--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতে সাংসদ পদ হেৰুৱাইছিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ লগে লগে কৰ্তন হৈছিল ৰাহুল গান্ধীৰ সাংসদ পদ। ফলত তেওঁৰ কূটনৈতিক পাছপোৰ্টো বাতিল হৈছিল। শুকুৰবাৰে   দিল্লীৰ এখন আদালতে ৰাহুল গান্ধীক তেওঁৰ পাছপোৰ্ট সাধাৰণ মানুহৰ দৰে ব্যৱহাৰ কৰাৰ  অনুমতি দিছে।

 উল্লেখ্য তেওঁৰ সংসদৰ সদস্যপদ প্ৰত্যাহাৰ কৰাৰ পিছত তেওঁৰ কূটনৈতিক পাছপোৰ্ট বাতিল কৰা হৈছিল। ইয়াৰ পিছতে  কংগ্ৰেছ নেতাজনে সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। সেই আবেদনৰ ভিত্তিতে  দিল্লীৰ এখন আদালতে শুকুৰবাৰে ৰাহুল গান্ধীক তেওঁৰ পাছপোৰ্ট তিনি বছৰৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।লক্ষ্যণীয় কথাটো হ’ল  ৰাহুল গান্ধী নেচনেল হেৰাল্ড  কেলেংকাৰীৰ গোচৰৰ অন্যতম অভিযুক্ত। গতিকে পাছপোৰ্ট ব্যৱহাৰ কৰিবলৈ তেওঁ  আদালতৰ অনুমতি লোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল। 

বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে বুধবাৰে আদালতত স্পষ্ট কৰি দিছিল যে কংগ্ৰেছ নেতাজনে বিদেশলৈ যাব পাৰে আৰু গোচৰটোৰ সাক্ষীসকলক প্ৰভাৱান্বিত কৰিব পাৰে। সেয়েহে তেওঁক পাছপোৰ্ট ব্যৱহাৰৰ অনুমতি দিব নালাগে।অৱশ্যে আদালতে স্বামীৰ  মন্তব্যটো গুৰুত্বসহকাৰে লোৱা নাছিল আৰু শুক্ৰবাৰে ৰাহুল গান্ধীক পাছপোৰ্ট ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।

 ন্যায়াধীশ বৈভৱ মেহতাই কয়  যে বিদেশলৈ যোৱাটো প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ। তদুপৰি  ৰাহুল গান্ধীৰ ভ্ৰমণৰ ক্ষেত্ৰত  আদালতে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। ৰাহুলে ১০ বছৰৰ বাবে পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। অৱশ্যে আদালতে ৩ বছৰৰ বাবে অনুমতি দিয়ে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস