--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাব চৰকাৰে ৰাজ্যখনৰ ঋণত আৱদ্ধ কৃষকসকলৰ বাবে কেন্দ্ৰৰ পৰা বিচাৰিছে বিশেষ বিত্তীয় সাহায্য৷ আম আদমী পাৰ্টীয়ে আজি কয় যে পঞ্জাব চৰকাৰে কৃষকসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰিবলৈ আৰু শস্যৰ বৈচিত্ৰ্যকৰণৰ প্ৰচাৰ কৰিবলৈ কেন্দ্ৰৰ পৰা এক বিশেষ বিত্তীয় পেকেজ বিচাৰিছে।

আপৰ মুখ্য মুখপাত্ৰ মালবিন্দৰ সিং কাঙে কৈছিল যে ৰাজ্যৰ কৃষিমন্ত্ৰী কুলদীপ সিং ধালিৱালে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ সৈতে বিশেষ পেকেজৰ দাবী উত্থাপন কৰিছিল।

ধালিৱালে বাংগালুৰুত ৰাজ্যসমূহৰ কৃষি আৰু উদ্যান শস্য মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ কৰে৷ এই পেকেজটোৱে কৃষকসকলৰ বিত্তীয় সমস্যা সমাধান কৰাৰ লগতে শস্যৰ বৈচিত্ৰ্যকৰণত উদগনি দিব বুলি কাঙে মন্তব্য কৰে৷ আপ নেতাজনে লগতে কয় যে বৈঠকত ধালিৱালে সীমান্ত অঞ্চলৰ কৃষকসকলৰ বাবে প্ৰতি বছৰে ১৫,০০০ টকাৰ ক্ষতিপূৰণ দাবী কৰে যাতে তেওঁলোকৰ কষ্ট লাঘৱ হয়।

তেওঁ কৈছিল যে সীমান্ত অঞ্চলৰ কৃষকসকলে কেৱল পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰতহে তেওঁলোকৰ শস্যৰ প্ৰতি মনোযোগ দিব পাৰে। পঞ্জাব এখন কৃষিভিত্তিক ৰাজ্য আৰু ইয়াৰ অৰ্থনীতি কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰ কৰে বুলি কাঙে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে পঞ্জাবে দেশক খাদ্য যোগান ধৰি আহিছে আৰু এতিয়া ৰাজ্যৰ কৃষকসকলক ঋণৰ বোজাৰ পৰা মুক্তি দিবলৈ আৰ্থিক সহায় কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ