--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে নাৰীৰ এটা বিশেষ স্বকীয় ৰূপ আছে বুলি গণ্য কৰা হয়। কিন্তু ইয়াৰ বিপৰীত হৈছে ডাকোটা কুক। পুৰুষৰ দৰেই এখন দাড়িভৰা মুখ আছে আমেৰিকা নিবাসী এই মহিলাগৰাকীৰ। শুনিবলৈ আচৰিত লাগিলেও ই সঁচা।

৩০ বছৰ বয়সীয়া ডাকোটাৰ মুখখন দাড়ি-গোঁফেৰে ভৰা। কিশোৰীকালৰ পৰাই ডাকোটাৰ মুখত দাড়ি দেখা গৈছিল। ১৩ বছৰ বয়সত ডাকোটাই নিজৰ শৰীৰৰ অস্বাভাৱিকতা বুজি উঠিছিল। সেয়ে লোকলজ্জাৰ পৰা বাচিবলৈ নিয়মিতভাৱে এইসমূহ কাটি মুখখন পৰিষ্কাৰ কৰি আহিছিল তেওঁ।

মুখত দাড়ি থকা বাবে তেওঁ ভীষণ মানসিক অশান্তি লাভ কৰিছিল। কিন্তু ২০১৫ চনত এজন বন্ধুৱে ডাকোটাক এটা পৰামৰ্শ দিলে। ক’লে যে এই দাড়িখিনি ডাকোটাই ফেশ্বন শ্ব’ত অংশ ল’লে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব আৰু ডাকোটাৰ বাবে ই গৌৰৱৰ কাৰণো হৈ পৰিব।

শেহতীয়াকৈ ডাকোটাই ইন্ষ্টাগ্ৰামত এখন পুৰণি ছৱি শ্বেয়াৰ কৰিছে। তাত তেওঁ নিউয়ৰ্ক ফেশ্বন উইকত অংশ লোৱা দেখা গৈছে।

ফটোখনৰ স’তে ডাকোটাই লিখিছে যে তেওঁ শৈশৱৰে পৰা নিজৰ শৰীৰক ঘৃণা কৰি আহিছে। তেওঁ কোনোদিনে মডেলিঙত ভৰি থব বুলি ভবা নাছিল। কিন্তু এই নীচ্চাত্মিকতাবোধ এতিয়া শেষ হৈছে। নিজৰ ৰূপক লৈ তেওঁ গৰ্বিত।

কিন্তু কিয় ডাকোটাৰ মুখত পুৰুষৰ দৰে দাড়ি আছে? একাধিক মেডিকেল পৰীক্ষাৰ পাছতো ডাক্তৰসকলে ডাকোটাৰ শাৰিৰীক সমস্যাৰ বিষয়ে বুজিব পৰা নাই। কিছুৱে অনুমান কৰিছে যে শৰীৰত অতিমাত্ৰা টেস্টোস্টেৰণ থকা বাবেই এই অস্বাভাৱিকতাই দেখা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ