--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত তোলপাৰ লগোৱা কৃষক বিদ্ৰোহৰ ওচৰত সেও মানিবলগীয়া হোৱা ঘটনাক যেন সহজভাৱে ল’ব পৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। কৃষকৰ অভূতপূৰ্ণ প্ৰায় ডেৰ বছৰীয়া জাগৰণৰ ফলতে কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে গৃহীত কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। কেৱল এয়াই নহয় কৃষকৰ উৎপাদিত ফচলৰ ন্যুনতম সমৰ্থন মূল্যৰ বাবে আইন প্ৰণয়ন তথা কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দৰে দাবীও মানি ল’বলৈ বাধ্য হৈছিল কেন্দ্ৰীয় চৰকাৰ। কেৱল এয়াই নহয়, মোদীয়ে নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰ শাসনত থকা সময়ছোৱাত দেশত ভালেমান গণতান্ত্ৰিক আন্দোলন সৃষ্টি হৈছিল। ‘কা’বিৰোধী দেশজোৰা সংগ্ৰামো ইয়াৰ ভিতৰতে আছে। দেশবাসীৰ ক্ষোভৰ প্ৰতিফলন ঘটনা এই আন্দোলন তথা বিপ্লৱে এতিয়া ব্যতিব্যস্ত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক। সেইবাবে এতিয়া দেশত আৰু বিপ্লৱৰ প্ৰয়োজন নাই বিকাশৰহে প্ৰয়োজন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। মোদীৰ এই মন্তব্যই এতিয়া দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, দেশে এতিয়া বিকাশ বিচাৰে, বিপ্লৱ নিবিচাৰে। দেশৰ প্ৰগতিৰ যাত্ৰাত দেশৰ ঐতিহ্যক সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে। ভাৰ্চুৱেলী ‘অল ইণ্ডিয়া মেয়ৰ কনফাৰেন্স’ মুকলি কৰি তেওঁ এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয়, ‘আমি বিকাশত বিশ্বাস কৰিবই লাগিব। ভাৰতে এতিয়া বিপ্লৱ নিবিচাৰে, বৰং বিকাশহে বিচাৰে।

আমাৰ হাতত যি আছে সেয়া আমি সংৰক্ষণ কৰিব লাগিব আৰু প্ৰযুক্তিগত উত্তৰণৰ দিশে অগ্ৰসৰ হ’ব লাগিব।’ মোদীয়ে কয় যে, ভাৰতৰ ইতিহাস আৰু পৰম্পৰাই হাত হাত ধৰি উন্নয়নৰ সৈতে অগ্ৰসৰ হোৱা উচিত। তেওঁ লগতে কয়, ‘আমাৰ প্ৰায়বোৰ চহৰেই পৰম্পৰাগত চহৰ। পৰম্পৰাগতভাৱেই ই বিকাশ লাভ কৰিছে। আধুনিকতাৰ যুগত এই চহৰবোৰৰ প্ৰাচীনত্ব অটুত থকাও সমানে জৰুৰী।’ উত্তৰপ্ৰদেশৰ বাৰানসী চহৰৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, ‘বাৰানসী ৰোডমেপ’-এ উন্নয়নৰ ভালেমান ধাৰণা দিব পাৰে।


তেওঁ দেশৰ নৈসমূহ পৰিষ্কাৰ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ‘বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে কাশীৰ গংগা ঘাটলৈ আহে। কাশীৰ অৰ্থনীতি ধৰি ৰখাত মা গংগাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি আমাৰ চহৰৰ নৈসমূহ পৰিষ্কাৰ কৰি ৰখাত সংবেদনশীলতাৰে গুৰুত্ব আৰোপ কৰিব লাগিব। মোদীলে লগতে কয়, ‘আমি প্ৰতিবছৰে সাতটাকৈ দিন নৈ উৎসৱ উদযাপন কৰা উচিত। সমগ্ৰ চহৰকে ইয়াৰ সৈতে যুক্ত কৰা হওক আৰু এই উৎসৱৰ মূল লক্ষ্য হোৱা উচিত নৈ সমূহ পৰিষ্কাৰ কৰি তোলা।’


মন কৰিবলগীয়া যে, মোদী চৰকাৰে দেশৰ গুৰুত্বপূৰ্ণ নৈসমূহ পৰিষ্কাৰ কৰি তোলাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। দেশৰ পবিত্ৰ নৈ হিচাপে গণ্য কৰা গংগা পৰিষ্কাৰৰ বাবে কোটি কোটি টকাৰ আঁচনি ৰূপায়ন কৰা হৈছে। কিন্তু তাৰ পাছতো দেশত সৰ্বাধিকসংখ্যক প্ৰদূষিত নৈ আছে বুলি বিভিন্ন পৰিসংখ্যাই প্ৰমাণ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ কৰা এই আহ্বান কিমান কাৰ্যকৰী হ’ব সেয়াও লক্ষ্যণীয় বিষয় হ’ব।

আনহাতে বিপ্লৱৰ প্ৰতি তেওঁৰ এই মনোভাবেও চৰকাৰৰ চিন্তা-চৰ্চাৰে প্ৰতিফলন ঘটা বুলি চৰ্চা চলিছে। ইতিবাচক বিপ্লৱ অবিহনে পৰিৱৰ্তন বা প্ৰগতি যে সম্ভৱ নহয় সেই কথা ইতিহাসে প্ৰমাণ কৰি আহিছে। স্থবিৰতা ভাঙিবলৈ বিভিন্ন সময়ত বিভিন্ন বিপ্লৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কিন্তু মোদীয়ে দেশত বিপ্লৱৰ প্ৰয়োজন নাই বুলি কোৱা কথাটোৰ বিতং চৰ্চাৰ নিশ্চয় প্ৰয়োজন আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু