--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত তোলপাৰ লগোৱা কৃষক বিদ্ৰোহৰ ওচৰত সেও মানিবলগীয়া হোৱা ঘটনাক যেন সহজভাৱে ল’ব পৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। কৃষকৰ অভূতপূৰ্ণ প্ৰায় ডেৰ বছৰীয়া জাগৰণৰ ফলতে কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে গৃহীত কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। কেৱল এয়াই নহয় কৃষকৰ উৎপাদিত ফচলৰ ন্যুনতম সমৰ্থন মূল্যৰ বাবে আইন প্ৰণয়ন তথা কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দৰে দাবীও মানি ল’বলৈ বাধ্য হৈছিল কেন্দ্ৰীয় চৰকাৰ। কেৱল এয়াই নহয়, মোদীয়ে নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰ শাসনত থকা সময়ছোৱাত দেশত ভালেমান গণতান্ত্ৰিক আন্দোলন সৃষ্টি হৈছিল। ‘কা’বিৰোধী দেশজোৰা সংগ্ৰামো ইয়াৰ ভিতৰতে আছে। দেশবাসীৰ ক্ষোভৰ প্ৰতিফলন ঘটনা এই আন্দোলন তথা বিপ্লৱে এতিয়া ব্যতিব্যস্ত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক। সেইবাবে এতিয়া দেশত আৰু বিপ্লৱৰ প্ৰয়োজন নাই বিকাশৰহে প্ৰয়োজন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। মোদীৰ এই মন্তব্যই এতিয়া দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, দেশে এতিয়া বিকাশ বিচাৰে, বিপ্লৱ নিবিচাৰে। দেশৰ প্ৰগতিৰ যাত্ৰাত দেশৰ ঐতিহ্যক সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে। ভাৰ্চুৱেলী ‘অল ইণ্ডিয়া মেয়ৰ কনফাৰেন্স’ মুকলি কৰি তেওঁ এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয়, ‘আমি বিকাশত বিশ্বাস কৰিবই লাগিব। ভাৰতে এতিয়া বিপ্লৱ নিবিচাৰে, বৰং বিকাশহে বিচাৰে।

আমাৰ হাতত যি আছে সেয়া আমি সংৰক্ষণ কৰিব লাগিব আৰু প্ৰযুক্তিগত উত্তৰণৰ দিশে অগ্ৰসৰ হ’ব লাগিব।’ মোদীয়ে কয় যে, ভাৰতৰ ইতিহাস আৰু পৰম্পৰাই হাত হাত ধৰি উন্নয়নৰ সৈতে অগ্ৰসৰ হোৱা উচিত। তেওঁ লগতে কয়, ‘আমাৰ প্ৰায়বোৰ চহৰেই পৰম্পৰাগত চহৰ। পৰম্পৰাগতভাৱেই ই বিকাশ লাভ কৰিছে। আধুনিকতাৰ যুগত এই চহৰবোৰৰ প্ৰাচীনত্ব অটুত থকাও সমানে জৰুৰী।’ উত্তৰপ্ৰদেশৰ বাৰানসী চহৰৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, ‘বাৰানসী ৰোডমেপ’-এ উন্নয়নৰ ভালেমান ধাৰণা দিব পাৰে।


তেওঁ দেশৰ নৈসমূহ পৰিষ্কাৰ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ‘বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে কাশীৰ গংগা ঘাটলৈ আহে। কাশীৰ অৰ্থনীতি ধৰি ৰখাত মা গংগাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি আমাৰ চহৰৰ নৈসমূহ পৰিষ্কাৰ কৰি ৰখাত সংবেদনশীলতাৰে গুৰুত্ব আৰোপ কৰিব লাগিব। মোদীলে লগতে কয়, ‘আমি প্ৰতিবছৰে সাতটাকৈ দিন নৈ উৎসৱ উদযাপন কৰা উচিত। সমগ্ৰ চহৰকে ইয়াৰ সৈতে যুক্ত কৰা হওক আৰু এই উৎসৱৰ মূল লক্ষ্য হোৱা উচিত নৈ সমূহ পৰিষ্কাৰ কৰি তোলা।’


মন কৰিবলগীয়া যে, মোদী চৰকাৰে দেশৰ গুৰুত্বপূৰ্ণ নৈসমূহ পৰিষ্কাৰ কৰি তোলাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। দেশৰ পবিত্ৰ নৈ হিচাপে গণ্য কৰা গংগা পৰিষ্কাৰৰ বাবে কোটি কোটি টকাৰ আঁচনি ৰূপায়ন কৰা হৈছে। কিন্তু তাৰ পাছতো দেশত সৰ্বাধিকসংখ্যক প্ৰদূষিত নৈ আছে বুলি বিভিন্ন পৰিসংখ্যাই প্ৰমাণ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ কৰা এই আহ্বান কিমান কাৰ্যকৰী হ’ব সেয়াও লক্ষ্যণীয় বিষয় হ’ব।

আনহাতে বিপ্লৱৰ প্ৰতি তেওঁৰ এই মনোভাবেও চৰকাৰৰ চিন্তা-চৰ্চাৰে প্ৰতিফলন ঘটা বুলি চৰ্চা চলিছে। ইতিবাচক বিপ্লৱ অবিহনে পৰিৱৰ্তন বা প্ৰগতি যে সম্ভৱ নহয় সেই কথা ইতিহাসে প্ৰমাণ কৰি আহিছে। স্থবিৰতা ভাঙিবলৈ বিভিন্ন সময়ত বিভিন্ন বিপ্লৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কিন্তু মোদীয়ে দেশত বিপ্লৱৰ প্ৰয়োজন নাই বুলি কোৱা কথাটোৰ বিতং চৰ্চাৰ নিশ্চয় প্ৰয়োজন আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ