--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বৰেলীত কানৱাৰ যাত্ৰাৰ সময়ত কানৱাৰীয়াৰ ওপৰত লাঠীচালনাৰ কিছু সময়ৰ পাছতে বদলি হয় এছ এছ পি প্ৰভাকৰ চৌধুৰীক। একাংশ লোকে দাবী কৰিছিল যে কানৱৰীয়াসকলক লাঠীচালনাৰ পাছতহে প্ৰভাকৰক বদলি কৰা হয়৷ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে প্ৰভাকৰ চৌধুৰীক প্ৰশংসা কৰিছিল আৰু বদলি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল যদিও এতিয়া চৰকাৰৰ এই মনোভাৱত প্ৰভাকৰ চৌধুৰীৰ পিতৃ অতিশয় ক্ষুব্ধ হৈ পৰিছে।


আই পি এছ বিষয়া প্ৰভাকৰ চৌধুৰী আম্বেদকাৰ নগৰ জিলাৰ হান্সৱাৰ থানাৰ অন্তৰ্গত মাহমুদপুৰ গাঁৱৰ বাসিন্দা। প্ৰভাকৰৰ প্ৰাথমিক শিক্ষা শিশু মন্দিৰ বিদ্যালয় বাস্কাৰীৰ পৰা আৰু ইন্দাইপুৰ ইণ্টাৰ কলেজৰ পৰা হয়।পৰৱৰ্তী সময়ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি ২০১০ চনত প্ৰথম প্ৰয়াসতে প্ৰভাকৰ আই পি এছ হয়।খবৰ অনুসৰি প্ৰভাকৰ চৌধুৰীৰ পিতৃ পৰশনাথ চৌধুৰী শিক্ষক আছিল আৰু এতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিছে। প্ৰায় চল্লিশ বছৰ ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ লগত জড়িত হৈ আছে। অৱশ্যে এতিয়া তেওঁৰ পুত্ৰৰ অবিৰত বদলিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। 


তেওঁ কৈছে যে এতিয়া তেওঁ নিজৰ অঞ্চলত বিজেপিক জয়ী হ’বলৈ নিদিয়ে, এতিয়া তেওঁ বিজেপিৰ বিৰোধিতা কৰিব। বাৰেলী কাণ্ডৰ সন্দৰ্ভত পৰশনাথ চৌধুৰীয়েও ক’লে যে যিজন বিষয়াক পুৰস্কৃত হ’ব লাগিছিল তেওঁক আঁতৰাই দিয়া হ’ল৷ প্ৰভাকৰৰ সততাৰ বাবেই তেওঁ অবিৰতভাৱে বদলি হৈ আছে। প্ৰভাকৰৰ দেউতাকে কয় যে এতিয়া প্ৰভাকৰৰ বদলিৰ অভ্যাস হৈছে।ইয়াৰ বাহিৰেও এবছৰতকৈ অধিক সময় ক’তো চাকৰি কৰা নাই। প্ৰায়বোৰ জিলাতে তেওঁলোকে মাত্ৰ ছয়-সাত মাহহে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰভাকৰ চৌধাৰীক ১৩ বছৰীয়া সেৱাত ২১ বাৰ বদলি হোৱাৰ বিপৰীতে যোৱা আঠ বছৰত তেওঁক ১৮ বাৰ এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰা হৈছে৷কোৱা হয় যে প্ৰভাকৰ চৌধুৰীয়ে নেতাৰ কথা নুশুনে, সেই কাৰণেই তেওঁক সোনকালে বদলি কৰা হয় ৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা