--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতে সাংসদ পদ হেৰুৱাইছিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ লগে লগে কৰ্তন হৈছিল ৰাহুল গান্ধীৰ সাংসদ পদ। ফলত তেওঁৰ কূটনৈতিক পাছপোৰ্টো বাতিল হৈছিল। শুকুৰবাৰে   দিল্লীৰ এখন আদালতে ৰাহুল গান্ধীক তেওঁৰ পাছপোৰ্ট সাধাৰণ মানুহৰ দৰে ব্যৱহাৰ কৰাৰ  অনুমতি দিছে।

 উল্লেখ্য তেওঁৰ সংসদৰ সদস্যপদ প্ৰত্যাহাৰ কৰাৰ পিছত তেওঁৰ কূটনৈতিক পাছপোৰ্ট বাতিল কৰা হৈছিল। ইয়াৰ পিছতে  কংগ্ৰেছ নেতাজনে সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। সেই আবেদনৰ ভিত্তিতে  দিল্লীৰ এখন আদালতে শুকুৰবাৰে ৰাহুল গান্ধীক তেওঁৰ পাছপোৰ্ট তিনি বছৰৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।লক্ষ্যণীয় কথাটো হ’ল  ৰাহুল গান্ধী নেচনেল হেৰাল্ড  কেলেংকাৰীৰ গোচৰৰ অন্যতম অভিযুক্ত। গতিকে পাছপোৰ্ট ব্যৱহাৰ কৰিবলৈ তেওঁ  আদালতৰ অনুমতি লোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল। 

বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে বুধবাৰে আদালতত স্পষ্ট কৰি দিছিল যে কংগ্ৰেছ নেতাজনে বিদেশলৈ যাব পাৰে আৰু গোচৰটোৰ সাক্ষীসকলক প্ৰভাৱান্বিত কৰিব পাৰে। সেয়েহে তেওঁক পাছপোৰ্ট ব্যৱহাৰৰ অনুমতি দিব নালাগে।অৱশ্যে আদালতে স্বামীৰ  মন্তব্যটো গুৰুত্বসহকাৰে লোৱা নাছিল আৰু শুক্ৰবাৰে ৰাহুল গান্ধীক পাছপোৰ্ট ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।

 ন্যায়াধীশ বৈভৱ মেহতাই কয়  যে বিদেশলৈ যোৱাটো প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ। তদুপৰি  ৰাহুল গান্ধীৰ ভ্ৰমণৰ ক্ষেত্ৰত  আদালতে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। ৰাহুলে ১০ বছৰৰ বাবে পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। অৱশ্যে আদালতে ৩ বছৰৰ বাবে অনুমতি দিয়ে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়