--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰ বোজা কঢ়িয়াই নিয়া ভাৰতীয় ৰে’লৱে' নিজেই  যথেষ্ট ঋণৰ বোজাত পৰিছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিজেই এই ইংগিত দিছে। পৰিসংখ্যা অনুসৰি চাৰি বছৰত ৰে’লৱেৰ ঋণ ৮ হাজাৰ কোটিতকৈও অধিক বৃদ্ধি পাইছে। খবৰ অনুসৰি বৃহৎ প্ৰকল্পটোক ঋণৰ গ্ৰাফ বৃদ্ধিৰ কাৰণ কৈছে বিষয়াসকলে। ইয়াৰ বাহিৰেও কোভিডৰ সময়ত ৰে’ল যাতায়ত বহু পৰিমাণে প্ৰভাৱিত হৈছিল।ৰে’ল মন্ত্ৰী বৈষ্ণৱৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ প্ৰতিবেদনত লিখা আছিল যে ২০১৯-২০ বৰ্ষত ঋণ ২০ হাজাৰ ৩০৪ কোটি টকা, যিটো ২০২০-২১ চনত ২৩ হাজাৰ ৩৮৬ টকালৈ বৃদ্ধি পাইছে। ২০২১-২২ চনত এই পৰিসংখ্যা আছিল ২৮ হাজাৰ ৭০২ কোটি টকা। খবৰ অনুসৰি ৰে’লৱেই ভাৰতীয় ৰে’ল বিত্ত নিগমৰ পৰা ৰোলিং ষ্টক সম্পত্তি ক্ৰয় আৰু অন্যান্য প্ৰকল্প নিৰ্মাণৰ বাবে আৰ্থিক সহায় লৈছে।

কোৱা হৈছে যে ২০২২-২৩ চনতো ৰে’লৱে'ই ঋণৰ পৰা সকাহ পোৱা নাই যদিও এই সংখ্যা ৩৪ হাজাৰ ১৮৯ কোটিলৈ বৃদ্ধি পাইছে৷ এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে, ‘আমি বহু বৃহৎ প্ৰকল্প আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে কাম কৰি আছো। একে সময়তে ৰে’লৱেই ঋণ হ্ৰাস কৰিবলৈ আভ্যন্তৰীণ সেৱাৰ পৰা ৰাজহ আহৰণৰ উপায়ো বিচাৰিছে। তেতিয়া বিত্ত মন্ত্ৰালয়ে ৰে'লৱেক' ৭৯ হাজাৰ ৩৯৮ কোটি টকাৰ ঋণ দিছিল। ইয়াত ৰে'লৱে'ই কয় যে এই ঋণ পৰিশোধৰ প্ৰক্ৰিয়া ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হ’ব। বিশেষ কথাটো হ’ল ৰে’লৱে'ৰ বহু ডাঙৰ প্রকল্পও একেলগে চলি আছে৷''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস