--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক অৰিজিত সিঙে কেৱল গীতৰ জৰিয়তে নহয়, সমগ্ৰ দেশতে নিজৰ চৰিত্ৰৰ বাবেও যথেষ্ট প্ৰশংসা লাভ কৰিবলৈে সক্ষম হৈছে। অৰিজিত সিং বৰ্তমান ভাৰতৰ অন্যতম শীৰ্ষ গায়ক। তেওঁৰ খ্যাতি সকলোতে বিয়পি পৰিছে। ইমান ডাঙৰ তাৰকা হোৱাৰ পিছতো তেওঁ ডাউন টু আৰ্থ। 

অৰিজিতে উপাৰ্জনৰ ডাঙৰ অংশ সমাজ কল্যাণৰ বাবে ব্যয় কৰে। তেওঁৰ গৃহ চহৰ জিয়াগাঞ্জত এখন ডাঙৰ স্কুল আৰু হস্পিতাল নিৰ্মাণ কৰিব বিচাৰিছে। তাৰ সমান্তৰালকৈ তেওঁ সাধাৰণ ৰাইজে যাতে কম খৰচতে ৰেস্তোৰাঁত খাব পাৰে তাৰ প্ৰতিও চকু ৰাখিছে। অৰিজিতৰ পৰিয়ালে জিয়াগঞ্জৰ মাজমজিয়াত এখন সস্তীয়া ৰেস্তোৰাঁ খুলিছে।
অরিজিৎ সিংয়ের 'হেঁশেল'! গানের সঙ্গে রেস্তোরাঁতে মন গায়কের! দারুণ সস্তা  খাবার! বিশেষ ভিডিও | Arijit Singh Viral Video arijit singh running his  fathers restaurant heshel l18 pb ...
সাধাৰণতে ষ্টাৰ ৰেস্তোৰাঁ বা হোটেলত খাদ্যৰ দাম আকাশলংঘী হয়। সাধাৰণ মানুহে ইয়াৰ ওচৰলৈও আহিব নোৱাৰে। কলকাতাত এনে বহু ষ্টাৰ ৰেষ্টুৰেণ্ট আছে য’ত খাদ্যৰ দাম যথেষ্ট বেছি। কিন্তু অৰিজিতৰ হোটেলত খাদ্যৰ দাম জানি আপুনি থতমত খাব। তাত সাধাৰণতকৈ বহু কম দামত সম্পূৰ্ণ খাদ্য পোৱা যায়।

জিয়াগাঞ্জৰ মাজমজিয়াত অৱস্থিত এই ৰেস্তোৰাঁখন অৰিজিতৰ পৰিয়ালে পৰিচালনা কৰে। তেওঁৰ পিতৃ কক্কৰ সিঙে এই ৰেস্তোৰাঁখন পৰিচালনা কৰি আছে। অৰিজিতৰ ৰেস্তোৰাঁখনৰ নাম ‘হেঁশেল’। সাধাৰণ মানুহৰ লগতে ইয়াত বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ফুড ব্লগাৰে ভিৰ কৰেহি। এই ৰেস্তোৰাঁখনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে।
Arijit Singh`s Restaurant
পুৱা ১১ বজাৰ পৰা নিশা ১০.০০ বজালৈ ইয়াত গ্ৰাহকৰ ভিৰ লাগি থাকে। টাউনত থাকিলে অৰিজিত নিজেই আহে ৰেস্তোৰাঁখন চম্ভালিবলৈ। গতিকে বহুতে এই হোটেলখনলৈ আহে নিজৰ প্ৰিয় গায়কজনক ওচৰৰ পৰা চাবলৈ। এই ৰেস্তোৰাঁখনত ২৯ জন কৰ্মচাৰী আছে। 

অৰিজিতৰ ৰেষ্টুৰেণ্টত খাদ্যৰ দাম ৰাজধানী চহৰ মুৰ্ছিদাবাদ বাহাৰমপুৰৰ ৰেস্তোৰাঁতকৈ কেইবাগুণো কম। বাহাৰমপুৰৰ ৰেষ্টুৰেণ্টত, য’ত ১০০ৰ পৰা ১২০ টকাত বাটাৰ ব্ৰেড পোৱা যায়, সেই খাদ্য অৰিজিতৰ ৰেস্তোৰাঁত মাত্ৰ ৫০ টকাতে পাব। দাম কম যদিও খাদ্যৰ মানদণ্ড অতি উত্তম। এই পৰিষ্কাৰ আৰু জিলিকি থকা দুমহলীয়া ৰেস্তোৰাঁখনৰ খাদ্যই নিজৰ দাম আৰু সোৱাদেৰে খাদ্যপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস