--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত সুযোগ পাবলৈ বহু প্ৰযোজক-পৰিচালকৰ ওচৰত নায়িকাই নিজকে সমৰ্পন কৰিব লাগে বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ এনে সময়তে 'স্ত্ৰী', 'প্ৰেমা কচম' আৰু 'নৰসিংহ নাইডু'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰা অভিনেত্ৰী ফ্লোৰা চাইনীয়ে এগৰাকী 'বিখ্যাত প্ৰযোজক'ৰ  আপত্তিজনক ব্যৱহাৰৰ  কথা স্মৰণ কৰিছে৷ 

অভিনেত্ৰী ফ্লোৰাই কয় যে  প্ৰযোজকগৰাকীয়ে  তেওঁৰ "গোপনীয় অংগ"ত ঘোৰ মৰাৰ লগতে  আৰু "মুখত "  ঘোচা মাৰিছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে প্ৰযোজক গৌৰং দোশী তেওঁৰ প্ৰাক্তন প্ৰেমিক আছিল৷ দোশীয়ে  ১৪ মাহৰ প্ৰেমৰ সম্পৰ্কত  তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ফ্লোৰাই ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ কৰিছে। 

২০ বছৰ বয়সৰ পৰাই প্ৰযোজক যোশীৰ সৈতে থকা প্ৰেমৰ  সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি ফ্লোৰাই এইদৰে কৈছে: "মই প্ৰেমত পৰিছিলো, তেওঁ এজন বিখ্যাত প্ৰযোজক আছিল। কিন্তু সোনকালেই পৰিস্থিতি সলনি হ'ল। তেওঁ মোক প্ৰায়ে শাৰীৰিক নিৰ্যাতন চলাইছিল৷  মোৰ ফোনটো কাঢ়ি  লৈছিল আৰু মোক কাম এৰিবলৈ বাধ্য কৰিছিল। ১৪  মাহ ধৰি, তেওঁ মোক কাৰো সৈতে কথা পাতিবলৈ দিয়া নাছিল। এদিন ধাৰাবাহিকভাবে  তেওঁ মোৰ পেটত ঘোচা  মাৰিছিল, আৰু মই কিবাকৈ পলাই সাৰিছিলো," । 


ফ্লোৰাই আৰু কয়  যে তেওঁ  তেওঁৰ মাক-দেউতাকৰ সৈতে থাকিবলৈ ঘৰলৈ উভতি গৈছিল৷  ফ্লোৰাই শৰীৰত যি  আঘাত পাইছিল সেয়া  আৰোগ্য হ'বলৈ সময় লাগিছিল। 

তেওঁ কয় "লাহে লাহে, মই আটাইতকৈ বেছি ভাল পোৱা বস্তুটোলৈ ঘূৰি আহিলো -সেয়া হৈছে  অভিনয়। সময় লাগিছিল কিন্তু মই আজি সুখী, মই আনকি প্ৰেমো পাইছো," । ফ্লোৰাই ক্লিপটোৰ শিৰোনাম দিছিল: "জীৱন কেৱল আগলৈ জীয়াই থাকিবলৈ আৰু আপোনাৰ জীৱনৰ কিছুমান ডাঙৰ আশীৰ্বাদ জীৱনে শিকোৱা  আটাইতকৈ ডাঙৰ পাঠৰ পিছত আহে... গতিকে কেতিয়াও জীৱনৰ যাদুত বিশ্বাস কৰা বন্ধ নকৰিব আৰু বিশ্বব্ৰহ্মাণ্ডই আপোনাক আচৰিত কৰিব দিব... মই এতিয়াও ফেয়াৰী টেলছত বিশ্বাস কৰো।"









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ