--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বিশ্বৰ প্ৰায় সকলো নিউজ চেনেল, বাতৰি কাকতৰ শিৰোনামত থকা এটা নাম হ’ল ঋষি সুনক। ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰিছে ৪২ বছৰীয়া ঋষি সুনকে। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি সুনকৰ পত্নী অক্ষতা মূৰ্তিৰ সন্দৰ্ভতো চলিছে চৰ্চা। সুনক দম্পতীক লৈ সকলো কৌতুহলী হৈ পৰিছে। এই দুজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে জনসাধাৰণ।
Akshata Murty: Who is Rishi Sunak's wife? - BBC News
২০০৬ চনত এমবিএ পঢ়িবলৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়লৈ গৈছিল ঋষি সুনাক। তাতেই তেওঁ ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতাক লগ পায় আৰু দুয়োৰে মাজত বন্ধুত্ব হয়। এই বন্ধুত্বই লাহে-লাহে প্ৰেমৰ ৰূপ লয়। এই প্ৰেমক দুয়ো বিবাহৰ ৰূপ দিয়ে। ঋষি-অক্ষতাৰ আছে দুগৰাকী কন্যা সন্তান আছে– অনুষ্কা আৰু কৃষ্ণা।

অৰ্থনীতিৰ লগতে ঋষিৰ পত্নী অক্ষতাই ফৰাচী ভাষা অধ্যয়ন কৰিছিল। ফেশ্বন ডিজাইনিং বিষয়তো তেওঁৰ ডিপ্ল’মা আছে। ইনফ’ছিছৰ শ্বেয়াৰৰ মালিক অক্ষতা যথেষ্ট ধনী। কিন্তু সাম্প্ৰতিক সময়ত তেওঁৰ এই সম্পদে স্বামী ঋষিৰ বাবে ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ঋষি আৰু অক্ষতাই প্ৰথমবাৰৰ বাবে আমেৰিকাৰ এখন কফি শ্বপত লগ পাইছিল। ইয়াৰ পিছত দুয়োৰে বন্ধুত্ব হ’ল। পাছলৈ সেই সম্পৰ্ক প্ৰেমলৈ পৰিণত হ’ল। তিনি বছৰৰ পাছত দুয়োৰে বিয়া হৈছিল।
Who is Rishi Sunak's wife Akshata Murthy? | Daily Mail Online
ইফালে কন্যাৰ সৈতে ঋষিৰ প্ৰেম সম্পৰ্কৰ কথা জানিব পাৰি প্ৰথমতে সুখী হ’ব পৰা নাছিল নাৰায়ণ মূৰ্তি। অৱশ্যে ঋষিক লগ পোৱাৰ পাছত নাৰায়ণ মূৰ্তিৰ মনোভাৱ সলনি হৈছিল।

উল্লেখ্য যে ঋষি সুনকে আগতে চাউথমপটনৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ৱেটাৰ হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু নিজৰ অধ্যৱসায়ৰ বলত ঋষি খুব কম বয়সতে কোটিপতি হৈ পৰিছিল।

ইফালে ঋষি যদিও ভাৰতীয় মূলৰ, তথাপিও তেওঁৰ পিতৃ-মাতৃ ভাৰতৰ পৰা ব্ৰিটেইনলৈ গুচি যোৱা নাছিল। তেওঁৰ পিতৃ যশবীৰ আৰু মাতৃ উষা ষাঠিৰ দশকত পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ গৈছিল। ঋষিৰ শিপা অৱশ্যে পাঞ্জাৱৰ গুজৰাণৱালাত আছে। যিটো এতিয়া পাক পঞ্জাৱৰ অধীনত আছে। কিন্তু ১৯৩০ চনত সাম্প্ৰদায়িক দাঙ্গাৰ বাবে তেওঁৰ পূৰ্বপুৰুষসকল পূব আফ্ৰিকালৈ প্ৰব্ৰজন কৰিছিল।
Rishi Sunak family: who is ex-Chancellor's wife Akshata Murty? |  NationalWorld
শেহতীয়াকৈ সকলোৱে ঋষি সুনকৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ সকলো উৎসুক হৈ পৰিছে আৰু গুগলত ছাৰ্চ কৰা আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ