--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাজু হৈছে ভাৰতৰ নতুন সংসদ ভৱন। আশা কৰা হৈছে যে চলিত মাহৰ শেষৰ ফালে নতুনকৈ নিৰ্মিত সংসদ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত নতুন সংসদ ভৱন উদ্বোধন কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত নতুন সংসদ ভৱন উদ্বোধন কৰিব। নতুন সংসদ ভৱনৰ অসামৰিক গাঁথনি পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ হৈছে। চেন্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মিত এই ভৱনটো প্ৰধানমন্ত্ৰীৰ সপোনৰ প্ৰকল্প। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়। দেশৰ নতুন সংসদ ভৱন নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ’ল, কিমান খৰচ হ’ল আৰু এই ভৱনৰ কি কি বৈশিষ্ট্য আছে সেইবিষয়ে চাওঁ আহক৷

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে দেশৰ সংসদ ভৱন নিৰ্মাণৰ আৰম্ভণি আমাৰ গণতান্ত্ৰিক পৰম্পৰাৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায়। ২০২১ চনৰ ১৫ জানুৱাৰীৰ পৰা ত্ৰিকোণীয় আকৃতিৰ সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ হয়। এই ভৱনটোত দেশৰ গণতান্ত্ৰিক ঐতিহ্য, ডাইনিং এৰিয়া আৰু প্ৰচুৰ পাৰ্কিংৰ সৈতে এটা গ্ৰেণ্ড কনষ্টিটিউচন হলও নিৰ্মাণ কৰা হৈছে।

আনুমানিক ৯৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন সংসদখন ২৬ মে’ত উদ্বোধন কৰিবলৈ ওলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। সূত্ৰসমূহে জনোৱা মতে, চলিত বৰ্ষৰ শেষৰ ফালে এই নতুন ভৱনটোত জি-২০ দেশসমূহৰ সংসদৰ অধ্যক্ষৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই।

নতুন সংসদত বহু আধুনিক, হাই-টেক আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে মাৰ্শ্বাল আৰু কৰ্মচাৰীৰ বাবে নতুন পোছাক থাকিব। এক প্ৰতিবেদন অনুসৰি এই নতুন ইউনিফৰ্ম ডিজাইন কৰিছে নিফ্টে। ইয়াৰ সমান্তৰালকৈ ইয়াত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। চাৰি মহলীয়া সংসদ ভৱনত মুঠ ১২২৪ গৰাকী সাংসদক বহিবৰ বাবে ব্যৱস্থা কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ