--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত সুযোগ পাবলৈ বহু প্ৰযোজক-পৰিচালকৰ ওচৰত নায়িকাই নিজকে সমৰ্পন কৰিব লাগে বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ এনে সময়তে 'স্ত্ৰী', 'প্ৰেমা কচম' আৰু 'নৰসিংহ নাইডু'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰা অভিনেত্ৰী ফ্লোৰা চাইনীয়ে এগৰাকী 'বিখ্যাত প্ৰযোজক'ৰ  আপত্তিজনক ব্যৱহাৰৰ  কথা স্মৰণ কৰিছে৷ 

অভিনেত্ৰী ফ্লোৰাই কয় যে  প্ৰযোজকগৰাকীয়ে  তেওঁৰ "গোপনীয় অংগ"ত ঘোৰ মৰাৰ লগতে  আৰু "মুখত "  ঘোচা মাৰিছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে প্ৰযোজক গৌৰং দোশী তেওঁৰ প্ৰাক্তন প্ৰেমিক আছিল৷ দোশীয়ে  ১৪ মাহৰ প্ৰেমৰ সম্পৰ্কত  তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ফ্লোৰাই ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ কৰিছে। 

২০ বছৰ বয়সৰ পৰাই প্ৰযোজক যোশীৰ সৈতে থকা প্ৰেমৰ  সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি ফ্লোৰাই এইদৰে কৈছে: "মই প্ৰেমত পৰিছিলো, তেওঁ এজন বিখ্যাত প্ৰযোজক আছিল। কিন্তু সোনকালেই পৰিস্থিতি সলনি হ'ল। তেওঁ মোক প্ৰায়ে শাৰীৰিক নিৰ্যাতন চলাইছিল৷  মোৰ ফোনটো কাঢ়ি  লৈছিল আৰু মোক কাম এৰিবলৈ বাধ্য কৰিছিল। ১৪  মাহ ধৰি, তেওঁ মোক কাৰো সৈতে কথা পাতিবলৈ দিয়া নাছিল। এদিন ধাৰাবাহিকভাবে  তেওঁ মোৰ পেটত ঘোচা  মাৰিছিল, আৰু মই কিবাকৈ পলাই সাৰিছিলো," । 


ফ্লোৰাই আৰু কয়  যে তেওঁ  তেওঁৰ মাক-দেউতাকৰ সৈতে থাকিবলৈ ঘৰলৈ উভতি গৈছিল৷  ফ্লোৰাই শৰীৰত যি  আঘাত পাইছিল সেয়া  আৰোগ্য হ'বলৈ সময় লাগিছিল। 

তেওঁ কয় "লাহে লাহে, মই আটাইতকৈ বেছি ভাল পোৱা বস্তুটোলৈ ঘূৰি আহিলো -সেয়া হৈছে  অভিনয়। সময় লাগিছিল কিন্তু মই আজি সুখী, মই আনকি প্ৰেমো পাইছো," । ফ্লোৰাই ক্লিপটোৰ শিৰোনাম দিছিল: "জীৱন কেৱল আগলৈ জীয়াই থাকিবলৈ আৰু আপোনাৰ জীৱনৰ কিছুমান ডাঙৰ আশীৰ্বাদ জীৱনে শিকোৱা  আটাইতকৈ ডাঙৰ পাঠৰ পিছত আহে... গতিকে কেতিয়াও জীৱনৰ যাদুত বিশ্বাস কৰা বন্ধ নকৰিব আৰু বিশ্বব্ৰহ্মাণ্ডই আপোনাক আচৰিত কৰিব দিব... মই এতিয়াও ফেয়াৰী টেলছত বিশ্বাস কৰো।"









FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক