--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে নাৰীৰ এটা বিশেষ স্বকীয় ৰূপ আছে বুলি গণ্য কৰা হয়। কিন্তু ইয়াৰ বিপৰীত হৈছে ডাকোটা কুক। পুৰুষৰ দৰেই এখন দাড়িভৰা মুখ আছে আমেৰিকা নিবাসী এই মহিলাগৰাকীৰ। শুনিবলৈ আচৰিত লাগিলেও ই সঁচা।

৩০ বছৰ বয়সীয়া ডাকোটাৰ মুখখন দাড়ি-গোঁফেৰে ভৰা। কিশোৰীকালৰ পৰাই ডাকোটাৰ মুখত দাড়ি দেখা গৈছিল। ১৩ বছৰ বয়সত ডাকোটাই নিজৰ শৰীৰৰ অস্বাভাৱিকতা বুজি উঠিছিল। সেয়ে লোকলজ্জাৰ পৰা বাচিবলৈ নিয়মিতভাৱে এইসমূহ কাটি মুখখন পৰিষ্কাৰ কৰি আহিছিল তেওঁ।

মুখত দাড়ি থকা বাবে তেওঁ ভীষণ মানসিক অশান্তি লাভ কৰিছিল। কিন্তু ২০১৫ চনত এজন বন্ধুৱে ডাকোটাক এটা পৰামৰ্শ দিলে। ক’লে যে এই দাড়িখিনি ডাকোটাই ফেশ্বন শ্ব’ত অংশ ল’লে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব আৰু ডাকোটাৰ বাবে ই গৌৰৱৰ কাৰণো হৈ পৰিব।

শেহতীয়াকৈ ডাকোটাই ইন্ষ্টাগ্ৰামত এখন পুৰণি ছৱি শ্বেয়াৰ কৰিছে। তাত তেওঁ নিউয়ৰ্ক ফেশ্বন উইকত অংশ লোৱা দেখা গৈছে।

ফটোখনৰ স’তে ডাকোটাই লিখিছে যে তেওঁ শৈশৱৰে পৰা নিজৰ শৰীৰক ঘৃণা কৰি আহিছে। তেওঁ কোনোদিনে মডেলিঙত ভৰি থব বুলি ভবা নাছিল। কিন্তু এই নীচ্চাত্মিকতাবোধ এতিয়া শেষ হৈছে। নিজৰ ৰূপক লৈ তেওঁ গৰ্বিত।

কিন্তু কিয় ডাকোটাৰ মুখত পুৰুষৰ দৰে দাড়ি আছে? একাধিক মেডিকেল পৰীক্ষাৰ পাছতো ডাক্তৰসকলে ডাকোটাৰ শাৰিৰীক সমস্যাৰ বিষয়ে বুজিব পৰা নাই। কিছুৱে অনুমান কৰিছে যে শৰীৰত অতিমাত্ৰা টেস্টোস্টেৰণ থকা বাবেই এই অস্বাভাৱিকতাই দেখা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক