--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো পুষ্টিকৰ উপাদানৰ দৰে আমাৰ শৰীৰতো বহুত ভিটামিনৰ প্ৰয়োজন হয়, যদি আমি ভিটামিন চিৰ কথা কওঁ তেন্তে ইয়াক সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা পুষ্টিকৰ পদাৰ্থ বুলি গণ্য কৰা হয়, আচলতে ই এটা এন্টিঅক্সিডেন্ট যিয়ে সংযোগী কলাবোৰক সুস্থ কৰি ৰাখে আৰু গাঁঠিবোৰক সুৰক্ষা দিয়ে। ইয়াৰ উপৰিও আমাৰ চকু সুস্থ কৰি ৰাখিবলৈ ভিটামিন চিৰো প্ৰয়োজন। যদি শৰীৰত এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে বহু লোকচান হয়।

ভিটামিন চিৰ অভাৱ কিয়?

যদি আপুনি ধূমপান কৰে, মদ্যপান কৰে, সঠিকভাৱে খাদ্য গ্ৰহণ নকৰে, যিকোনো ধৰণৰ মানসিক ৰোগত আক্ৰান্ত হয়, তেন্তে আপোনাৰ শৰীৰত ভিটামিন চিৰ অভাৱ হ’ব পাৰে আৰু এনে পৰিস্থিতিত আপুনি ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগিব।

ভিটামিন চি কিমান খাব লাগে

সাধাৰণতে পুৰুষক দৈনিক ৯০ মিলিগ্ৰাম আৰু মহিলাক ৭৫ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। যেতিয়া সেয়া পূৰণ নহয় তেতিয়া শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ভিটামিন চিৰ অভাৱৰ লক্ষণ

- শুকান আৰু দুমুখীয়া চুলি
- ঘাঁ ভাল হ’বলৈ বেছি সময় লাগে
- ৰক্তহীনতা (তেজৰ অভাৱ)
- দাঁতৰ আলুৰ ৰক্তক্ষৰণ
- শুকান আৰু ফাটিযোৱা ছাল
- গাঁঠিৰ বিষ
- দাঁত দুৰ্বল হোৱা
- বিপাকীয় কাৰ্য্যকলাপ লেহেমীয়া হোৱা
- সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস পায়
- সৰু সৰু আঁচোৰ মাৰিলেও তেজ ওলোৱা

ভিটামিন চিয়ে চকুক সুস্থ কৰি ৰাখে

ভিটামিন চিৰ এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে চকুক সুস্থ কৰি ৰখাতো সহায় কৰে। যদি আপুনি দৈনিক ভিটামিন চি সেৱন কৰে তেন্তে আপোনাৰ চকুৰ ছানি পৰাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা কমি যাব। ভিটামিন চিৰ অভাৱ হ’লে চকুৰ বিপদ বাঢ়ি যায়।

ভিটামিন চিৰ অভাৱত হোৱা ৰোগ

বহুতৰে স্কাৰ্ভি ৰোগো হয়।
দুৰ্বলতা আৰু ক্লান্তি ৰৈ যায়।
দাঁতবোৰ সোনকালে ঢিলা হৈ পৰে।
নখবোৰো দুৰ্বল হৈ পৰে।
গাঁঠিৰ বিষ হয়।
চুলি সৰিবলৈ আৰম্ভ কৰে।

ভিটামিন চি সমৃদ্ধ খাদ্য


-আমলখি
-কমলা
-নেমু
-কমলা
-আঙুৰ
-বিলাহী
-আপেল
-কল
-বগৰী
-কঁঠাল
-চালগোম
-পদিনা
-মূলা পাত
-কিচমিচ
-গাখীৰ
-বীটৰুট
-বন্ধাকবি
-সেউজীয়া ধনীয়া
-পালেংশাক









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস