--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মীয় পৰিচয় লুকুৱাই ৰোষত পৰিছে এজন ভুৱা প্ৰেমিক৷উত্তৰ প্ৰদেশৰ বৰেলী জিলাত মহিলাৰ লগত বন্ধুত্ব কৰিবলৈ নিজৰ পৰিচয় লুকুৱাই ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ লগতে আন এজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

২৪ বছৰীয়া এগৰাকী মহিলাই দাখিল কৰা এজাহাৰ অনুসৰি প্ৰথমে নিজকে অংকিত বুলি পৰিচয় দিয়া আবিদ নামৰ এজন লোকে তেওঁৰ লগত বন্ধুত্ব কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল, একে সময়তে তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল।পাছত ইণ্টাৰনেটত ব্যক্তিগত ভিডিঅ’ আপলোড কৰাৰ ভাবুকি দি বিয়া হ’বলৈ ব্লেকমেইল কৰা আৰম্ভ কৰে৷ পাছৰ দিনবোৰত মহিলাগৰাকীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি জোৰকৈ মাংস খুৱাই প্ৰেমিকজনৰ পিতৃৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰা হয়।


মহিলাগৰাকীয়ে লগতে অভিযোগত উল্লেখ কৰিছে যে অভিযুক্ত লোকজনৰ পৰিয়ালৰ লোকে তেওঁক মাৰপিট কৰি ৰুমত বন্দী কৰি থৈছিল।কিন্তু কোনোমতে পলায়ন কৰি তেওঁ আৰক্ষীৰ কাষলৈ আহে৷

শুকুৰবাৰে নগৰ আৰক্ষী অধীক্ষক ৰাহুল ভাটীয়ে কয় যে অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ অবৈধ ধৰ্মান্তৰকৰণ নিষেধাজ্ঞা আইনৰ লগতে অন্যান্য ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদন্ত চলি আছে আৰু যি তথ্য পোহৰলৈ আহে তাৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ