--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত গংগা নৈৰে শ শ মৃতদেহ ভাঁহি অহাৰ দৃশ্য, গংগাৰ পাৰৰ বালিত পুতি থোৱা শ শ মৃতদেহৰ দৃশ্য এতিয়া অতীত যদিও সেই দুঃসহ স্মৃতি এতিয়াও বহুতৰে মনৰ পৰা মচ খাই যোৱা নাই। কোভিড কালৰ সেই দিনবোৰ এতিয়া নাই। কিন্তু পুনৰ গংগাৰ পাৰৰ বালিৰ পৰা ওলাই আহিছে শ শ মৃতদেহ। সেই মৃতদেহবোৰৰ  কিছুমানৰ প্লাষ্টিকেৰে মেৰিয়াই ৰা অৱস্থাত পোৱা গৈছে।

 উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ গঙ্গাৰ পাৰত দেখা গৈছে এনে দৃশ্য। কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ স্মৃতি জাগ্ৰত কৰা দৃশ্যটোৱে এতিয়া বহুতকে আতংকিত কৰি তোলাও দেখা গৈছে। ঘটনাটোকলৈ উত্তৰ প্ৰদেশ চৰকাৰ বহু প্ৰশ্ন আৰু সমালোচনাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ প্ৰয়াগৰাজৰ ফাফামৌ ঘাটত পুনৰ এনে ভয়াৱহ দৃশ্য দেখা গৈছে। 

জানিব পৰা মতে এই ঘাটত মৃতদেহ পুতি থোৱাৰ প্ৰথা অতি পুৰণি। কোভিডৰ সময়ত এই ঘাটত শ শ মৃতদেহ সমাধিস্থ কৰা হৈছিল। কিন্তু জিলা প্ৰশাসনে ঘাটটোত মৃতদেহ সমাধিস্থ কৰা কাৰ্যত  নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ইমানৰ পিছতো ঘাটটোত মৃতদেহ  সমাধিস্থ কৰাটো বন্ধ হোৱা নাই। 

জিলা প্ৰশাসনৰ সূত্ৰই দাবী কৰিছে  যে ৰীতি-নীতিৰ নামত ঘাটটোত যিধৰণে মৃতদেহ  সমাধিস্থ কৰা হৈছে সেয়া অতি চিন্তাৰ বিষয়। প্ৰয়াগৰাজৰ মেয়ৰে কয়  যে ৰাইজক সজাগ কৰা হৈছে যাতে মৃতদেহ গঙ্গাৰ পাৰত বালিত  তলত পুতি থোৱা নহয়। কিন্তু তাৰ পাছতো, যদি এনে ঘটনা সংঘটিত হৈয়েই আছে। নাগৰিক সংস্থাই মৃতদেহবোৰৰ সংস্কাৰৰ দায়িত্ব লোৱাৰ পিছতো বহুতে গংগাৰ পাৰৰ বালিত মৃতদেহ পুতি আহিছে। 

 বাৰিষা গংগাৰ পানীত  মৃতদেহবোৰ উপঙি উঠি নদী খনক অধিক  প্ৰদূষিত কৰাৰ  সম্ভাৱনা  থকা বুলিও মেয়ৰগৰাকীয়ে কয়। উল্লেখ্য ২০২১ চনত কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত  সমগ্ৰ দেশতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছিল। সেই সময়ত, প্ৰয়াগৰাজৰ এই ফাফামৌ ঘাটত কোভিড-১৯ত  মৃত্যু হোৱা লোকসকলৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল। গংগাৰ পাৰত বালিৰ তলত শ শ মৃতদেহ সমাধিস্থ কৰা হৈছিল। কিন্তু বৰষুণৰ বতৰত মৃতদেহবোৰ উন্মুক্ত  হৈ পৰিছিল। সেই ছবি  সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছিল। আকৌ এবাৰ  এনে দৃশ্য পোহৰলৈ অহাত এতিয়া চিন্তিত হৈ পৰিছে প্ৰয়াগৰাজৰ প্ৰশাসন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত