--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা অধিক হোৱা দেখা যায়। কিন্তু কিয়? এই সন্দৰ্ভত আমি দিল্লীৰ চি কে বিৰলা হস্পিতালৰ জ্যেষ্ঠ বিশেষজ্ঞ ডাঃ ৰাজীৱ গুপ্তাই থাইৰয়ডৰ কিছুমান সাধাৰণ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে জানো আহক।

মহিলাসকলৰ থাইৰয়ড আশংকা অধিক কিয়?
পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা বেছি। কিন্তু ইয়াৰ বহু কাৰণ দেখা যায়, যিবোৰ তেওঁলোকৰ হৰম’নৰ স্বাস্থ্য, জীৱনশৈলী, গৰ্ভাৱস্থা আৰু ৰজোনিবৃত্তিৰ সৈতে জড়িত। এই সকলোবোৰ অৱস্থাই থাইৰয়ড ৰোগৰ সূচনা আৰু সৃষ্টি কৰিব পাৰে। এই সময়ত মহিলাৰ শৰীৰত থাইৰয়ড হৰম’ন বাঢ়িবলৈ আৰু কমিবলৈ আৰম্ভ কৰে আৰু ই বিপাকীয় কাৰ্য্যকলাপত পৰিৱৰ্তন আনিব পাৰে। কিন্তু হাইপোথাইৰয়ডিজম বেছিভাগ মহিলাৰ ক্ষেত্ৰত দেখা যায়, য’ত বহু ধৰণৰ লক্ষণ দেখা দিয়ে।

* মহিলাৰ হাইপ’থাইৰয়ডিজমৰ লক্ষণ-
হাইপোথাইৰয়ডিজম, যাক আণ্ডাৰএক্টিভ থাইৰয়ড বুলিও কোৱা হয়, যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে আপোনাৰ শৰীৰৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ থাইৰয়ড হৰম’ন পৰ্যাপ্ত পৰিমাণে প্ৰস্তুত নকৰে। ইয়াৰ বাবে বহু ধৰণৰ লক্ষণ (মহিলাৰ হাইপোথাইৰয়ডিজমৰ লক্ষণ) শৰীৰত দেখা পোৱা যায়।

* কেনেকৈ জানিব?
১. সকলো সময়তে ভাগৰ অনুভৱ কৰা
২. অতি ঠাণ্ডা বা গৰম অনুভৱ কৰা
৩. দ্ৰুত ওজন বৃদ্ধি
৪. কোষ্ঠকাঠিন্য
৫. পেশীৰ বিষ আৰু দুৰ্বলতা

* থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব?
থাইৰয়ডৰ পৰা বাচি থাকিবলৈ শুদ্ধ জীৱনশৈলী অনুকৰণ কৰক। ইয়াৰ বাবে ভিটামিন-চি আৰু ভিটামিন-এ সমৃদ্ধ খাদ্য গ্ৰহণ কৰা উচিত। যেনে-বিলাহী, কণী, ভেণ্ডি, কচু ইত্যাদি। ইয়াৰ উপৰি সময়মতে ব্ৰেকফাষ্ট তথা ব্যায়াম কৰক। ইয়াৰ উপৰি বছৰত এবাৰ থাইৰয়ড পৰীক্ষা কৰোৱা উচিত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ