--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বিশ্বৰ প্ৰায় সকলো নিউজ চেনেল, বাতৰি কাকতৰ শিৰোনামত থকা এটা নাম হ’ল ঋষি সুনক। ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰিছে ৪২ বছৰীয়া ঋষি সুনকে। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি সুনকৰ পত্নী অক্ষতা মূৰ্তিৰ সন্দৰ্ভতো চলিছে চৰ্চা। সুনক দম্পতীক লৈ সকলো কৌতুহলী হৈ পৰিছে। এই দুজন ব্যক্তিৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে জনসাধাৰণ।
Akshata Murty: Who is Rishi Sunak's wife? - BBC News
২০০৬ চনত এমবিএ পঢ়িবলৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়লৈ গৈছিল ঋষি সুনাক। তাতেই তেওঁ ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতাক লগ পায় আৰু দুয়োৰে মাজত বন্ধুত্ব হয়। এই বন্ধুত্বই লাহে-লাহে প্ৰেমৰ ৰূপ লয়। এই প্ৰেমক দুয়ো বিবাহৰ ৰূপ দিয়ে। ঋষি-অক্ষতাৰ আছে দুগৰাকী কন্যা সন্তান আছে– অনুষ্কা আৰু কৃষ্ণা।

অৰ্থনীতিৰ লগতে ঋষিৰ পত্নী অক্ষতাই ফৰাচী ভাষা অধ্যয়ন কৰিছিল। ফেশ্বন ডিজাইনিং বিষয়তো তেওঁৰ ডিপ্ল’মা আছে। ইনফ’ছিছৰ শ্বেয়াৰৰ মালিক অক্ষতা যথেষ্ট ধনী। কিন্তু সাম্প্ৰতিক সময়ত তেওঁৰ এই সম্পদে স্বামী ঋষিৰ বাবে ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ঋষি আৰু অক্ষতাই প্ৰথমবাৰৰ বাবে আমেৰিকাৰ এখন কফি শ্বপত লগ পাইছিল। ইয়াৰ পিছত দুয়োৰে বন্ধুত্ব হ’ল। পাছলৈ সেই সম্পৰ্ক প্ৰেমলৈ পৰিণত হ’ল। তিনি বছৰৰ পাছত দুয়োৰে বিয়া হৈছিল।
Who is Rishi Sunak's wife Akshata Murthy? | Daily Mail Online
ইফালে কন্যাৰ সৈতে ঋষিৰ প্ৰেম সম্পৰ্কৰ কথা জানিব পাৰি প্ৰথমতে সুখী হ’ব পৰা নাছিল নাৰায়ণ মূৰ্তি। অৱশ্যে ঋষিক লগ পোৱাৰ পাছত নাৰায়ণ মূৰ্তিৰ মনোভাৱ সলনি হৈছিল।

উল্লেখ্য যে ঋষি সুনকে আগতে চাউথমপটনৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ৱেটাৰ হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু নিজৰ অধ্যৱসায়ৰ বলত ঋষি খুব কম বয়সতে কোটিপতি হৈ পৰিছিল।

ইফালে ঋষি যদিও ভাৰতীয় মূলৰ, তথাপিও তেওঁৰ পিতৃ-মাতৃ ভাৰতৰ পৰা ব্ৰিটেইনলৈ গুচি যোৱা নাছিল। তেওঁৰ পিতৃ যশবীৰ আৰু মাতৃ উষা ষাঠিৰ দশকত পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ গৈছিল। ঋষিৰ শিপা অৱশ্যে পাঞ্জাৱৰ গুজৰাণৱালাত আছে। যিটো এতিয়া পাক পঞ্জাৱৰ অধীনত আছে। কিন্তু ১৯৩০ চনত সাম্প্ৰদায়িক দাঙ্গাৰ বাবে তেওঁৰ পূৰ্বপুৰুষসকল পূব আফ্ৰিকালৈ প্ৰব্ৰজন কৰিছিল।
Rishi Sunak family: who is ex-Chancellor's wife Akshata Murty? |  NationalWorld
শেহতীয়াকৈ সকলোৱে ঋষি সুনকৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ সকলো উৎসুক হৈ পৰিছে আৰু গুগলত ছাৰ্চ কৰা আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স