--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বেছৰম ৰং’ ভাল নাপালে সোণা মহাপাত্ৰই। বলিউডৰ বিখ্যাত গায়িকাগৰাকীয়ে গানটোক লৈ সমালোচনাও কৰিছে।কয় যে গানটো এটা ‘মধ্যমীয়া মানদণ্ডৰ গীত’। এটা টুইটযোগে তেওঁ কয় যে এই গীতটোৱে কেৱল বিতৰ্কৰ বাবেই জনপ্ৰিয়তা লাভ কৰিছে।

শেহতীয়াকৈ মুক্তি লাভ কৰিছে সোণা মহাপাত্ৰৰ এটা নতুন গীত। গীতটিৰ নাম 'ৰসৰকেলি ব'। গীতটোৰ মিউজিক ভিডিঅ’টো নিৰ্মাণৰ আঁৰৰ এটা ভিডিঅ’ ক্লিপ গায়িকাগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। তাত দেখা গৈছে তেওঁ এখন গেৰুৱা ৰঙৰ শাড়ী পিন্ধিবলৈ লৈছে।

ভিডিঅ’টোৰ স’তে গায়িকাগৰাকীয়ে লিখিছে, “অপ্ৰয়োজনীয় বিতৰ্কই ‘বেচৰমম ৰং’ গীতৰ জনপ্ৰিয়তাত সহায় কৰিছে, গীতটো এটা মধ্যমীয়া মানদণ্ডৰ কাম। নিজৰ পৰিচয় বহন কৰা এটা গীত ইমান সোনকালে জনপ্ৰিয় নহয়।’’

এই টুইটটোৰ কিছু সময়ৰ পাছতে ভাইৰেল হৈ পৰিছে। বহুতে দাবী কৰে যে তেওঁ সস্তীয়া প্ৰচাৰৰ বাবে জনপ্ৰিয় গীত এটাক লৈ এনে মন্তব্য কৰিছে।

উল্লেখ্য যে শিল্পা ৰাওৱে কণ্ঠদান কৰা আৰু বিশাল-শেখৰৰ সংগীতেৰে সজোৱা ‘বেশৰাম ৰং’ মুক্তিৰ পিছৰে পৰা কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছে। গীতটোত দীপিকা পাডুকনৰ সাজ-পোছাকে বিতৰ্কৰ সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ