম্ভ কৰাৰ পিছতে তাত উপস্থিত থকাসকলে লাজতে মুখ ঢাকি দিছিল। পাটনাৰ  এই ঘটনাৰ পিছত এতিয়া ভাগলপুৰতো প্ৰায় একে ধৰণৰ ঘটনাই ঘটিছে। 

ভাগলপুৰৰ গোলামবৰ ষ্টেচনৰ ওচৰত থকা  ড০ ভীমৰাও আম্বেদকাৰৰ মূৰ্তিৰ কাষতে এখন  ডিজিটেল ডিচপ্লে স্ক্ৰীণ স্থাপন কৰা হৈছে। সেই ডিজিটেল ডিচপ্লে স্ক্ৰীণতে  হঠাতে অতি অশ্লীল বিজ্ঞাপন এটা প্ৰদৰ্শন হ’বলৈ  আৰম্ভ কৰে।  ভাগলপুৰত সংঘটিত এই ঘটনাৰো ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাৰ পিছতে ভাগলপুৰৰ ষ্টেচন চকত আলোড়ণৰ  সৃষ্টি হৈছে।

ভীমৰাও আম্বেদকাৰৰ মূৰ্তিটোৰ ওপৰৰ ডিচপ্লে স্ক্ৰীণত আপত্তিজনক বাৰ্তা থকা কেতবোৰ কথা  প্ৰদৰ্শন হোৱাৰ বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে।  তাত উপস্থিত থকা  লোকসকলে লগে লগে বিষয়টো   চকত নিয়োজিত আৰক্ষীক অৱগত কৰে।ইয়াৰ পিছতে অস্লীল বাৰ্তা থকা ভিডিঅ’টো বন্ধ হৈ পৰে। প্ৰায় ১০ ৰ পৰা ১৫ মিনিটৰ বাবে ডিজিটেল স্ক্ৰীণত এনে অশ্লীল বাৰ্তা প্ৰদৰ্শিত হৈছিল। ডিজিটেল স্ক্ৰীণ বন্ধ কৰাৰ পিছত ঘটনাটো জিলা দণ্ডাধীশক জনোৱা হৈছিল। 

এছডিএম ধনঞ্জয় কুমাৰ, মহানগৰৰ ডিএছপি অজয় চৌধুৰীয়ে কোতৱালী আৰক্ষী থানাৰ আৰক্ষী লগত লৈ  ঘটনাস্থলীত উপস্থিত হয় আৰু বিষয়টোৰ তদন্ত আৰম্ভ  কৰে, লগতে তাৰ পৰা স্ক্ৰীণখন আঁতৰাই জব্দ কৰে।  ডিএছপি অজয় চৌধুৰীয়ে কয় , "স্ক্ৰীণত যি প্ৰদৰ্শিত হৈছে সেই বিষয়ত  আৰক্ষীয়ে তদন্ত কৰি আছে। আমি টেকনিচিয়ানসকলক মাতিছো।  যিয়ে এনে কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ