--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ বিতোপন পৰিবেশৰ মাজত অৱস্থিত লাডাখৰ বহু ঠাই আজিও পৰ্যটকৰ বাবে নিষিদ্ধ। কিন্ত তেনে এক নিষিদ্ধ এলেকা মুক্ত মনেৰে ভ্ৰমণ কৰিব পাৰিব দেশ-বিদেশৰ পৰ্যটকে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি  ভাৰতীয় সকলৰ লগতে দেশলৈ অহা পৰ্যটকসকলে শীঘ্ৰেই তেওঁলোকৰ বাহনসমূহ লাডাখৰ পাংগং হ্ৰদৰ ওচৰৰ এটা বিশেষ  বিন্দুলৈ নিবলৈ  সক্ষম হ'ব, য'ত আগতে পৰ্যটকৰ প্ৰৱেশাধিকাৰৰ নাছিল।

 পূব লাডাখৰ চাং চেনমো খণ্ডত  থকা এই বিশেষ স্থানলৈ আগতে পৰ্যটকসকলক  যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।পৰ্যটকক নিষিদ্ধ এলেকা ভ্ৰমণৰ সিদ্ধান্তটো দুটা পৰ্যায়ত আৰম্ভ কৰা হ'ব। প্ৰথম পৰ্যায়ত পৰ্যটকসকলক ১৮,৩১৪  ফুট ওখ মাৰ্চিমিক লা পাৰ হৈ টচগটচালোলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হ'ব। ই হৈছে এক চৰণীয়াভূমি যি লেহৰ পৰা ১৬০ কিলোমিটাৰ পূৱত আৰু প্ৰকৃতনিয়ন্ত্ৰণ  ৰেখাৰ ওচৰত অৱস্থিত ৰিমদি চু আৰু চাং চেনমো নামৰ  দুখন নদীৰ সঙ্গমস্থলত অৱস্থিত।পৰ্যটকসকলক দ্বিতীয় পৰ্যায়ত টচগটচালোৰ পৰা আৰু ওপৰলৈ অৱস্থিত হট স্প্ৰিংছলৈ যাবলৈ অনুমতি দিয়া হ'ব। 

অনুমোদিত পথটোৰ অন্তিম বিন্দু হ'ব ১৯৫৯ চনৰ ২১ অক্টোবৰত শ্বহীদ হোৱা ১০ জন কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈনিকৰ সন্মানত নিৰ্মাণ কৰা স্মাৰকক্ষেত্ৰ। উল্লেখ্য ১৯৫৯ চনৰ ২১ অক্টোবৰত  চীনা সৈন্যই ভাৰতৰ টহলদাৰী দলটোক আক্ৰমণ কৰিছিল।

 ফলত ১০ জন জোৱান নিহত হৈছিল।লাডাখৰ  স্থানীয় লোকসকলে এই দীৰ্ঘদিনীয়া প্ৰত্যাশিত সিদ্ধান্তক আদৰণি জনাইছে। প্ৰশাসনে লগতে জনায় যে পৰ্যটকসকলৰ বাবে সেই পূৰ্বে নিষিদ্ধ এলেকাত  শৌচাগাৰ, চেলফি পইণ্ট আৰু চিকিৎসা সেৱাৰ সুবিধা প্ৰদানৰ কেন্দ্ৰ  স্থাপনৰ কাম  চলি আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস