--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত গংগা নৈৰে শ শ মৃতদেহ ভাঁহি অহাৰ দৃশ্য, গংগাৰ পাৰৰ বালিত পুতি থোৱা শ শ মৃতদেহৰ দৃশ্য এতিয়া অতীত যদিও সেই দুঃসহ স্মৃতি এতিয়াও বহুতৰে মনৰ পৰা মচ খাই যোৱা নাই। কোভিড কালৰ সেই দিনবোৰ এতিয়া নাই। কিন্তু পুনৰ গংগাৰ পাৰৰ বালিৰ পৰা ওলাই আহিছে শ শ মৃতদেহ। সেই মৃতদেহবোৰৰ  কিছুমানৰ প্লাষ্টিকেৰে মেৰিয়াই ৰা অৱস্থাত পোৱা গৈছে।

 উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ গঙ্গাৰ পাৰত দেখা গৈছে এনে দৃশ্য। কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ স্মৃতি জাগ্ৰত কৰা দৃশ্যটোৱে এতিয়া বহুতকে আতংকিত কৰি তোলাও দেখা গৈছে। ঘটনাটোকলৈ উত্তৰ প্ৰদেশ চৰকাৰ বহু প্ৰশ্ন আৰু সমালোচনাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ প্ৰয়াগৰাজৰ ফাফামৌ ঘাটত পুনৰ এনে ভয়াৱহ দৃশ্য দেখা গৈছে। 

জানিব পৰা মতে এই ঘাটত মৃতদেহ পুতি থোৱাৰ প্ৰথা অতি পুৰণি। কোভিডৰ সময়ত এই ঘাটত শ শ মৃতদেহ সমাধিস্থ কৰা হৈছিল। কিন্তু জিলা প্ৰশাসনে ঘাটটোত মৃতদেহ সমাধিস্থ কৰা কাৰ্যত  নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ইমানৰ পিছতো ঘাটটোত মৃতদেহ  সমাধিস্থ কৰাটো বন্ধ হোৱা নাই। 

জিলা প্ৰশাসনৰ সূত্ৰই দাবী কৰিছে  যে ৰীতি-নীতিৰ নামত ঘাটটোত যিধৰণে মৃতদেহ  সমাধিস্থ কৰা হৈছে সেয়া অতি চিন্তাৰ বিষয়। প্ৰয়াগৰাজৰ মেয়ৰে কয়  যে ৰাইজক সজাগ কৰা হৈছে যাতে মৃতদেহ গঙ্গাৰ পাৰত বালিত  তলত পুতি থোৱা নহয়। কিন্তু তাৰ পাছতো, যদি এনে ঘটনা সংঘটিত হৈয়েই আছে। নাগৰিক সংস্থাই মৃতদেহবোৰৰ সংস্কাৰৰ দায়িত্ব লোৱাৰ পিছতো বহুতে গংগাৰ পাৰৰ বালিত মৃতদেহ পুতি আহিছে। 

 বাৰিষা গংগাৰ পানীত  মৃতদেহবোৰ উপঙি উঠি নদী খনক অধিক  প্ৰদূষিত কৰাৰ  সম্ভাৱনা  থকা বুলিও মেয়ৰগৰাকীয়ে কয়। উল্লেখ্য ২০২১ চনত কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত  সমগ্ৰ দেশতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছিল। সেই সময়ত, প্ৰয়াগৰাজৰ এই ফাফামৌ ঘাটত কোভিড-১৯ত  মৃত্যু হোৱা লোকসকলৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল। গংগাৰ পাৰত বালিৰ তলত শ শ মৃতদেহ সমাধিস্থ কৰা হৈছিল। কিন্তু বৰষুণৰ বতৰত মৃতদেহবোৰ উন্মুক্ত  হৈ পৰিছিল। সেই ছবি  সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছিল। আকৌ এবাৰ  এনে দৃশ্য পোহৰলৈ অহাত এতিয়া চিন্তিত হৈ পৰিছে প্ৰয়াগৰাজৰ প্ৰশাসন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস