--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাব চৰকাৰে ৰাজ্যখনৰ ঋণত আৱদ্ধ কৃষকসকলৰ বাবে কেন্দ্ৰৰ পৰা বিচাৰিছে বিশেষ বিত্তীয় সাহায্য৷ আম আদমী পাৰ্টীয়ে আজি কয় যে পঞ্জাব চৰকাৰে কৃষকসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰিবলৈ আৰু শস্যৰ বৈচিত্ৰ্যকৰণৰ প্ৰচাৰ কৰিবলৈ কেন্দ্ৰৰ পৰা এক বিশেষ বিত্তীয় পেকেজ বিচাৰিছে।

আপৰ মুখ্য মুখপাত্ৰ মালবিন্দৰ সিং কাঙে কৈছিল যে ৰাজ্যৰ কৃষিমন্ত্ৰী কুলদীপ সিং ধালিৱালে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ সৈতে বিশেষ পেকেজৰ দাবী উত্থাপন কৰিছিল।

ধালিৱালে বাংগালুৰুত ৰাজ্যসমূহৰ কৃষি আৰু উদ্যান শস্য মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ কৰে৷ এই পেকেজটোৱে কৃষকসকলৰ বিত্তীয় সমস্যা সমাধান কৰাৰ লগতে শস্যৰ বৈচিত্ৰ্যকৰণত উদগনি দিব বুলি কাঙে মন্তব্য কৰে৷ আপ নেতাজনে লগতে কয় যে বৈঠকত ধালিৱালে সীমান্ত অঞ্চলৰ কৃষকসকলৰ বাবে প্ৰতি বছৰে ১৫,০০০ টকাৰ ক্ষতিপূৰণ দাবী কৰে যাতে তেওঁলোকৰ কষ্ট লাঘৱ হয়।

তেওঁ কৈছিল যে সীমান্ত অঞ্চলৰ কৃষকসকলে কেৱল পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰতহে তেওঁলোকৰ শস্যৰ প্ৰতি মনোযোগ দিব পাৰে। পঞ্জাব এখন কৃষিভিত্তিক ৰাজ্য আৰু ইয়াৰ অৰ্থনীতি কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰ কৰে বুলি কাঙে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে পঞ্জাবে দেশক খাদ্য যোগান ধৰি আহিছে আৰু এতিয়া ৰাজ্যৰ কৃষকসকলক ঋণৰ বোজাৰ পৰা মুক্তি দিবলৈ আৰ্থিক সহায় কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে