--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সন্মুখত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ শাসনাধীষ্ঠ দলৰ লগতে বিৰোধী ৰাজনৈতিক দলেও উঠি পৰি লাগিছে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাত৷ কিছু দিন পূৰ্বে উত্তৰ প্ৰদেশৰ বাৰাণসীত কোটিটকীয়া কাশী-বিশ্বনাথ প্ৰকল্পৰ প্ৰথমটো পৰ্যায়ৰ শুভাৰম্ভ কৰিছিল শাসনাধীষ্ঠ দলটোৱে৷ এই অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো৷ এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে। যোগী চৰকাৰ পুনৰ প্ৰতিষ্ঠাৰ চেষ্টাত আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ৪০গৰাকী বিজেপিৰ সাংসদৰ সৈতে মিলিত হয় 'ব্ৰেকফাষ্ট' বৈঠকত৷


২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ভোটাৰক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে বিজেপি দলে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনত মন্দিৰ নিৰ্মাণতো অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ দুদিনীয়া ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ কেইবাটাও কাৰ্যসূচীত অংশ লৈছিল৷ প্ৰধানমন্ত্ৰীক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যেৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বিজেপিৰ ১২গৰাকী মুখ্যমন্ত্ৰীয়েও ৰাজ্যখনত কেইবালানি আলোচনাতো মিলিত হৈছিল৷ বিজেপিয়ে আগন্তুক নিৰ্বাচন কেন্দ্ৰ কৰিয়ে ৰাজ্যখনত ৬ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই ৬ যাত্ৰাৰ কাৰ্যসূচীত ৪০৩টা বিধানসভা সমষ্টিক সাঙুৰি লোৱা হৈছে বুলি জানিব পৰা গৈছে৷

লোকসভা নিৰ্বাচনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে নিতৌ ব্ৰেকফাষ্ট বৈঠকত মিলিত হৈছিল দলীয় সাংসদৰ সৈতে৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মধ্য প্ৰদেশৰ বিজেপি সাংসদৰ সৈতে মিলিত হৈছিল বৈঠকত৷ উল্লেখ্য যে আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত বিজেপিয়ে নিষাদ পাৰ্টী আৰু আপনা দল (এছ)-ৰ সৈতে মিত্ৰতা স্থাপন কৰে৷ লগতে লক্ষ্ণৌত আজি নিষাদ পাৰ্টীৰ সহযোগিতাত বিজেপিয়ে এক ৰেলী মুকলি কৰিব৷ এই ৰেলীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু