--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীয়ে সন্তান বিচাৰে৷ কিন্তু কোনো পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰাকৈয়েই তেওঁ সন্তানৰ মাক হ’বলৈ বিচাৰে৷ নাম তেওঁৰ  আমেলা স্মাইলবেগোভিচ। পেছাত এগৰাকী উদ্যোগী৷ নিজকে নাৰীবাদী বুলি পৰিচয় দি ভালপোৱা  আমেলাই এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত বাস কৰে।

 মহিলাৰ স্বাধীনতাত বিশ্বাস কৰা আমেলাই কোনো কামৰ বাবে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰে। তেওঁ  এটা সন্তান জন্ম দিব বিচাৰে, কিন্তু কোনো পুৰুষৰ সহায় নোলোৱাকৈ৷ ইয়াৰ বাবে মহিলাগৰাকীয়ে তেওঁৰ ডিম্বাণু  হিমায়িত কৰি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছে৷   তেওঁ ৩৯ বছৰ বয়সত সেই ডিম্বাণু ব্যৱহাৰ কৰি মাতৃ হ'ব বিচাৰে।


আমেলা জন্মগতভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা নহয়। ১৯৯৪ চনত তেওঁ যুগোশ্লাভিয়াৰ পৰা আমেৰিকালৈ পলাই আহিছিল। সংগ্ৰামৰ মাজেৰে জীৱন আৰম্ভ কৰা মহিলাগৰাকী এতিয়া কেইবা কোটি টকাৰ গৰাকী। তেওঁ কৈ আহিছে যে এগৰাকী মহিলা হিচাবে  প্ৰতিটো পৰিস্থিতিত তেওঁ পুৰুষতান্ত্ৰিক বৈষম্যৰ সন্মুখীন হৈছে ৷ গতিকে তেওঁ নিজৰ কোনো কামৰ বাবে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰে।

আমেলাই সামাজিক মাধ্যমত কৈছেযে তেওঁ  ৩৭ ত ভৰি দিছে। তেওঁ অনুভৱ কৰে যে  কামৰ চাপত সন্তান জন্ম দিয়াৰ কথা তেওঁ পাহৰি গৈছে। কিন্তু এদিন তেওঁ সঁচাকৈয়ে মাতৃ হ'ব বিচাৰে। তেওঁ  ৩৯ বছৰ বয়সত মাতৃ হোৱাৰ সিদ্ধান্ত লৈছে। গতিকে তেওঁ তেওঁৰ ডিম্বাণু  হিমায়িত কৰি ৰখাৰ সিদ্ধান্ত লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ