--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক অৰিজিত সিঙে কেৱল গীতৰ জৰিয়তে নহয়, সমগ্ৰ দেশতে নিজৰ চৰিত্ৰৰ বাবেও যথেষ্ট প্ৰশংসা লাভ কৰিবলৈে সক্ষম হৈছে। অৰিজিত সিং বৰ্তমান ভাৰতৰ অন্যতম শীৰ্ষ গায়ক। তেওঁৰ খ্যাতি সকলোতে বিয়পি পৰিছে। ইমান ডাঙৰ তাৰকা হোৱাৰ পিছতো তেওঁ ডাউন টু আৰ্থ। 

অৰিজিতে উপাৰ্জনৰ ডাঙৰ অংশ সমাজ কল্যাণৰ বাবে ব্যয় কৰে। তেওঁৰ গৃহ চহৰ জিয়াগাঞ্জত এখন ডাঙৰ স্কুল আৰু হস্পিতাল নিৰ্মাণ কৰিব বিচাৰিছে। তাৰ সমান্তৰালকৈ তেওঁ সাধাৰণ ৰাইজে যাতে কম খৰচতে ৰেস্তোৰাঁত খাব পাৰে তাৰ প্ৰতিও চকু ৰাখিছে। অৰিজিতৰ পৰিয়ালে জিয়াগঞ্জৰ মাজমজিয়াত এখন সস্তীয়া ৰেস্তোৰাঁ খুলিছে।
অরিজিৎ সিংয়ের 'হেঁশেল'! গানের সঙ্গে রেস্তোরাঁতে মন গায়কের! দারুণ সস্তা  খাবার! বিশেষ ভিডিও | Arijit Singh Viral Video arijit singh running his  fathers restaurant heshel l18 pb ...
সাধাৰণতে ষ্টাৰ ৰেস্তোৰাঁ বা হোটেলত খাদ্যৰ দাম আকাশলংঘী হয়। সাধাৰণ মানুহে ইয়াৰ ওচৰলৈও আহিব নোৱাৰে। কলকাতাত এনে বহু ষ্টাৰ ৰেষ্টুৰেণ্ট আছে য’ত খাদ্যৰ দাম যথেষ্ট বেছি। কিন্তু অৰিজিতৰ হোটেলত খাদ্যৰ দাম জানি আপুনি থতমত খাব। তাত সাধাৰণতকৈ বহু কম দামত সম্পূৰ্ণ খাদ্য পোৱা যায়।

জিয়াগাঞ্জৰ মাজমজিয়াত অৱস্থিত এই ৰেস্তোৰাঁখন অৰিজিতৰ পৰিয়ালে পৰিচালনা কৰে। তেওঁৰ পিতৃ কক্কৰ সিঙে এই ৰেস্তোৰাঁখন পৰিচালনা কৰি আছে। অৰিজিতৰ ৰেস্তোৰাঁখনৰ নাম ‘হেঁশেল’। সাধাৰণ মানুহৰ লগতে ইয়াত বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ফুড ব্লগাৰে ভিৰ কৰেহি। এই ৰেস্তোৰাঁখনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে।
Arijit Singh`s Restaurant
পুৱা ১১ বজাৰ পৰা নিশা ১০.০০ বজালৈ ইয়াত গ্ৰাহকৰ ভিৰ লাগি থাকে। টাউনত থাকিলে অৰিজিত নিজেই আহে ৰেস্তোৰাঁখন চম্ভালিবলৈ। গতিকে বহুতে এই হোটেলখনলৈ আহে নিজৰ প্ৰিয় গায়কজনক ওচৰৰ পৰা চাবলৈ। এই ৰেস্তোৰাঁখনত ২৯ জন কৰ্মচাৰী আছে। 

অৰিজিতৰ ৰেষ্টুৰেণ্টত খাদ্যৰ দাম ৰাজধানী চহৰ মুৰ্ছিদাবাদ বাহাৰমপুৰৰ ৰেস্তোৰাঁতকৈ কেইবাগুণো কম। বাহাৰমপুৰৰ ৰেষ্টুৰেণ্টত, য’ত ১০০ৰ পৰা ১২০ টকাত বাটাৰ ব্ৰেড পোৱা যায়, সেই খাদ্য অৰিজিতৰ ৰেস্তোৰাঁত মাত্ৰ ৫০ টকাতে পাব। দাম কম যদিও খাদ্যৰ মানদণ্ড অতি উত্তম। এই পৰিষ্কাৰ আৰু জিলিকি থকা দুমহলীয়া ৰেস্তোৰাঁখনৰ খাদ্যই নিজৰ দাম আৰু সোৱাদেৰে খাদ্যপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ