--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সন্মুখত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ শাসনাধীষ্ঠ দলৰ লগতে বিৰোধী ৰাজনৈতিক দলেও উঠি পৰি লাগিছে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাত৷ কিছু দিন পূৰ্বে উত্তৰ প্ৰদেশৰ বাৰাণসীত কোটিটকীয়া কাশী-বিশ্বনাথ প্ৰকল্পৰ প্ৰথমটো পৰ্যায়ৰ শুভাৰম্ভ কৰিছিল শাসনাধীষ্ঠ দলটোৱে৷ এই অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো৷ এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে। যোগী চৰকাৰ পুনৰ প্ৰতিষ্ঠাৰ চেষ্টাত আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ৪০গৰাকী বিজেপিৰ সাংসদৰ সৈতে মিলিত হয় 'ব্ৰেকফাষ্ট' বৈঠকত৷


২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ভোটাৰক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে বিজেপি দলে৷ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যখনত মন্দিৰ নিৰ্মাণতো অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ দুদিনীয়া ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ কেইবাটাও কাৰ্যসূচীত অংশ লৈছিল৷ প্ৰধানমন্ত্ৰীক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যেৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বিজেপিৰ ১২গৰাকী মুখ্যমন্ত্ৰীয়েও ৰাজ্যখনত কেইবালানি আলোচনাতো মিলিত হৈছিল৷ বিজেপিয়ে আগন্তুক নিৰ্বাচন কেন্দ্ৰ কৰিয়ে ৰাজ্যখনত ৬ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই ৬ যাত্ৰাৰ কাৰ্যসূচীত ৪০৩টা বিধানসভা সমষ্টিক সাঙুৰি লোৱা হৈছে বুলি জানিব পৰা গৈছে৷

লোকসভা নিৰ্বাচনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে নিতৌ ব্ৰেকফাষ্ট বৈঠকত মিলিত হৈছিল দলীয় সাংসদৰ সৈতে৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মধ্য প্ৰদেশৰ বিজেপি সাংসদৰ সৈতে মিলিত হৈছিল বৈঠকত৷ উল্লেখ্য যে আগন্তুক নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত বিজেপিয়ে নিষাদ পাৰ্টী আৰু আপনা দল (এছ)-ৰ সৈতে মিত্ৰতা স্থাপন কৰে৷ লগতে লক্ষ্ণৌত আজি নিষাদ পাৰ্টীৰ সহযোগিতাত বিজেপিয়ে এক ৰেলী মুকলি কৰিব৷ এই ৰেলীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ