--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বৰেলীত কানৱাৰ যাত্ৰাৰ সময়ত কানৱাৰীয়াৰ ওপৰত লাঠীচালনাৰ কিছু সময়ৰ পাছতে বদলি হয় এছ এছ পি প্ৰভাকৰ চৌধুৰীক। একাংশ লোকে দাবী কৰিছিল যে কানৱৰীয়াসকলক লাঠীচালনাৰ পাছতহে প্ৰভাকৰক বদলি কৰা হয়৷ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে প্ৰভাকৰ চৌধুৰীক প্ৰশংসা কৰিছিল আৰু বদলি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল যদিও এতিয়া চৰকাৰৰ এই মনোভাৱত প্ৰভাকৰ চৌধুৰীৰ পিতৃ অতিশয় ক্ষুব্ধ হৈ পৰিছে।


আই পি এছ বিষয়া প্ৰভাকৰ চৌধুৰী আম্বেদকাৰ নগৰ জিলাৰ হান্সৱাৰ থানাৰ অন্তৰ্গত মাহমুদপুৰ গাঁৱৰ বাসিন্দা। প্ৰভাকৰৰ প্ৰাথমিক শিক্ষা শিশু মন্দিৰ বিদ্যালয় বাস্কাৰীৰ পৰা আৰু ইন্দাইপুৰ ইণ্টাৰ কলেজৰ পৰা হয়।পৰৱৰ্তী সময়ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি ২০১০ চনত প্ৰথম প্ৰয়াসতে প্ৰভাকৰ আই পি এছ হয়।খবৰ অনুসৰি প্ৰভাকৰ চৌধুৰীৰ পিতৃ পৰশনাথ চৌধুৰী শিক্ষক আছিল আৰু এতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিছে। প্ৰায় চল্লিশ বছৰ ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ লগত জড়িত হৈ আছে। অৱশ্যে এতিয়া তেওঁৰ পুত্ৰৰ অবিৰত বদলিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। 


তেওঁ কৈছে যে এতিয়া তেওঁ নিজৰ অঞ্চলত বিজেপিক জয়ী হ’বলৈ নিদিয়ে, এতিয়া তেওঁ বিজেপিৰ বিৰোধিতা কৰিব। বাৰেলী কাণ্ডৰ সন্দৰ্ভত পৰশনাথ চৌধুৰীয়েও ক’লে যে যিজন বিষয়াক পুৰস্কৃত হ’ব লাগিছিল তেওঁক আঁতৰাই দিয়া হ’ল৷ প্ৰভাকৰৰ সততাৰ বাবেই তেওঁ অবিৰতভাৱে বদলি হৈ আছে। প্ৰভাকৰৰ দেউতাকে কয় যে এতিয়া প্ৰভাকৰৰ বদলিৰ অভ্যাস হৈছে।ইয়াৰ বাহিৰেও এবছৰতকৈ অধিক সময় ক’তো চাকৰি কৰা নাই। প্ৰায়বোৰ জিলাতে তেওঁলোকে মাত্ৰ ছয়-সাত মাহহে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰভাকৰ চৌধাৰীক ১৩ বছৰীয়া সেৱাত ২১ বাৰ বদলি হোৱাৰ বিপৰীতে যোৱা আঠ বছৰত তেওঁক ১৮ বাৰ এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰা হৈছে৷কোৱা হয় যে প্ৰভাকৰ চৌধুৰীয়ে নেতাৰ কথা নুশুনে, সেই কাৰণেই তেওঁক সোনকালে বদলি কৰা হয় ৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস