--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মীয় পৰিচয় লুকুৱাই ৰোষত পৰিছে এজন ভুৱা প্ৰেমিক৷উত্তৰ প্ৰদেশৰ বৰেলী জিলাত মহিলাৰ লগত বন্ধুত্ব কৰিবলৈ নিজৰ পৰিচয় লুকুৱাই ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ লগতে আন এজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

২৪ বছৰীয়া এগৰাকী মহিলাই দাখিল কৰা এজাহাৰ অনুসৰি প্ৰথমে নিজকে অংকিত বুলি পৰিচয় দিয়া আবিদ নামৰ এজন লোকে তেওঁৰ লগত বন্ধুত্ব কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল, একে সময়তে তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল।পাছত ইণ্টাৰনেটত ব্যক্তিগত ভিডিঅ’ আপলোড কৰাৰ ভাবুকি দি বিয়া হ’বলৈ ব্লেকমেইল কৰা আৰম্ভ কৰে৷ পাছৰ দিনবোৰত মহিলাগৰাকীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি জোৰকৈ মাংস খুৱাই প্ৰেমিকজনৰ পিতৃৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰা হয়।


মহিলাগৰাকীয়ে লগতে অভিযোগত উল্লেখ কৰিছে যে অভিযুক্ত লোকজনৰ পৰিয়ালৰ লোকে তেওঁক মাৰপিট কৰি ৰুমত বন্দী কৰি থৈছিল।কিন্তু কোনোমতে পলায়ন কৰি তেওঁ আৰক্ষীৰ কাষলৈ আহে৷

শুকুৰবাৰে নগৰ আৰক্ষী অধীক্ষক ৰাহুল ভাটীয়ে কয় যে অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ অবৈধ ধৰ্মান্তৰকৰণ নিষেধাজ্ঞা আইনৰ লগতে অন্যান্য ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদন্ত চলি আছে আৰু যি তথ্য পোহৰলৈ আহে তাৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস