--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ বিতোপন পৰিবেশৰ মাজত অৱস্থিত লাডাখৰ বহু ঠাই আজিও পৰ্যটকৰ বাবে নিষিদ্ধ। কিন্ত তেনে এক নিষিদ্ধ এলেকা মুক্ত মনেৰে ভ্ৰমণ কৰিব পাৰিব দেশ-বিদেশৰ পৰ্যটকে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি  ভাৰতীয় সকলৰ লগতে দেশলৈ অহা পৰ্যটকসকলে শীঘ্ৰেই তেওঁলোকৰ বাহনসমূহ লাডাখৰ পাংগং হ্ৰদৰ ওচৰৰ এটা বিশেষ  বিন্দুলৈ নিবলৈ  সক্ষম হ'ব, য'ত আগতে পৰ্যটকৰ প্ৰৱেশাধিকাৰৰ নাছিল।

 পূব লাডাখৰ চাং চেনমো খণ্ডত  থকা এই বিশেষ স্থানলৈ আগতে পৰ্যটকসকলক  যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।পৰ্যটকক নিষিদ্ধ এলেকা ভ্ৰমণৰ সিদ্ধান্তটো দুটা পৰ্যায়ত আৰম্ভ কৰা হ'ব। প্ৰথম পৰ্যায়ত পৰ্যটকসকলক ১৮,৩১৪  ফুট ওখ মাৰ্চিমিক লা পাৰ হৈ টচগটচালোলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হ'ব। ই হৈছে এক চৰণীয়াভূমি যি লেহৰ পৰা ১৬০ কিলোমিটাৰ পূৱত আৰু প্ৰকৃতনিয়ন্ত্ৰণ  ৰেখাৰ ওচৰত অৱস্থিত ৰিমদি চু আৰু চাং চেনমো নামৰ  দুখন নদীৰ সঙ্গমস্থলত অৱস্থিত।পৰ্যটকসকলক দ্বিতীয় পৰ্যায়ত টচগটচালোৰ পৰা আৰু ওপৰলৈ অৱস্থিত হট স্প্ৰিংছলৈ যাবলৈ অনুমতি দিয়া হ'ব। 

অনুমোদিত পথটোৰ অন্তিম বিন্দু হ'ব ১৯৫৯ চনৰ ২১ অক্টোবৰত শ্বহীদ হোৱা ১০ জন কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈনিকৰ সন্মানত নিৰ্মাণ কৰা স্মাৰকক্ষেত্ৰ। উল্লেখ্য ১৯৫৯ চনৰ ২১ অক্টোবৰত  চীনা সৈন্যই ভাৰতৰ টহলদাৰী দলটোক আক্ৰমণ কৰিছিল।

 ফলত ১০ জন জোৱান নিহত হৈছিল।লাডাখৰ  স্থানীয় লোকসকলে এই দীৰ্ঘদিনীয়া প্ৰত্যাশিত সিদ্ধান্তক আদৰণি জনাইছে। প্ৰশাসনে লগতে জনায় যে পৰ্যটকসকলৰ বাবে সেই পূৰ্বে নিষিদ্ধ এলেকাত  শৌচাগাৰ, চেলফি পইণ্ট আৰু চিকিৎসা সেৱাৰ সুবিধা প্ৰদানৰ কেন্দ্ৰ  স্থাপনৰ কাম  চলি আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়